বেটুপাত

বেটুপাত

Wednesday, 13 December 2017

ধাৰাপাত

শিলৰ বুকুত দুবৰি গজিল
ক্ৰমশ: আৰম্ভ ' লুঙলুঙীয়া পথেদি অৰণ্যমুখী যাত্ৰ
যাৰ শেষ এখন নৈ আৰু জুয়ে পোৰা শতিকাৰ বান্ধ।
আকাশৰ নীলাখিনি চাই জী উঠা কলিজাৰ মানুহজন
সেউজীয়া অৰণ্যখনত হেৰাই থৈ আহিল কলিজা আৰু এযোৰ ধোৱাবৰণীয়া পোছাক
' মানুহজনৰ দূবৰিডৰাৰ ৰঙখিনি ঠন ধৰি উঠিছিল
বেলি মূৰত লৈ
বেলি আৰু বতাহৰ যুঁজখনত বতাহ হাৰি বেলিক জীবলৈ শিকোৱা ধাৰাপাত
খদ্দৰৰ জেপত চটফটাই আছে
আহ সতীৰ্থ! আমিও জী তোলো শিলত দূবৰি
তাৰ পিচত উদ্ধাৰ কৰোঁ ধাৰাপাতৰ অমৰ হোৱাৰ মন্ত্ৰ!!

মিন্টুল হাজৰিকা


No comments:

Post a Comment