বেটুপাত

বেটুপাত

Saturday, 13 January 2018

পৰাধীনতাৰ কবিতা

অন্ধকাৰ গলিৰে পাৰ হৈ অহা
এজাক বেদুইনীৰ বতাহে
আউল লগাই দিয়ে জীৱন,
আৰু জন্ম হয়
পৰাধীনতাৰ এটি এটি জঠৰ কবিতা
ৰাতিৰ অন্ধকাৰ গলিত লহপহকৈ বাঢ়ি
আহ্বান কৰি যায়
অপমৃত্যুৰ বীজমন্ত্র

স্বাধীনতা !!
নে পৰাধীনতা !!

প্রশ্নবোৰে মোক কোঙা কৰে...
মানুহবোৰ মানুহ হৈ আছেনে ?
যিবোৰ মানুহ নহয়
অথচ তেওঁলোকেই শুহি যায়
মোৰ আইৰ বুকুৰ তেজ
উশাহে উশাহে গুজি দিয়ে
কৃষ্ণ সাগৰ ফেনা

আমিবোৰ যেন কোনোবা আদিম যুগৰ মানুহ..
লেকাম লগোৱা নিলাজ ঘোৰা
শোষিত আৰু নির্লজ্জিত
মোৰ দেশৰ স্বাধীনতা

আমি যেন আগুৱাই গৈ আছো
মৃত্যুৰ দেশলৈ,
চেৰেকী পাকত ঘূৰিছে
এবাৰ সৰগ এবাৰ নৰক...

কোন ? কাৰ !
সকলোৰে মনত এটাই বেমাৰ

এতিয়া মাথো সকলোতে মৃত্যুৰ জোৱাৰ
দুঃসময়ে কঁপাই তোলে দেশ
আৰু মোৰ হেঁপাহৰ ৰাতিপুৱা

পুনশ্চঃ
পৰাধীনতাৰ গ্লানি বুকুত বান্ধি
স্বাধীনতাৰ মুখা পিন্ধা মানুহ আমি

ক্রমশঃ
হেৰুৱাইছো আজি শান্তিৰ সেউজ সময়

(বিঃদ্রঃ কালাহান্দিত ৰঙা ৰঙা বালিত গজে বৰ দুষ্প্রাপ্য উদ্ভিদ- কৃষ্ণ সাগৰ ফেনা জুনুকা বজাই ঘূৰি ফুৰা ৰেটল সাপ আহি মৃত্যু বৰণ কৰে ইয়াৰ তলত কৃষ্ণ সাগৰ ফেনা, যাৰ গোন্ধত জঠৰ হৈ পৰিব পাৰে হৃদপিণ্ড)

অৰূপ কুমাৰ বৈশ্য
ফোন নং ৭০০২১৫৯৪৯১
বাইহাটা চাৰিআলি


No comments:

Post a Comment