বেটুপাত

বেটুপাত

Wednesday, 13 December 2017

তুমি নিয়ৰৰ দৰে গান

নিয়ৰৰ দৰে আলসুৱা
ৰিণি ৰিণি বতাহত ভাঁহি ৰোৱা
তোমাৰ সুধাকণ্ঠ
স্তব্ধ হোৱা বেলা
বুকুৰ নিজানত নিচুকি থকা গানবোৰ
মানুহৰ ওঁঠত বাজিছিল সিদিনা

পৰিব্যাপ্ত অৰ্থঘন এলাগী আখৰৰ মুকুতা মালাৰে
ব্ৰহ্মপুত্ৰ গংগা মিচিচিপি ভল্গা
কাৰ্বি কছাৰী লালুং তিৱা
সবাকে দিলা আপোন সত্বা
মানুহৰ আকূতি হিয়াত সাঁচি
যাযাবৰী জীৱনৰ ৰং সিঁচি সিঁচি
বিশালতাত 'লা বিলীন
তোমাৰ গানে পৃথিৱী জিনিলে
শ্যামলী অসমীক জগতে জানিলে

তোমাৰ শূন্যতাৰ সুৰুঙাৰে
হু হু ধুমুহা দেশত বলিছে
পাৰা যদি আকৌ বৰিষণ কৰা

বিদ্যুৎপুষ্ট  শব্দচয়ন সৰগৰ পৰা


নিৰু দত্ত ( গগৈ )

No comments:

Post a Comment