বেটুপাত

বেটুপাত

Wednesday, 13 December 2017

এই বাটেৰে আহিলে

এই বাটেৰে আহিলে
মনৰ সপক্ষে বলে ফাগুনৰ ৰঙীন বা'
নিমিষতে আঁতৰে
জয়াল ৰাতিৰ অদ্ভূত বিননি
জীপাল হয় বুকুৰ সেউজীয়া

প্ৰকৃতাৰ্থত এই বাট হেঁপাহৰ বাট
'
নিতৌ অহা-যোৱা কৰে
এমুঠি প্ৰিয় সপোন
গতি হেৰুওৱা  নৈখনে
বিচাৰি পায় আপোন ঘাট
চাদৰৰ আঁচলত মুখ গুজি
চুমা খায় বাস্তৱতাৰ হৃদয়
নাঙলৰ সীৰলুৰে মসৃণ কৰে মগজু
আৰু এদিন
বিচাৰিলেই স্পৰ্শ কৰিব পাৰি নীলা আকাশ।

সেয়ে
এই বাটেৰে আহিলে
সঞ্চাৰ হয় জীয়াই থকাৰ তাড়না
আৰু এমুঠি সপোন
উদয় হয় প্ৰাণোচ্ছল পুৱা।

                     
মৃণাল কুমাৰ বৰা
গুৱাহাটী

No comments:

Post a Comment