আমি বসবাস কৰা
গ্ৰহটোৱে হল পৃথিৱী যাৰ
বয়স বিজ্ঞানী সকলে তেজষ্ক্ৰিয় মৌল
ইউৰেনিয়ামৰ ক্ৰমশ সীহত পৰিবৰ্তন হোৱা
ঘটনাক পৰীক্ষা কৰি ইয়াৰ বয়স
৪৬০ কোটি বছৰ বুলি
স্থাৱৰ কৰিছে ৷ আমাৰ পৃথিৱী
খন বিশ্ব ব্ৰহ্মাণ্ডৰ হাতীপতি
নক্ষত্ৰ পুঞ্জৰ সৌৰজগতৰ এটি মধ্যম শ্ৰেণীৰ
গ্ৰহ ৷ আজিৰ
পৰা বহু মিলিয়ন বছৰৰ
আগতে হোৱা এক মহাবিষ্ফোৰণৰ
ফলত বিশ্বব্ৰহ্মাণ্ডৰ তাৰ পাছত নক্ষত্ৰপুঞ্জ
গ্ৰহ নক্ষত্ৰ ধূমকেতু গ্ৰহাণু কৃষ্ণগহ্বৰ
নাহিৰিকা আদিৰ সৃষ্টি হ’ল ৷ এই ব্ৰহ্মাণ্ডৰ কোনো
বস্তুয়ে স্থায়ি নহয়
ই পৰিবৰ্তনশীল তথা ধ্বংস অনিস্বীকাৰ্য সেই
হিচাপে আমাৰ পৃথিৱী খনো
ইয়াৰ ব্যতিক্ৰম নহয় ৷ শস্য
শ্যামলা, জীৱন পুষ্ট এই
পৃথিৱী খনো এদিন ধ্বংস
হ’বই হয় মানৱ
সৃষ্ট কাৰণত নতুবা মহাজাগতিক কাৰণত ৷ হয়তো মানৱ
সৃষ্ট কাৰণতে পৃথিৱীৰ ধ্বংস সোনকালে হ’ব মহাজাগতিক কাৰণত
ধ্বংস হোৱাৰ সম্ভাৱনা থাকিলেও ইয়াৰ বাবে বহু
সময় থাকিব আমাৰ হাতত ৷
পৃথিৱীক ধ্বংস কৰিব পৰা দুটামান
মহাজাগতিক কাৰণৰ বিষয়ে থুলমুলকৈ জনাব খুজিছো
পৃথিৱীৰ ধ্বংসৰ কাৰণ হ’ব পাৰে সূৰ্য,
আমি জানো সূৰ্য টো
এটা নক্ষত্ৰ ৷ সূৰ্যই আমাক
তাপ শক্তি দিয়ে এই শক্তিৰ
কাৰণ হ’ল সূৰ্যত অবিৰত
ভাৱে সংঘটিত হৈ থকা সংযোজন
বিক্ৰীয়া যাৰ
ফলত সূৰ্যত হাইড্ৰ’জেনৰ অণু হিলিয়ামলৈ
পৰিবৰ্তন হৈ থাকে এনেদৰে
পৰিবৰ্তন হৈ থাকিলে সূৰ্যত এদিন হাইড্ৰ’জেন মানে সূৰ্যৰ
ইন্ধন শেষ হ’ব আৰু ই
চাকিত তেল শেষ হোৱাৰ
আগত এবাৰ ডাঙৰ কৈ
জ্বলী নুমোৱাৰ দৰে সূৰ্যৰো অৱস্থা
হ’ব আৰু ই
এটা প্ৰাকাণ্ড বগা তৰাৰ ৰূপ
লৈ পৃথিৱীকে আদি কৰি সকলো
গ্ৰহক গিলি পেলাব আৰু
লগে লগে পৃথিৱী তথা
জীৱ কুলৰ অন্ত হ’ব অৱশ্যে এনে হ’বলৈ আৰু বহু
মিলিয়ন বছৰ লাগিব ৷
দ্বিতীয়তে ক’ব পাৰি তাৰকা
ৰাজ্যৰ মুখা মুখী সংঘৰ্ষ
৷ ব্ৰহ্মাণ্ডৰ
সকলো বস্তুৱে গতিশীল প্ৰতিখন
নক্ষত্ৰপুঞ্জই এখনৰ পৰা আনখন
ক্ৰমাৎ আঁতৰি গৈ আছে এই
কথাক ১৯২৯ চনত বিজ্ঞানী
এডুইন হাৱলে প্ৰথম উত্থাপন কৰিছিল ৷ তেওঁৰ মতে
উচৰৰৰ নক্ষত্ৰপুঞ্জ বোৰত কৈ দূৰৰ
নক্ষত্ৰ বোৰ অধিক গতিত
সম্প্ৰসাৰণ হৈ
আছে ৷ কিন্তু কিছুমান
নক্ষত্ৰপুঞ্জৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত লক্ষণো
দেখা গৈছে ৷ আমাৰ
হাতীপতি নক্ষত্ৰ পুঞ্জ আৰু এনড্ৰ’মিডা নক্ষত্ৰপুঞ্জ যাৰ
মাজৰ দূৰত্ব ২.৫ মিলিয়ন
আলোকবৰষ দূৰত্ব থকা স্বত্বেও ক্ৰমাৎ
কাষ চাপি আহি আছে
ইয়াৰ কাৰণ হ’ল এই দুই
নক্ষত্ৰপুঞ্জৰ অসীম মধ্যাকাৰ্ষনিক শক্তি
যি এই দুই নক্ষত্ৰপুঞ্জৰ
সম্প্ৰসাৰণ গতিক চেৰ পেলাই
ইখনে সিখনক আকৰ্ষণ কৰিব লাগিছে ইয়াৰ
ফলত এই দুই নক্ষত্ৰ
পুঞ্জ কেইবা বিলিয়ন বছৰৰ পাছত মুখামুখী
সংঘৰ্ষত লিপ্ত হ’ব আৰু মহাকাশত
সৃষ্টি হ’ব এক বিশাল
অভিনৱ পোহৰৰ মেলা আৰু লগে
লগে সকলো ধ্বংস হৈ
এক নতুন তাৰকা ৰাজ্যৰ
সৃষ্টি কৰিব তেতিয়া নাথাকিব
পৃথিৱী নাথাকিব সৌৰজগত নাথাকিব মানুহ নাথাকিব কোনো জীৱকুল ৷
তৃতীয়তে পৃথিৱীৰ ধ্বংসৰ কাৰণ হ’ব পাৰে ব্ৰহ্মাণ্ডত
হোৱা বিশালকায় নক্ষত্ৰৰ বিষ্ফোৰণ তাৰকাপুঞ্জৰ সংঘৰ্ষ দুই কৃষ্ণ গহ্বৰৰ
সংঘৰ্ষ যাৰ ফলত সৃষ্টি
হোৱা বিনাশ কাৰী গামা ৰে
যি তৎ মুহৰ্ততে পৃথিৱীক
জীৱজগত হীন কৰি তুলিব
পাৰে ৷
চতুৰ্থতে মহাকাশৰ পৰা অহা গ্ৰহাণু
বা ধুমকেতু সমুহ যি কক্ষ্যাচ্যুত
হৈ পৃথিৱীত খুন্দা
মাৰিব পাৰে যি
খুন্দাই সমগ্ৰ পীথিৱীক ধ্বংস কৰিব পাৰে অৱশ্যে
এনে বিপদৰ পৰা সদায় আমাক
আমাৰ সৌৰজগতৰ ৰক্ষাপ্ৰহৰী স্বৰূপ বৃহস্পতিয়ে ৰক্ষা কৰি আহিছে ৷
পঞ্চমতে দুখন সৌৰজগতৰ মাজত
সংঘৰ্ষ আমাৰ
পৃথিৱীকে আদিকৰি সৌৰজগত ক্ৰমাৎ ভেগা নক্ষত্ৰৰ দিশে
গতি কৰি আছে এই
গতি অব্যাহত থাকিলে সেই নক্ষত্ৰ আৰু সূৰ্যৰ মাজতো
সংঘৰ্ষ হ’ব পাৰে আৰু
এনে হ’লেও আমাৰ এই
সৌৰজগত সম্পূৰ্ণ ধ্বংস হ’ব পাৰে কিন্তু
এনে হোৱাৰ সম্ভাৱনা ক্ষীণ ৷
পংকজ
বৰুৱা
ধন্যবাদ সুবাসৰ পৰিয়ালক মোৰ লেখাটিক স্থান দিয়াৰ বাবে ৷
ReplyDelete