বেটুপাত

বেটুপাত

Wednesday, 13 December 2017

তোমালৈ

কি বুলি বাৰু 
সম্বোধন কৰোঁ !
ভাবি ভাবি ভাবিছোঁ মই ,
ভাৱ সাগৰৰ জোৱাৰত
   
সাঁতুৰিছো ,
লিখিব লওঁতে থমকি 'লো
   
প্ৰথম পৃষ্ঠাতে
ভাবিছিলো থুপাই ৰখা
 
হৃদয়ৰ তলিৰ সাচঁতীয়া হালধীয়া বোৰ
 
নিগৰাই আনিম
 
বগা কাকতত
 
একলম নীলাভ বৰণ সানি
'বটো আছিলে বহুতো !
  
ৰৈ 'লো যে
  
লিপিকাৰ আদিতে-
লিখিলে বেয়া পাবা  বুলি
 মোৰে শপত তুমি ভুল নুবুজিবা
 
কি বুলি লিখোনো মই
 
তুমি নো কোন
 
মোৰ বা হোৱায়ে কি ?
মন যায় লিখিব তোমালৈ বুলি
 
কি বুলি সম্বোধন কৰোঁ
 
মই-তুমি আজি
 
মৰমৰ শত যোজন দূৰৈত
তথাপিও ভাবিছোঁ --
 
হিয়া উজাৰি লিখিম তোমালৈ -
 
মৰমৰ বুলি নিলিখোৱে বা
 
কোনো কথা নাই
 
নামটোৰে লিখো --
  
হিয়া খনিত আঙুলি ডুবাই
 
মৰমৰ বোল দিওঁ তোমাৰ বুকুতেই-
 
পৃথিৱীৰ সঞ্জিৱনী সুধাৰ বৰষুণ -
 
নূপুৰ বজাওঁ হালধীয়া বোৰত
শিলনীত তিয়াই শব্দত
গঢ়ো মৰমৰ কঠিয়া
কলিজাৰ  হুমুনিয়াহৰ
কেচাঁ কেচাঁ শব্দৰ মাজেৰে
 
গঢ়ি তুলিছো প্ৰেমৰ
  
সাকোঁৰ এখনি দীৰ্ঘ চিঠি
কি ' , বেয়া পাইছা নেকি ?
 
বনৰীয়া সুগন্ধিবুলীয়া সপোনৰ পোহাৰ -
     
মেলা দেখি ;
বহুতো বসন্তৰ উন্মাদনা গৰকি
বহুতো বৰ্ষা-গ্ৰীষ্ম-শীতে মোহাৰি
 জঠৰ যৌৱনৰ
 
মনৰ আউল -বাউল বোৰ লিখিম
   যেতিয়ালৈ কলম নাভাগৰিব
  
শব্দ ইতি তেতিয়া হে টানিম
মৰম পঢ়িবা নে তুমি
    
মৰমীৰ বিশাল হৃদয়ৰ মাজত ;
নহ'লে পঢ়িম বুলি থৈ দিবা
    
হিয়াৰ জোপাটিৰ মাজত ,
   
পঢ়িছা বুলি ভাবিম মই
  
খিৰিকী মুখত ৰৈ


ইতিৰে ...............

হীৰামনি শৰ্মা উপমন্যু

No comments:

Post a Comment