বেটুপাত

বেটুপাত

Thursday, 14 December 2017

সম্পাদকীয়

শীত!
      কুঁৱলীৰ আস্বাদনে সামৰি লোৱা আঘোণ আৰু পুহ অসমীয়া গাঁৱলীয়া চহা জনজীৱনৰ আটাইতকৈ উৎসৱমুখৰ সময়। কেউফালে কেৱল ব্যস্ততা।সততে এনে দিনবোৰত গাঁৱৰ ঘৰবোৰতকৈ পথাৰত বেছি মানুহ।  মা, জেতুকী পেহী, আজলী খুৰীহঁতে পথাৰত ৰবাব টেঙাৰে মহলা মাৰে, কলপাতত লাইশাক আৰু পুৰামাছৰ পিটিকাৰে বান্ধি নিয়া ভাতৰ টোপোলাটোৰ কথা নকলে আধৰুৱা হৈ ৰব পথাৰৰ জুতি
       সৰুতে লেচেৰী বুটলি পোৱা ধানবোৰ বিক্ৰি কৰি মিঠাই খোৱাৰ আনন্দয়ে সুকীয়া আছিল। আৰু দিনটো পথাৰত ঘূৰি ফুৰি  ধানৰ পাতে কাটি দমলা কৰা ভৰি দুখন  সন্ধিয়া ধুবলৈ থেৰো গেৰু কৰোঁতে মাৰ চিটিপনিৰ কথা নকলে কেনেকৈ পূৰ্ণ হব পথাৰ পুৰাণ ! ধান কটোতে আৰু ডাঙৰি কঢ়িয়াওতে হোৱা সেই চিনাকি শব্দটো আৰু শৈশৱৰ লগৰী নৰা পেঁপাৰ সুৰ !
       ক্ৰমাৎ শীত বাঢ়ি আহে। স্কুলৰ পৰীক্ষাবোৰো শেষ হয়। অপেক্ষাৰ অন্ত পৰে এতিয়া এমাহ নিজৰ ইচ্ছামতে খেলা ধূলাৰ দিনবোৰ পায়হি। সন্ধিয়া আৰম্ভ হয় জুহালৰ পৰ্ব। চুবুৰীৰ দুই চাৰিজন ককা একেলগে গোট খাই জুহালৰ কাষত বহে, পঢ়াৰ পৰা মুক্তি পায় আমিও শাৰী পুৰাওহি খৰাহিত গোটাই লোৱা অসমীয়া ফুল আলু পুৰি খাই খাই  শুনি যাওঁ ককাহঁতে মাজুলীত ধৰা বৰালি মাছ, চাহ বাগানত দেখা গাখীৰ যেন বগা চাহাব,প্ৰথম মটৰ গাড়ীত উঠাৰ অভিজ্ঞতা,৫০ চনৰ ভূমিকম্পৰ কাহিনী ইত্যাদি ইত্যাদি আজি যান্ত্রিকতাৰ মাজত খেপিয়াই ফুৰো সৰুতে একেখন কম্বলৰ তলতে ককাৰ সৈতে -৭টাকৈ নাতিনি বিছনাত উঠি ৰাজকুঁৱৰী, পৰী আৰু কত যে কি সাধু শুনা, আৰু ককা আইতাৰ গাৰ পৰা ওলোৱা সেই ধোঁৱা মিশ্ৰিত মিঠা মিঠা গোন্ধটো!
      সেইবোৰো এতিয়া সাধু!
      ইংৰাজী  বৰ্ষটোৰ অন্তিম মাহ পোৱা নোপোৱাৰ খতিয়ান যোগোটোৱাৰ মাহ।  আগতেই স্থিৰ কৰা লক্ষ্য বোৰৰ বাকছবোৰ খুচৰি চোৱাৰ সময়।পোৱা বোৰক আঁকোৱালি নোপোৱা বোৰক আজুৰি অনাৰ সংকল্প লোৱাৰ সময়।উখোৰা মুখোৰা জীৱন বাটত বহুতো হেৰুৱাই ভাগি পৰো যদিও নতুনকৈ আগমন ঘটাবোৰক স্বাগতম জনোৱাৰ সময়।
             বিগত বৰ্ষত আমি কেইবাটিও উজ্জ্বল নক্ষত্ৰ হেৰুৱালোঁ।তাৰে ভিতৰত বলীউদৰ শশী কাপুৰ আৰু অসমীয়া ছবি জগতৰ সিংহ, সুদৰ্শন অভিনেতা বিজু ফুকন। দুয়োগৰাকী পুৰোধা ব্যক্তিলৈ সম্পাদকীয় মেজৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ "হে মহান, যতেই আছা কুশলে থাকা"
          পুনঃ, ডিচেম্বৰত পুৰণি বছৰক বিদায় দিয়াৰ মুহূৰ্তত সকলোৱে মিলি বনভোজ খোৱাৰ বাবে চাগৈ সকলো সাজু হৈছে। সদৌতিলৈ অনুৰোধ বনভোজ খালেও যাতে আমি বনভোজৰ ঠাই সমূহ নিজেই চাফা চিকুণ কৰো। কাৰণ সেই ঠাই বোৰলৈ আমি এদিনৰ বাবে যাওঁ আৰু আমাৰ এদিনৰ আনন্দৰ বাবে যাতে প্ৰকৃতিৰ কোনো হানি নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো জানো আমাৰে কৰ্তব্য নহয়আনন্দ কৰক কিন্তু আপোনাৰ আনন্দ যাতে আনৰ বিষাদৰ কাৰণ নহওক।
          সকলোলৈ শীতৰ উমাল শুভেচ্ছাৰে


কাজল প্ৰিয়া
সম্পাদক

No comments:

Post a Comment