বেটুপাত

বেটুপাত

Thursday, 14 December 2017

এমুঠি অণুগল্প:

.ফেচবুকত প্ৰেম:

     লৰাজনে সুন্দৰ কবিতা লিখে। প্ৰায় এঘাৰ বছৰৰ আগতে সিহঁতৰ এৰা এৰি হৈছিল ছোৱালীজনীৰ ঘৰে মানি নললে দুখীয়া কবিয়ে কবিতা ৰান্ধি খুৱাব এতিয়া সেই ছোৱালীজনীৰ লৰা দুটা ডাঙৰ হল ।সেয়ে তাইৰ সংসাৰৰ জংজাল অলপ কমাত গিৰিয়েকক কৈ তাই এটা এনড্ৰইত ফোন  ললে। ফেচবুকৰ কবিতা গোটত সোমাই তাই সেই দুখীয়া কবিৰ কবিতা পঢ়ে লাইক কৰে , কমেন্ট দিবলৈ ভয় কৰে তাই জানোচা কবিৰ খং  উঠে এদিন সুন্দৰ কবিতা এটাত আপ্লুত হৈ সাহস গোটাই ছোৱালীজনীয়ে কবিক friend request পঠাব চায় , cancel হৈ যায় following বুলি আহে। সিপিনে কবিয়ে সদায় কবিতা লিখি ফেচবুকৰ কবিতাৰ গোটত দিয়ে আৰু মুহূৰ্তে মুহূৰ্তে notification চায় ইপিনে       ছোৱালীজনীৰ লাইকবোৰে কবিক উৎসাহ দিয়ে দুগুণে তাই কমেন্ট দিলে তাইক ধন্যবাদ দিম বুলি কবি ৰৈ থাকে।


.বিজ্ঞানত প্ৰেম :
         বুঢ়ী আইতাজনীয়ে নাতি বোৱাৰীক বুজালে , " নাকান্দিবি , মোৰ মানুহজন ঢুকাওতে মনৰ মাজতে তেখেত থাকি গল বিজ্ঞান এতিয়া আগবাঢ়ি গৈছে পোনাৰ ফটোবোৰ আৰু  ভিডিঅবোৰ আমি চাম দেই আই। সি দূৰণিত চাকৰি কৰে বুলি ধৰি লম "


.অভ্যাস :
        জুৰিয়ে প্ৰিয় বন্ধুক সদায় দিয়াৰ দৰেই আজিও হোৱাত আপচ আৰু ফেচবুকত সুপ্ৰভাত মেচেজ দিলে ৰিপ্লাই নাহোতে তাইৰ মনত পৰিল যোৱাকালি টি. ভি. বাতৰিত দেখাইছিল , জৰাবাটত বাইক দূৰ্ঘটনাত যুৱকৰ মৃত্যু


পাপৰি বৰ্মন
ওডালগুৰি


No comments:

Post a Comment