বেটুপাত

বেটুপাত

Thursday, 14 December 2017

এলবাৰ্ট ছুইটজাৰ


       
      সেই বিশেষ দুপৰীয়াটো আছিল পশ্চিম আফ্ৰিকাৰ অগো নদীৰ পাৰৰ এক থলুৱা আফ্ৰিকীয় লোকৰ বসতিস্থলত বিশাল অৰণ্যৰাশিৰ মাজেদি এটা সুমধুৰ সুৰ ভাহি আহিছিল সেই সুৰ কোনো স্থানীয় আফ্ৰিকীয় লোকৰ দ্বাৰা সৃষ্ট নাছিল, কিয়নো সেই সুৰটোত নিহিত হৈ আছিল উচ্চ পাশ্চাত্য সভ্যতাৰ স্পৰ্শ যিহেতু সুৰটো পিয়ানোৰ দ্বাৰা সৃষ্টি কৰা হৈছিল৷

    কেনেকৈনো সেই সুমধুৰ বাদ্যযন্ত্ৰৰ সুৰ আফ্ৰিকাৰ অৰণ্যৰ বুকুত সৃষ্টি হৈছিল?এইক্ষেত্ৰত আমি ৰেডিঅ কথাও উল্লেখ কৰিব নোৱাৰো যিহেতু ১৯১৩ চনৰ সেই বিশেষ বছৰটোত ৰেডিঅ আৰ্ৱিভাৱ ঘটা নাছিল; গতিকে এই প্ৰশ্নৰ উত্তৰ বিছাৰিবলৈ লে আমি বহু যুগৰ পাছলৈ উভটি যাব লাগিব৷

   ৮০ দশকৰ শেষাৰ্দ্ধত গাঞ্চবেচ্ছ (Gunsbach) আলছাটেইন (Alsatain) নামৰ এখন গাৱঁত সৰু এলবাৰ্ট ছুইটজাৰ (Albert Schweitzer) নামৰ ৰাজনে তেওঁৰ প্ৰটেষ্টান গীৰ্জাৰ ধৰ্মযাজক পিতৃৰ লগত বসবাস কৰিছিল৷ সৰুৰে পৰা তেওঁ অতি আলসুৱা অন্তৰৰ আছিল আৰু মানুহ তথা অন্য জীৱ-জন্তুৰ যান্ত্ৰনা সহিব নোৱাৰিছিল এবাৰ সৰুতে তেওঁ জন মানুহে এটা ঘোঁৰাক চাবুকেৰে কোবাই কোবাই বধ্যভূমিলৈ লৈ যোৱা দেখি বহু দিনলৈকৈ সেইটো ঘটনা পাহৰিব পৰা নাছিল৷

  যেতিয়া তেওঁ নবছৰীয়া আছিল তেতিয়া তেওঁ পিতৃৰ গীৰ্জাঘৰত থকা অৰ্গেন নামৰ বাদ্যবিধ বজোৱাৰ অনুশীলন কৰিছিল প্ৰাথমিক অৱস্থাত তেওঁ উক্ত বাদ্যবিধত কিছুমান সৰু সৰু সুৰৰহে সৃষ্টি কৰিবলৈ সক্ষম হৈছিল যদিও পাছলৈ কঠোৰ অনুশীলনৰ ফলত অতি কম দিনৰ ভিতৰত তেওঁ এই বাদ্যবিধ বজোৱাত পাৰ্গত হৈ উঠিছিল

   ১৯৮৯ চনত তেওঁক সেই সময়ৰ বিখ্যাত অৰ্গেনবাদক মিষ্টাৰ উইদৰ(Widor) লগ কৰিবলৈ পৰিয়ালৰ লোকে পেৰিছলৈ পঠিয়াইছিল পেৰিছত মিষ্টাৰ উইদৰক লগ ধৰাৰ পাছত এলবাৰ্টে তেওঁক নিজে সৃষ্টি কৰা কেইটামান সংগীতৰ সুৰ বজাই শুনাইছিল; লগতে তেওঁ উইদৰে শোধাত নিজৰ জন্মস্থান গাঞ্চবেচ্ছ (Gunsbach) Mulhouse শিকাৰ কথা জনাইছিল আৰু লগতে তেওঁ এলবাৰ্ট (Albert) সংগীতক কেতিয়াও অৱমাননা নকৰিবলৈ পৰামৰ্শ দিছিল

  চৰকাৰৰ ফালৰ পোৱা এটা সৰু শিক্ষা বৃত্তিৰ যোগেদি এলবাৰ্ট (Albert) য়ে আলছেছ(Alsace) ষ্ট্ৰাছবোৰ্গ(Strusburg) বিশ্ববিদ্যালয়ত ধৰ্মশিক্ষা অধ্যয়ন কৰাৰ সুবিধা লাভ কৰিছিল যিহেতু প্ৰথমাৱস্থাত তেওঁ পিতৃৰ দৰেই ধৰ্মযাজক বিছাৰিছিল পৰৱৰ্তী ক্ৰমে পেৰিছ আৰু বাৰ্লিনতো শিক্ষা গ্ৰহণৰ পাছত তেওঁ নিজৰ আগৰ শিক্ষালোৱা ষ্ট্ৰাছবোৰ্গ বিশ্ববিদ্যালয়লৈ অধ্যাপকৰূপে ঘূৰি আহে৷

                                     (আগলৈ)

মূল কাহিনী:- ইংৰাজী

অনুবাদ:-গৌৰৱ শইকীয়া

No comments:

Post a Comment