বেটুপাত

বেটুপাত

Friday, 15 December 2017

মুখ্য সম্পাদকৰ কলমত

আৰু কেইদিনমানৰ পিছতেই ইতিহাস ' এটা বছৰ।
পুৰণি কেলেণ্ডাৰখন হয়তো দলিয়াই দিব বহুতে……সেইখনৰ ঠাইত ওলমাব নতুন বৰ্ষৰ কেলেণ্ডাৰ। আমি নিজেও সাজু হোৱা উচিত নতুনত্বক আদৰি 'বলৈ।
এই বছৰটোত হৈ যোৱা সকলো সুখ-দুখ একাষৰীয়া কৰি চিন্তা কৰিব লাগে জীৱনটো আকৌ এবছৰ নতুনকৈ উদযাপন কৰিবলৈ। হাঁহি-কান্দোনৰ খেলখন আকৌ এবাৰ নতুনকৈ খেলিবলৈ।
প্ৰত্যেক ব্যক্তিৰ এটা নিজস্ব প্ৰতিভা থাকে। কিন্তু সময়ৰ বাধাত পৰি বা কৰ্তব্যৰ তাড়নাত সম্ভৱ হৈ নুঠে সেই প্ৰতিভা বিকাশৰ স্বপ্ন। হয়তো বিগত বছৰবোৰ তেনেদৰেই পাৰ হৈ আহিছে।
আকৌ নতুন বছৰ আহিল, সকলোৱে ক্ষুদ্ৰমান চেষ্টা কৰিব লাগে নিজৰ সুপ্ত প্ৰতিভাটি বিকাশৰ বাবে। অন্য একো নাপালেও মনটিয়ে যথেষ্ট শান্তি পাব। দুগুণ উৎসাহেৰে কৰিব পাৰিব জীৱনৰ বাকী কামবোৰ। মানসিক শান্তি লাভৰ বাবে  কিছু সময় কাম কৰোঁ আহক। জীৱনটো অধিক সুখৰ 'ব।
নতুন বৰ্ষত নতুনত্ব আনো আহকচোন।  খন্তেক সময়ৰ কাৰণে নিজৰ নিজৰ ভাল লগা কামবোৰ কৰোঁ আহক।
শেষত "সুবাস" আলোচনীৰ মুখ্য আলোচনীৰ গুৰু দ্বায়িত্ব পালন কৰোতে মোক সহায় কৰা প্ৰতিজন  ব্যক্তিলৈ অশেষ ধন্যবাদ যাচি আলোচনীখনত ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰি নতুন বছৰটোৱে যাতে সকলোৰ জীৱনলৈ সুখ আৰু শান্তি কঢ়িয়াই আনে তাৰেই কামনাৰে আপোনালোকৰ হাতত তুলি দিলোঁ 'সুবাস'- ডিচেম্বৰ মাহৰ খণ্ডটি।

ধন্যবাদেৰে
দেৱব্ৰত শৰ্মা
মুখ্য সম্পাদক

সুবাস

No comments:

Post a Comment