বেটুপাত

বেটুপাত

Thursday, 14 December 2017

অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ শোচনীয় পৰিবেশে


অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ শোচনীয় পৰিবেশে অসম বাসীলৈ তীব্ৰ অৱসাদ নমাই আনিছে   
   দিনে ৰাতিয়ে অৱিবত ভাৱে সপোন ৰচা আমি নৱপ্ৰজন্ম সকল স্বাভাৱিকতে উদ্বিগ্ন আমাৰ চালুকিয়া মনে ভৱিষ্যতৰ ফালে ঢাপলি মেলে এক আকাঙ্খিত পোহৰ বিচাৰি ঢাপলি মেলে বিশ্বৰ দেশ মহাদেশৰ বোৰৰ সৌন্দৰ্য্য উপভোগ কৰি জীৱনটোক আগুৱাই নিয়াৰ সঠিক জ্ঞান লাভ কৰিবলৈ পৃথিৱী বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান সমূহৰ ভিতৰতো অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমুহতো সংৰক্ষিত ডাঙৰ সৰু জীৱ জন্তু বিলাক চাই বিমল আনন্দ লাভ কৰিব পাৰি কিন্তু আমাৰ এই অলীক কল্পনা বিলাক অলিক হৈ থাকিবনে ? কোনোবা কাহিনী বাস্তৱলৈ ৰূপান্তৰিত হব সেই কথা দুৰদৰ্শনৰ পৰ্দাত সংবাদ মাধ্যমৰ যোগেদি দেখিবলৈ পাইছো যে ২০০৮ চনৰ পৰা ২০১২ চনলৈ এই চাৰিটা বছৰৰ ভিতৰত অসমৰ ৰাষ্ট্ৰীয় উদ্যানত ২০ হাজাৰ জীৱ জন্তুৰ বিলুপ্তি ঘটিছে যদি এই তথ্য সচা হয় তেনেহলে অসমৰ ৰাষ্ট্ৰীয় উদ্যান মৰুভূমিত পৰিণত হবলৈ বেছি দিনৰ প্ৰয়োজন নহব তেন্তে ইয়াৰ কাৰণ কি ? আমি নাজানোঁ জানিবলৈ কিন্তু প্ৰবল ইচ্ছা জাগি উঠে বাস্তৱিকতে আমি এটা কথা অনুভৱ কৰিছো যে, শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দিয়াটোৱে প্ৰতিপন্ন কৰে অথাৎ আমাৰ অতি হেঁপাহৰ ৰাষ্ট্ৰীয় উদ্যান খনত আমাৰ থলুৱা অসমীয়া কৰ্মচাৰীত কৈ বিদেশী , বাংলাদেশীয় কৰ্মচাৰী সংখ্যা তাতোধিক বেছি আমাৰ ভাৰতবৰ্ষত বাহিৰত এটা গঁড়ৰ মূল্য দুগুণ বেছি আমাৰ ৰাজ্য চৰকাৰৰ প্ৰশাসনিক ব্যৱস্থা ক্ৰতিপূৰ্ণ তথা শিথিল হোৱাৰ বাবে বিদেশী চোৰাংচিকাৰী উদ্যানত প্ৰৱেশ কৰি আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক আপুৰুগীয়া সম্পদ গঁড় দিনক দিনে হৰলোকি হব ধৰিছে পৃথিৱীৰ অন্য ৰাষ্ট্ৰীয় উদ্যানৰ তুলনাত অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ সংখ্যা শূণ্য বুলি কব পৰা হল সেয়েহে এই ক্ষেত্ৰত অসমৰ জন জাগৰণৰ একান্ত প্ৰয়োজনীয়তা আহি পৰিছে অসম বাসী যদি সজাগ নহয় অসমৰ জাতিয়ে অস্তিত্ব সমূলি লোপ পাব এই কথা ধ্রুৱ সত্য , এশগুণেই সত্য

লেখক :-পৰাশ শইকীয়া
ঠিকনা:-গহপুৰ(ডুবিয়া)

ফোন :7896521444

No comments:

Post a Comment