বেটুপাত

বেটুপাত

Saturday, 13 January 2018

আধৰুৱা কেনভাচত অব্যক্ত ভালপোৱা

এখন আধা অকা ছবি 
এতিয়াও ৰৈ আছে আজিৰ নিশাটোলৈ 
কেনভাছতো তুমিয়েই
অসুখী এহাল কজলা চকু 
আৰু....... 
দিগন্তত আমি অকা এখন ছবি
জীৱনৰ সুখ আৰু দুখৰ 
প্ৰেম আৰু  বিশ্বাসৰ.... 
প্ৰত্যাশা..!  কি আচৰিত 
আজি মই তোমাক বুজি পাইছো
তোমাৰ পোৱা নোপোৱাৰ খবৰ ৰাখিছো
কিন্তু দেৰি হৈ গল..  
বহু দেৰি... 
তুমি গলাগৈ অজস্ৰ খ্যোভ 
ওৰণিৰ তলত লৈ ।।


নীতা মনি শৰ্মা

No comments:

Post a Comment