বেটুপাত

বেটুপাত

Sunday, 14 January 2018

কাব্যশ্ৰী বৰদলৈক বিচাৰি ফুৰা ল'ৰাটো

     আজি বোলে সি কাব্যশ্ৰী বৰদলৈক দেখিছিল,
     সেইযে গণেশগুৰিৰ পদপথত
      হয়তো ঢাপলি মেলিছিল মনটোৱে
      মনৰ শিকলি টানি ,
      নিজকেই সান্তনা দি ভাবিছিল,
     " সম্বন্ধবোৰ নিচেই ঠুনুকা,
অকল্পনীয় ভাৱে মুখা-মুখী হয়,
ধূসৰ অতীতৰ,
ঘূৰি চাওঁতেই দেখোন
পদপথেৰে সৰকী যায় নতুনত্বৰ সান্নিধ্যত,
এটা স্তব্ধ অতীতৰ
তেজে ধোঁৱা কথা চিত্ৰ।
কোবাই বিৰিঙাই যায়,
স্মৃতি নামৰ এলান্ধু ধৰা
ফাইলটোৰে
কেইটামান বক্র চিত্ৰ...."
       ডাউন টাউন ইউনিভাৰ্চিটিৰ পৰা
শ্ৰদ্ধাঞ্জলি কাননলৈ আজি স্তব্ধ।
      কাব্যশ্ৰী বৰদলৈৰ ওঁঠত
 হাঁহিৰ খলকনি তুলিবলৈ
 আজি নাই সেই প্ৰেমৰ কোঁৱৰ জন।
       হয়তো আছে অন্য কোনোবা ,
যাৰ খোজত খোজ মিলাই ,
কাব্যশ্ৰী বৰদলৈয়ে আজি
তিঘিল ঘিলাব পাৰে,
গুৱাহাটীৰ ব্যস্ত ৰাজপথত।
      পাৰে দীঘলীপুখুৰীৰ পাৰত হাতত হাত থৈ আড্ডা মাৰিব।
       শেষ ভেলেণ্টাইনৰ সেই উপহাৰ,
      আজি হয়তো মনত নাই কাব্যশ্ৰী বৰদলৈৰ।
       মাজত কিছু শূন্যতা ......
.................
       কাব্যশ্ৰী বৰদলৈৰ শেষ উপহাৰ ৰুমাল খনেৰে ,
        বৈ অহা দুধাৰী লোটাক সামৰি,
       আধালেখা সুৰৰ কাহিনীটো সামৰি
তেওঁ যাত্ৰা কৰিছিল শিৱসাগৰ অভিমুখে
      বুকুত সাৱটি কাব্যশ্ৰী বৰদলৈক শেষবাৰৰ বাবে দেখাৰ ,
কিছু কেঁচা সজীৱ স্মৃতি।

কৌস্তুভ কানু বৰা

No comments:

Post a Comment