বেটুপাত

বেটুপাত

Wednesday, 13 December 2017

সত্যমেয় জয়তে


এটা অৰ্থহীন কবিতা এটাই
মোক   কুৰুকি কুৰুকি খাই
গধুলি 'লেই চৰাই বোৰ
জাক পাতি বাঁহলৈ যায়
পথাৰ পৰা উভতি অহা
গৰুৰ ধুলিত হেনো
কবিয়ে কবিতাৰ অৰ্থ সলাই
একুৰিয়ামত সাতুৰি সাতুৰি ভাগৰি পৰি
আহাৰ লৈ বাট চায়
একুৰিয়ামৰ নিলা মাছ,
সময়ৰ সোঁতত সলনি হয়
পাতৰ সেউজীয়া বৰণ
সত্য বোৰ অপ্ৰিয় হলেও
সত্য বোৰ  সদায় সত্যয়
পোহৰত হে আন্ধাৰ বোৰ লুকাই
উল্কা নহলেও চন্দ্ৰ

পৃথিৱীৰ আন্ধাৰ আঁতৰাই ।।


দিগন্ত কলিতা

No comments:

Post a Comment