বেটুপাত

বেটুপাত

Wednesday, 13 December 2017

হেৰুৱা সপোনৰ আঁত বিচাৰি


||||
বিসৰ্জন দিয়াৰ কথাটো নাছিল সপোনবোৰক,
তথাপি বিসৰ্জন দিলো...
নাই,
তোমাৰ, তেওঁৰ বা নিজৰ বাবে নহয়...
মানৱ পৰিস্থিতিৰ দাস,
একমাত্ৰ এই সত্যটিৰ বাবেহে...
||||
সপোন বৰ্জন কৰা ঠাইখনত দেখো
এধানি লাজুকী বনে এঙামূৰি দিয়ে,
নাজানো কিহৰ শাওপাতত
সেয়াও দেখো গা কৰিব নোৱাৰে..
||||
উফ্, অনুভৱবোৰৰ যদি দাম হল হয়,
কোনোজন যদি তাৰ ক্ৰেতা ' হয়,
মন আকাশত শান্তিৰ কপৌজাকে
শুকুলা ডাৱৰৰ সতে
খন্তেক খেলিবলৈ সুযোগ পালে হয়...
||||
কেউদিশে বাজি উঠে, নীল বৰণীয়া
কানাইৰ সোণ সুৰীয়া বাঁহী....
মাজত মই চোৱা
অন্ধকাৰ কোঠাত বন্দী |
কেৱল মইহে পাৰিম মোক
ইয়াৰ পৰা মোকলাবলৈ,
পুনৰ দৌৰিব খোজো
বন হৰিণৰ পাছ লৈ |

স্বপ্নালী শইকীয়া

যোৰহাট মেলেং

No comments:

Post a Comment