বেটুপাত

বেটুপাত

Thursday, 14 December 2017

অন্তিম চিঠি

পূজনীয়,
            আই-বোপাই

          তঁহতলৈ বুলি এইয়ে হয়তো মোৰ প্ৰথম আৰু অন্তিম খন চিঠি পাৰিলে মোক ক্ষমা কৰি দিবি জন্মৰে পৰা আজিলৈকে বহুত দুখ দিলো তঁহতক সেয়ে আজি মই মোৰ সিদ্ধান্ত লৈ পেলালো এই বিনন্দীয়া পৃথিৱীৰ মোহ এৰি চিৰদিনৰ বাবে মই অজান্তিমূলোক লৈ যাত্ৰাৰ প্ৰস্তুতি চলাইছো তঁহতিতো জানয়ে টোপনি মোৰ প্ৰিয় সেয়ে আজি চিৰ নিদ্ৰাত শুব খুজিছো মোক নজগাবি আই, কাবৌ কৰিছো তঁহতক আজিৰ পৰাটো মোৰ টোপনিত ব্যাঘাত নজন্মাবি তঁহতৰ সপোনবোৰ মই পূৰণ কৰিব নোৱাৰিলো, তাৰ বাবে ক্ষমা কৰিবি মই সদায় তঁহতে দেখি সপোনবোৰেই খেদি ফুৰিছিলো, তঁহতক সুখী কৰিবলৈ তথাপিও তঁহতে কিয় নুবুজিলি, মোৰো যে মন যায় এখন মুক্ত আকাশৰ তলত ডেউকা মেলি উৰিবলৈ!!! কিন্তু তঁহতে মোক ডেউকায়ে যে বান্ধি ৰাখিছ

          সৰুৰে পৰাই পৰীক্ষাৰ নম্বৰকেইটাৰ পাছত দৌৰ দি আজি মই ভাগৰুৱা আই মোক অলপ জিৰণিৰ প্ৰয়োজন জিৰাব দে মোক বোপাই , তই যদি মোৰ মনটো এবাৰ পঢ়িলিহেতেন!!! তেতিয়া মই ভাগৰি নপৰিলো হয় মানিছো তঁহতি মোক কেতিয়াও টকা-পইচাৰ অভাৱত পৰিবলৈ দিয়া নাছিলি মই যি বিচাৰিছিলো সকলো দিছিলি মোক তঁহতে কিন্তু তাৰ পাছতো এদিন লেও তঁহতে জানো মোক অলপ সময় আৰু মৰম দিছিলি??? তঁহতেতো নিজক লৈ য়ে ব্যস্ত আছিলি

          আজি মোৰ পৰীক্ষা আনদিনাতকৈ বেয়া হোৱা বুলি কওঁতে মোক বহুত কথায়েই শুনালি তথাপিও মই সকলো সহ্য কৰিছিলো আনদিনাৰ দৰেই কেৱল পৰীক্ষাৰ নম্বৰ কেইটাই যে জীৱনৰ গতি-পথ নিৰ্ণয় কৰিব নোৱাৰে তাক তঁহতে কিয় বুজিবলৈ চেষ্টা নকৰ বাৰু কেইটামান নম্বৰৰ বাবেই মোৰ হাঁহি-ধেমালিৰ ৰংবোৰ কিয় বাৰে বাৰে ম্লান কৰ বাৰু??? মইয়ো অলপ ৰঙ সানি নাচিব খুজো তথাপিও মই সহ্য কৰি যাঁও সকলো, কেৱল তঁহতৰ অন্তৰত আঘাত নিদিও বুলি

          বোপাই , আনৰ লগত তুলনা কৰি কথা লে মই বহুত বেয়াপাঁও জান কিন্তু তঁহতে সদায় তাকে কৰিছিলি আনৰ লগত সমানি খোজ মিলাবলৈ মোৰ বাবে তঁহতি বহুত টকা-পইচা খৰছ কৰিছিলি এইবোৰ মই অকণমানো ভালপোৱা নাছিলো টকা-পইচা দিছিলি বুলিয়ে, মইতো মোৰ সামৰ্থৰ বাহিৰত একোয়ে কৰিব নোৱাৰো তঁহতে কিয় নুবুজিলি বাৰু??? ক্ষন্তেক সময়ৰ বাবে মোক যদি তঁহতে এবাৰ বুজিবলৈ চেষ্টা কৰিলিহেঁতেন মোক এবাৰ বুজি পোৱা লে তঁহতেই চাগৈ পৃথিৱীৰ আটাইতকৈ সুখী পিতৃ-মাতৃ হলিহেতেন, কিন্তু কোনেও যে মোক নুবুজিলি

          মোৰ উশাহবোৰ চোন লাহে লাহে চুটি হৈ আহিছে আই আজি তোৰ কোলাত মূৰ থৈ এবাৰ শুবলৈ মোৰ বৰকৈ মন গৈছে এনে লাগিছে যেন তোৰ কোলাত মূৰটো থৈ মই ---
গান এটি গোৱা না মা
  হাত বুলাই দিয়া না মা......”
কিন্তু তই যে মোৰ কাষত নাই মোৰ বৰকৈ টোপনি ধৰিছে, মোক শুবলৈ দে জীৱনত আৰু কেতিয়াও নজগাবি মোক শেষ বাৰলৈ তঁহতক এটা অনুৰোধ কৰিছো --- ভাইটিক মোৰ দৰে বলৈ যাতে নিদিয় তাক সঁচা অৰ্থত মানুহ বলৈ শিকাবি মোৰ দৰে পৰীক্ষাৰ নম্বৰৰ পাছত তাক দৌৰিবলৈ নিদিবি নহলে কেতিয়াবা সিও মোৰ দৰেই তঁহতৰ পৰা আঁতৰি যাব পাৰিলে মোক ক্ষমা কৰি দিবি

                              ইতি
                তঁহতক সুখী কৰিব নোৱাৰা এজন দূৰ্ভগীয়া পুত্ৰ



ৰিম্পী গগৈ

জগন্নাথ বৰুৱা মহাবিদ্যালয়

No comments:

Post a Comment