বেটুপাত

বেটুপাত

Thursday, 14 December 2017

সময় আৰু মই

তোমাৰ লগত চিনাকী হোৱা আজি বহু বছৰেই পাৰ , এটি দুটিকৈ সাতোটি বছৰ পাখি লগা কাড়ঁৰ দৰে উৰি সময় কাৰো বাবে ৰৈ নাথাকে; চিৰন্তন সত্য কিন্তু সেই অতীতৰ সময়বোৰৰ স্মৃতি হৃদয়ৰ প্ৰতিটো কোণত সজীৱ হৈ থাকে, জানো অসত্য? তোমাৰ লগত পাৰ কৰা অতীতৰ সেই মধুৰ ক্ষণৰ স্মৃতিয়ে মোক বৰকৈ আমনি কৰে, দুচকুৱেদি বোৱাই অশ্ৰুৰ বিষাদ নদী

মনত আছে এতিয়াও মোৰ সেই ৰোমান্টিক ক্ষণ, যেতিয়া জানুৱাৰী মাহৰ বিদ্যালয় সপ্তাহত প্ৰথম মুখামুখী হৈছিলো তোমাৰ আঃ কি যে মাদকতা তোমাৰ ৰূপৰ, তোমাৰ হাঁহিৰ আৰু সেই তিৰবিৰ নয়নৰ সেইসময়তেই ভুল মোৰ মনৰ মনত আছেনে? তুমি যে প্ৰথম মোৰ নাম ঠিকনা সুধিছিলা, মই পিছে সোধা নাছিলো, লাজত , ভয়ত নে নৱাগত হোৱা বাবে বাৰু? লাহে লাহে চিনাকী হৈ আহিল তোমাৰ লগত অন্তৰত কিবা এটা সোধাৰ আশা দূৰ্বাৰ আছিল যদিও সোধা নাছিলো তোমাৰ মিঠা মাতষাৰ হেৰুৱাৰ ভয়ত, থৈ দিছিলো গোপনে গোপনে এই হৃদয়ত মনত পৰে সৰস্বতী পূজাৰ সেই দিনবোৰলৈ যেতিয়া তুমি আহা চাদৰ মেখেলা পিন্ধি মোৰ সপোনৰ কইনাজনী হৈ মনত আছেনে? তুমি যে কোৱা মোক সেইদিনা চুৰিয়া গামোচা পিন্ধিবলৈ, তুমিও মোক চাব বিচাৰিছিলা নেকি দৰাৰ সাজত?

লাহে লাহে তুমি বুজিব পাৰিছিলা মোৰ মনৰ কথা, ময়ো তোমাৰ পৰা অলপ সঁহাৰি পাইছিলো সঁচা; কিন্তু গতিশীল সময়ে এই সকলো কৰি পেলালে মিছা মাজ সাগৰত তুমি মোক অকলেই এৰি দিলা যি সাগৰত নাই কোনো দিঙা চৌদিশে কেৱল নীলাভ সাগৰ, ওপৰতো নীলাভ আকাশ সাঁতুৰিব পাৰিম বুলি সাগৰ জানো সাতুৰিব মই পাৰিম? গতিকে ডুবিবই লাগিব কিয় তুমি মোক এনে কৰিলা আজিও ৰহস্য হৈ আছে, পিছে সকলোৱে তুমি আনৰ সৈতে সপোন ৰচিছা বুলি কৈছে

তোমাৰ এতিয়াৰ প্ৰেমিকজন নাছিল জানো এসময়ৰ তোমাৰ ঘোৰ শত্ৰুজন? যি তোমাক নানা কথাৰে আমনি দিছিল, তুমি তাৰ কথাত কান্দি পেলাইছিলা কিন্তু এদিন সেইদিনাই চাগে তাৰ প্ৰতি মোৰ প্ৰতিশোধৰ ভাৱ জন্ম হৈছিল কিন্তু এতিয়া তুমি আৰু সি লগ হৈ যেন মোক প্ৰতিশোধ লৈছা কিন্তু কিহৰ বাবে? মোৰ সঁচা ভালপোৱাৰ বাবে!
এই সকলো সময়ৰ খেলা

সময়ে অতীতৰ শত্ৰুক বাস্তৱৰ প্ৰেমিকলৈ আৰু অতীতৰ প্ৰেমিকক বাস্তৱৰ শত্ৰুলৈ ৰূপান্তৰ কৰে মোক কিন্তু তোমাৰ শত্ৰু বুলি নাভাবিবা, তেন্তে কি বুলিনো ভাবিবা? লাহে লাহে আঁতৰাই আনিলো মোক তোমাৰ পৰা, ক্ষণ বোৰকো অতীতৰ লগতে যাবলৈ দিয়া, সময়ে কি কৰি পেলায় কোনে জানে? তথাপি মোৰোটো এটা অস্তিত্ব আছে   বেয়া নাপাবা স্মৃতিবোৰ মনত পেলোৱাৰ বাবে; পাহৰি যাবলৈও মোৰ সামৰ্থ্য নাই৷ সচাকৈ এটা বস্তুলৈ লাগে ভয়, সি সময় এতিয়াও ৰৈ আছো সময়ৰ বাবে,সুখৰ বাবে,নতুনৰ বাবে; বান্ধ খাই পৰিলোসময় আৰু মইএকেলগে


শ্ৰী দীপজ্যোতি বড়া
যোৰহাট

No comments:

Post a Comment