বেটুপাত

বেটুপাত

Saturday, 13 January 2018

গোলাপজোপা


অজানিতে তুমি মোৰ হৃদয়ত ৰুলা
শব্দহীন আলাপৰ স্নেহময় গোলাপজোপা
বুকুৰ উমাল মৰমেৰে সজীৱ কৰিছোঁ,
জীপাল কৰি ৰাখিছোঁ গোপন স্মৃতিবোৰেৰে
হেঁপাহৰ 'লিবোৰ ফুলিব
কাঁচিয়লিত ৰঙা ৰঙেৰে হিয়া জুৰায়__


সপ্ৰতিভ আবেগৰ অভিনৱ অনুভৱত বন্দী হৃদয়,
ব্যৰ্থ হেপাহৰ বিমৰ্ষতা গোপন মৌনতাত...


মৰহা পাপৰিৰ ডালবোৰ
কুহেলিকাত নিৰৱে নিৰৱে ;
ক্ৰমশ :
কলিজাৰ কোঁহে কোঁহে
বাঢ়ে তাৰ চালুকীয়া শিপা...
বিষাদ নে অনুৰাগৰ গভীৰতা !

         
           
ধীৰাজ জ্যোতি কাশ্যপ

(৮৪৮৬০-৯৪৮১৭)

No comments:

Post a Comment