বেটুপাত

বেটুপাত

Saturday, 13 January 2018

নাঙঠ চহৰ



ব্যস্ততাৰ নগৰীত
চিকণকৈ অহা
স্বল্পবস্ত্ৰা
গাড়ী স্মাৰ্টফোনৰ লাস্যময়তাত
আধুনিকতাৰ প্ৰকাশ
হিৰোইন হিৰোইন লগাকৈ
মুখত প্ৰলেপ ওঠত ৰঙ
নগ্নতাৰ এক বেকা হাঁহি
সিহঁতৰ পাৰ্চবোৰ
পইচাৰ পৃথিৱী
পেকেট বটলৰ সমাহাৰেৰে
উপচ পেটৰ পৃথিৱী

জীৱনৰ কদৰ্যতাৰে পৰিপূৰ্ণ
পিঠিত এটা ডাঙৰ বস্তা
অপৰিস্কাৰ লেতেৰা দুহাতেৰে তাৰ
তুলি ধৰে চহৰৰ আৱৰ্জনা
ফটা চিটা কাপোৰ ডোখৰৰ
কণমানি শৰীৰটোৰ সতে টনা আজোৰা
নাঙঠ ভৰিদুখনে তাৰ
পিটপিটাই ফুৰে
চহৰৰ আৱৰ্জনা
শিক্ষা অধিকাৰ তাৰ বাবে
তলাবন্ধ কোঠা
সিহঁতৰ পাৰ্চ বোৰে
হাহাকাৰ কৰি উঠে
হে চহৰ মোক আৱৰ্জনা দিয়া
পেটৰ ভোক নিবাৰণ কৰিবলৈ

নাং তুলিকা
স্নাতক ষষ্ঠ ষন্মাসিক , ইতিহাস বিভাগ
দেবৰাজ ৰয় কলেজ
গোলাঘাট

No comments:

Post a Comment