বেটুপাত

বেটুপাত

Saturday, 13 January 2018

দুখেৰে পাতনি জীৱনৰ

'নাগাৰা নাম' শব্দটোত লুকাই আছে এক অনুভৱ। সৰুৰেপৰাই আমাৰ ঘৰখনত আছিল এক সুকীয়া পৰিবেশ। সৰু-ডাঙৰ সকলোৱেই নাগাৰা নাম বুলিলেই বলিয়া। নাগাৰা নামত ব্যৱহৃত বাদ্যযন্ত্ৰ নাগাৰা-তাল বজোৱা, বৰদেউতা-খুড়া-দেউতাহঁতক দেখি আমি সৰুবোৰো আকৰ্ষিত হৈছিলোঁ। নাগাৰা নামৰ কেছেটেৰে ভৰি আছিল আমাৰ ঘৰ। নাম শুনা-গোৱাটো আজৰি সময়ৰ কাম আছিল। পাঠকৰ মুখে মুখে আমিও চিঞৰি চিঞৰি গাইছিলোঁ।
নাগাৰা নামৰ লগত চিনাকি হৈছিল অসমৰ এগৰাকী নাগাৰা নামৰ সাধক সন্মানীয় ৰামচৰণ ভঁৰালীদেৱৰ কণ্ঠেৰে। এক বিশেষ আকৰ্ষণ জাগিছিল এই কণ্ঠৰ প্ৰতি। সেই আকৰ্ষণেই টানি লৈ গৈছিল জাৰ-জহকো নেওচি তেখেতৰ অনুষ্ঠান উপভোগ কৰিবলৈ।
সেই বিশেষ আকৰ্ষণীয় কণ্ঠৰ গৰাকীৰ লগতেই বন্ধুত্বৰ সম্পৰ্ক স্থাপন ' ফেইচবুকৰ জৰিয়তে। এগৰাকী সুন্দৰ মনৰ ব্যক্তি। তেখেতৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰা মোৰ এটা অনুৰোধতে তেখেতে যুগুতাই দিছিল তেওঁৰ বিষয়ে বিভিন্নজনে কাকত-আলোচনীত লিখা কিছু কথা।
সেই কথাবোৰকে আপোনাসবৰ ওচৰত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আশাকৰোঁ সকলোৱে পঢ়ি তেখেতৰ বিষয়ে কিছু কথা জানিবলৈ সক্ষম 'ব।

''নাগাৰা নামৰ যাদুকৰ ৰামচৰণ ভঁৰালী আৰু তেখেতৰ জীৱনৰ বিষয়ে কিছু আলোকপাত।"
এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালত ১৯৩৩ চনত জন্ম লাভ কৰা ৰামচৰণ ভঁৰালীৰ আদিছোৱা আছিল পংকিলতৰে ভৰা৷ ঘাত-প্ৰতিঘাতেৰে মোকাবিলা কৰি জীৱনৰ পথত খোজ দিছিল তেওঁ৷ বিশেষকৈ জীৱন সম্পৰ্কে ধাৰণা নুপজোঁতেই ১৫ বছৰ বয়সত পিতৃ-মাতৃ আৰু ভনীয়েকক চিৰদিনৰ বাবে হেৰুৱায়৷ বেদনাৰে ভাৰাক্ৰান্ত জীৱনটোক এক অন্য দৃষ্টিৰে চাবলৈ বাধ্য হৈছিল কিশোৰ ৰামচৰণ ভঁৰালী৷ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতে বছৰ বয়সত ৰামচৰণ মাতৃহাৰা হোৱাৰ মৰ্মান্তিক বেদনা সহিবলগীয়া হয়৷ মাতৃ বিয়োগৰ পিছত মাহীমাকৰ অকৃত্ৰিম লালন-পালনত ডাঙৰ-দীঘল হয়৷ কিন্তু তাৰে দুবছৰ পিছতে দ্বিতীয়গৰাকী ভনীয়েক বীণা ভঁৰালীৰ আকস্মিক মৃত্যুৱে তেখেতৰ অন্তৰলৈ পুনৰ বেদনাৰ অশ্ৰু নমাই আনে৷ ভনীয়েক বীণা ভঁৰালীৰ পুষ্পিতা হোৱাৰ দিনাই মৃত্যুক সাৱটি লোৱা ঘটনাটোৱে আজিও ব্যথিত কৰি তোলে তেওঁক৷ ইয়াৰ পিছতো দুখে-সংগ এৰা নাছিল৷ জাগাৰা হাইস্কুলত অষ্টম শ্ৰেণীৰ ছাত্ৰ তেতিয়া৷ তেওঁৰ বয়স ১৫ বছৰ৷ সেই বছৰতে তেখেতৰ পিতৃ ললিত ভঁৰালী পৰলোকগামী হয়৷ মাত্ৰ টা বছৰৰ ভিতৰতে তিনিজনকৈ আপোন মানুহক হেৰুওৱাৰ বেদনাই ভাৰাক্ৰান্ত কৰি তুলিছিল তেখেতক৷ ইফালে পিতৃৰ মৃত্যুৰ পিছত যৌথ পৰয়িালটোলৈ ভয়াৱহ দুৰ্যোগ নামি আহে৷ পিতৃ অবিহনে গুৰিয়ালবিহীন নাৱৰ দৰে হৈ পৰে দুৰ্ভগীয়া পৰিয়ালটি৷ একমাত্ৰ উপাৰ্জনকাৰী পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালটোৰ ভৰণ-পোষণৰ ক্ষেত্ৰত সাংঘাতিক সমস্যাই দেখা দিয়ে৷ এনে দুঃচিন্তাই কিশোৰ ৰামচৰণকো আহুকালত পেলাইছিল৷ উপায়ন্তৰ হৈ পৰিয়ালটোৱে খোৱা-লোৱাৰ বাবে মাটি বিক্ৰী কৰিবলৈ আৰম্ভ কৰে৷ প্ৰায় ২৫/৩০ বিঘা মাটিৰ ওঠৰবিঘামান মাটিৰ প্ৰতি বিঘাত ২০০/৩০০ মূল্যত বিক্ৰী কৰি সৰ্বস্বান্ত হৈছিল৷ এটা সময়ত ধনৰ অভাৱত পৰিয়ে তেখেতে দশম শ্ৰেণীতেই শিক্ষা জীৱনৰ সামৰণি মাৰিছিল৷

*যাত্ৰা পাৰ্টিত খোজ:-

   ইতিমধ্যে পিতৃৰ বিয়োগৰ পিছত পৰিয়ালটোত আৰ্থিক দৈন্যই দেখা দিছিল৷ আৰ্থিক দৈন্যত ভুগি ৰামচৰণে দশম শ্ৰেণীতেই পঢ়াৰ যৱনিকা পেলায়৷ এক দোদুল্যমান অৱস্থাতে  'বলোৱাৰ প্ৰগতি সংঘ' যাত্ৰা পাৰ্টিৰ সৈতে এক সম্পৰ্ক গঢ়ি তুলিছিল৷ অভিনেতা মহানন্দ শৰ্মা, কামিনী শৰ্মা, বসন্ত শৰ্মা, ৰমণী মোহন ডেকা, চন্দ্ৰ ডেকা অভিনিত বলোৱাৰ এই যাত্ৰা পাৰ্টিটো সেইসময়ত বিখ্যাত আছিল বুলিয়ে ' পাৰি৷ ৰামচৰণৰ মাজত কলাসুলভ গুণ বিচাৰি পাই তেওঁলোকৰ যাত্ৰা পাৰ্টিত সুমুৱাই লোৱাৰ প্ৰস্তাৱ আগবঢ়ায়৷ ৰামচৰণে সুৱৰ্ণ সুযোগ বুলি বিবেচনা কৰি পৰিয়ালৰ হকা-বাধা একো নামানি সেইবছৰেই অৰ্থাৱ ১৯৫২ চনত বলোৱা প্ৰগতি যাত্ৰা পাৰ্টিত যোগ দি যাত্ৰা অভিনয়ত খোজ পেলায়৷ ১৯৫২ চনৰ পৰা ১৯৬৩ চনলৈ মুঠ ১১ টা যাত্ৰাপাৰ্টিত তেওঁ অভিনয় কৰিছিল।

 *শিল্প, কৰ্মক্ষেত্ৰ আৰু শিল্পকৰ্মৰাজিৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ:–

ইংৰাজী ১৯৬৪ চনত নাগাৰা নামৰ দল এটি গঠন কৰি তেখেতে নাগাৰা শিল্পী (পাঠক) হিচাপে নাগাৰা নামত মনোনিৱেশ কৰে আৰু আজি পৰ্যন্ত নাগাৰা নাম পৰিৱেশন কৰি আছে। উল্লেখ থাকে যে সমগ্ৰ অসমতে নাগাৰা নাম পৰিৱেশন কৰাৰ উপৰিও অৰুণাচল প্ৰদেশ আৰু দিল্লীতো তেখেতে নাগাৰা নাম পৰিৱেশন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ১৯৭৯ চনত অসম আন্দোলনৰ পটভূমিত ৰচিত আন্দোলনৰ শ্লোগানধৰ্মী নাম এটি পৰিৱেশন কৰি গোটেই অসমতে শ্ৰোতা-দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে পূৰ্বাঞ্চলীয় লোক পৰিষদৰ অধ্যক্ষ নিবাৰণ বৰাৰ জীৱন আৰু কৰ্মৰ ওপৰত এটি নাগাৰা নাম পৰিৱেশন কৰি ভূয়সী প্ৰসংসা লাভ কৰিছিল। ইংৰাজী ১৯৯১ চনৰ পৰা ২০১০ চনলৈ অসমৰ শ্ৰোতা-দৰ্শকলৈ তেওঁ অডিঅকেছেট ৮৫ খন আৰু ভিডিঅকেছেট ৩০ খন উপহাৰ দিয়াৰ উপৰিও খন নাগাৰা নামৰ কিতাপ উপহাৰ দিছে।
১৯৭৯ চনৰ পৰা অসমত চলা বিদেশী বহিষ্কাৰ আন্দোলনৰ ঘোৰ সমৰ্থক আছিল নাগাৰা নামৰ শিল্পী ৰামচৰণ ভঁৰালী৷ ছাত্ৰসন্থাৰ নেতৃত্বত চলা এই আন্দোলনত যোগ দি ৰামচৰণ ভঁৰালীয়ে এই আন্দোলনটোৰ উদ্দেশ্যৰ পটভূমিত ৰচিত নামটো সেই সময়ত বৰ জনপ্ৰিয় হৈ উঠিছিল৷ তেওঁৰ ভাষাত মোৰ এই নামটোৱে সৰ্বাধিক দিন ধৰি একেৰাহে পাঁচ-ছবছৰ অসমৰ বিভিন্ন ঠাইত পৰিৱেশন কৰিছোঁ৷ ইয়াৰ আগত বা পিছত মোৰ কোনো নাম ইমান জনপ্ৰিয় হোৱা নাছিল৷ এই নামটো দৰাচলতে আন্দোলনৰ শ্লোগানহে আছিল বুলি ' পাৰি, যাৰ বাবে বিভিন্ন ঠাইত নাম পৰিৱেশন কৰি থকাৰ সময়ত আৰক্ষী আহি নাম বন্ধ কৰি দিছিল৷ আন্দোলনৰ ভৰপক সময়তে এই নামটো পৰিৱেশন কৰি থকাৰ সময়তে কেইবাহাজাৰ শ্ৰোতা-দৰ্শকে 'ছাত্ৰ আন্দেলন জিন্দাবাদ' ধ্বনি দি আকাশ-বতাহ মুখৰিত কৰি তুলিছিল৷
     ১৯৮০ চনত ৰামচৰণ ভঁৰালীক আৰক্ষীয়ে ঘৰৰ পৰা ধৰি নি মাৰ-পিট কৰি পিছত এৰি দিছিল৷ আৰক্ষীৰ দ্বাৰা অপদস্ত-নিৰ্যাতিত হোৱাত ৰামচৰণ ভঁৰালীৰ মনক আৰু অধিক জেদী কৰি তুলিছিল৷ আন্দোলনৰ সমৰ্থক হোৱাৰ বাবেই চৰকাৰী নিৰ্যাতনৰ  সন্মুখীন হোৱা ৰামচৰণ ভঁৰালীয়ে আন্দোলনৰ পৰিসমাপ্তি নোহোৱা পৰ্যন্ত নিজৰ দাঢ়ি-চুলি নকটাৰ প্ৰতিজ্ঞা কৰে৷ দীঘল দাঢ়ি আৰু চুলিকোছাৰে পাঠক ৰামচৰণ ভঁৰালী এক অন্য ৰূপেৰে অসমবাসীৰ মাজত পৰিচিত হৈ পৰিল৷ ১৯৮৫ চনৰ ১৫ আগষ্টত চুক্তি অনুসাৰে এই আন্দোলনৰ যৱনিকা পৰাৰ পিছদিনা তেখেতে দাঢ়ি আৰু চুলি পৰিপাটিকৈ কাটিছিল৷ কিন্তু তেওঁ সেই বেশেৰে নাগাৰা নাম পৰিৱেশন কৰিবলৈ যোৱাত দৰ্শকে পূৰ্বৰ দীঘল দাঢ়ি-চুলিৰে দেখাৰ হাবিয়াস কৰাত পুনৰ তেওঁ দাঢ়ি-চুলি ৰখাৰ সিদ্ধান্ত লয় আৰু তেতিয়াৰ পৰাই আজি কেইবাবছৰো ধৰি ৰামচৰণ ভঁৰালীয়ে দাঢ়ি-চুলি কটা নাই৷

*চৰকাৰী স্বীকৃতি নাগাৰা নামক:-

নাগাৰা নাম লোক-সংস্কৃতিৰ অংগ হোৱাৰ পিছতো তেওঁ কৃষ্টিবিধক জাউতিযুগীয়া কৰি ৰখাৰ বাবে যিখিনি ত্যাগ স্বীকাৰ কৰিছে, আন কোনেও কৰা নাছিল বুলিয়ে ' পাৰি৷ চৰকাৰীভাৱেও এলাগি এই কৃষ্টবিধ৷ অসমৰ লোক-সংস্কৃতিৰ কেইবাজনো শিল্পীক চৰকাৰী শিল্পী-পেঞ্চন প্ৰদান কৰি অহা হৈছে যদিও নাগাৰা নামৰ শিল্পীক এনে পেঞ্চন দিয়া হোৱা নাছিল৷ নাগাৰা নামেৰে অসম বিখ্যাত হোৱা ৰামচৰণ ভঁৰালী়য়ে শিল্পী-পেঞ্চনৰ বাবে কেইবাবাৰো আৱেদন কৰি বিমুখ 'বলগীয়া হৈছিল৷ ভঁৰালীয়ে ১৯৯৪ চনত এককালীন চৰকাৰী সাহায্য লাভ কৰে আৰু ১৯৯৮ চনত নাগাৰা নামে পোনপ্ৰথমবাৰৰ বাবে চৰকাৰী স্বীকৃতি হিচাপে নাগাৰা নামৰ যাদুকৰ ৰামচৰণ ভঁৰালীয়ে শিল্পী-পেঞ্চন পাবলৈ সক্ষম হয়৷

*ৰেডিঅ'-টিভিত ৰামচৰণ ভৰালী:-

নাগাৰা নামেৰে অসমৰ লোক-সংস্কৃতিত বৰপীৰা পাৰি বহিবলৈ সক্ষম হোৱা ৰামচৰণ ভঁৰালীৰ ব্যস্ততাও বহুখিনি বাঢ়িল৷ মাহৰ প্ৰতিটো নিশাই নাগাৰা নাম পৰিৱেশনত ব্যস্ত থকা ৰামচৰণ ভঁৰালীয়ে ১৯৬৮ চনত গুৱাহাটীৰ চান্দমাৰিত নাম পৰিৱেশন কৰিছিল৷ সেইনিশা  চান্দমাৰি স্থিত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অনুস্থান সঞ্চালকগৰাকীয়ে ৰামচৰণ ভঁৰালীৰ নাগাৰা নাম চাই আপ্লুত হয়৷ নাগাৰা নাম পৰিৱেশনৰ অন্তত অনাতাঁৰ কেন্দ্ৰৰ বিষয়াগৰাকীয়ে তেওঁক লগ ধৰি ৰেডিঅ' নাগাৰা নাম পৰিৱেশন কৰাৰ বাবে আমন্ত্ৰণ জনায়৷ সেইবছৰতে তেওঁ ৰেডিঅ'  'মহিসাসুৰ বধ' শীৰ্ষক নাগাৰা নামটো পৰিৱেশন কৰি শ্ৰোতা-ৰাইজৰ মনত খলকনি তুলিছিল৷
     গুৱাহাটী মহানগৰীৰ সকলো সৰু-বৰ অনুস্থানতে ৰামচৰণ ভঁৰালীৰ নাগাৰ নাম পৰিৱেশন নিয়মিত হৈ পৰিছিল৷ গুৱাহাটীবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ মাজত তেখেতৰ  জনপ্ৰিয়তাই তেখেতক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰতো নাগাৰা নাম পৰিৱেশনৰ সুযোগ আনি  দিছিল৷ ১৯৯৬ চনত তেখেতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে 'কৃষ্ণ-অৰ্জুন সংবাদ' শীৰ্ষক নাগাৰা নামটো পৰিৱেশন কৰিছিল৷ টিভিত নাগাৰা নাম পৰিৱেশন কৰোঁতে কেনেকুৱা দেখা গৈছিল সেয়া নিজে উপভোপ কৰিব নোৱাৰিলে, কিয়নো যিদিনা টিভিত তেখেতৰ অনুষ্ঠান সম্প্ৰচাৰ হৈছিল সেইদিনা তেখেত আন 'ৰবাত নাগাৰা নাম পৰিৱেশনত ব্যস্ত আছিল৷ 

*নাগাৰা নামৰ কেছেট:-

নাগাৰা নামেৰে জনপ্ৰিয় হৈ পৰা ৰামচৰণ ভঁৰালীৰ নাগাৰা নামক লৈ এচামে ব্যৱসায় কৰাৰো চেষ্টা কৰে৷ ১৯৮৮ চনৰ কথা- সেই সময়ত কেছেট সম্পৰ্কে কোনো স্পষ্ট ধাৰণা নাছিল নাগাৰা নামৰ যাদুকৰ ৰামচৰণ ভঁৰালীৰ৷ বসন্ত বায়ন নামৰ এজন লোকে এদিন আহি তেখেতৰ লে যে কেছেটত তেওঁ নাম গাব লাগে৷ ইয়াৰ বিনিময়ত তেওঁ একো দিব নালাগে৷ অসমৰ প্ৰতি ঘৰে ঘৰে তেওঁৰ নামে সমাদৰ পাব৷ টকা দিব নালাগে, সোণালী প্ৰস্তাৱ৷ লগে লগে সন্মতি জনালে তেওঁ৷ সেইমতে ৰেকৰ্ডিঙো লক্ষ্মীনাৰায়ণশীৰ্ষত নামটো৷ এই কেছেটখনে ৰামচৰণ ভঁৰালীৰ জনপ্ৰিয়তা আৰু বহুখিনি বঢ়াই দিয়ে৷ অৱশ্যে মাজতে এদিন বসন্ত বায়নে আহি ২০০ টকা দি গৈছিল৷ ইয়াৰ পিছতে ৰামচৰণ ভঁৰালীৰ নাগাৰা নামৰ কেছেট নিৰ্মাণ কৰিবলৈ আগবাঢি় আহে সাংস্কৃতিক ক্ষেত্ৰত জড়িত যুৱক, নলবাৰীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তফজ্জুল হুছেইনে৷ তফজ্জুল হুছেইনৰ গ্ৰীণডন ষ্টুডিঅ ৰামচৰণ ভঁৰালীৰ দ্বিতীয়খন নাগাৰা নামৰ কেছেটচিত্ৰকেতুৰেকৰ্ডিং কৰা হয়৷ এই কেছেটখন অভিলেখ সংখ্যাত বিক্ৰী হয়৷ এই কেছেটখনে তেখেতৰ জনপ্ৰিয়তা আৰু দুগুণে বৃদ্ধি কৰে৷ তেতিয়াৰে পৰা এতিয়ালৈ তেখেতে প্ৰায় চাৰে তিনিকুৰি কেছেটত নাম পৰিৱেশন কৰিছে৷ ইয়াৰ উপৰি শেহতীয়াভাৱে খন নাগাৰা নামৰ ভি. চি. ডি. নিৰ্মাণ হৈ ওলাইছে৷ সেইকেইখন – ‘পদ্মাৰ জন্ম, ‘কলিৰ আগমন, ‘সুনীতিৰ বনবাস, ‘মহিসাসুৰ বধ, ‘নাগেশ্বৰৰ বিয়াআৰুকংসৰ জন্ম

 *ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পোৱা সন্মান:–

) ১৯৯৪ চনত অসম চৰকাৰৰ পৰা এককালীন সাহায্য৷
) ১৯৯৮ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন৷
) ২০০২ চনৰ ১২ ছেপ্তম্বেৰত অসম নাট্য সন্মিলনৰ পৰানাগাৰা সূৰ্যসন্মান প্ৰদান৷
) ২০০৮ চনত পূৰ্বাঞ্চলীয় লোক পৰিষদৰ পৰানিবাৰণ বৰা বঁটা
) ২০০৮ চনৰ ২৬ এপ্ৰিলত অসম সাংস্কৃতিক মহাসভাৰজীৱন জোৰা সংস্কৃতি সাধনা বঁটা
) ২০১০ চনৰ ২৬ মাৰ্চতঅসম নাম সমাৰোহ, শ্ৰী শ্ৰী আউনীআটি সত্ৰত প্ৰতিনিধিত্ব৷
) ২০১০ চনৰ ডিচেম্বৰতঅখিল ভাৰতীয় নাম সমাৰোহ- (নতুন দিল্লী) প্ৰতিনিধিত্ব৷
) ২০১০ চনৰ ১২ ডিচেম্বৰতভাৰতীয় দলিত সাহিত্য একাডেমী- পৰা° আম্বেদকাৰ কলাশ্ৰী বঁটা
)২০১১ চনতজীৱন জোৰা সংস্কৃতি সাধনা বঁটা
১০) ২০১২ চনৰ ২৬ অক্টোবৰৰ পৰা ‘National Folklore Support Centre’ পৰাটাটা ফেলশ্বিপলাভ৷
১১) ২০১৫ চনৰ ৩০ এপ্ৰিলতএনাজৰী বঁটা
১২) ২০১৭ চনৰ ১১ ফেব্ৰুৱাৰীতমোহন তাইৰা বঁটা


দিপিকা ডেকা

No comments:

Post a Comment