বেটুপাত

বেটুপাত

Friday, 15 December 2017

সুবাসৰ এই মাহৰ অতিথি


      জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল এই মাহত বিভিন্ন ভাষাত ,০০০ অধিক গীতত কণ্ঠদান কৰা বৰ্ণালী কলিতা বাইদেউলৈ অভিনন্দন জ্ঞাপন কৰিছো

প্ৰশ্ন: আপুনি অসমৰ সংগীত জগতৰ এটা চিনাকী নাম। আপুনি সংগীত জগতৰ প্ৰতি আকৰ্ষিত কেনেদৰে '?
উত্তৰ: আচলতে মই সৰুৰে পৰাই সংগীতৰ লগত জড়িত।মোৰ দুইবছৰ হওতে জন্মদিনত দেউতাই এখন হাৰমনিয়াম উপহাৰ দিছিল। তেতিয়া আমি নামৰূপত আছিলো আৰু তেতিয়া মোৰ ভাইটি ভন্টীয়ো কোনো নাছিল। সেয়েহে দেউতাই এনেই থকাতকৈ মোক নাছ গান আৰু খেল এই সকলোবোৰতে নাম লগাই দিলে।তেতিয়া মই এই সকলোবোৰতেই জড়িত আছিলো কিন্তু এদিন মই দুৰদৰ্শনৰ এটা অনুস্হান চাই থাকোতে মাইকেল জেকচনৰ এটা প্ৰগেম দেখা পালো তাত মাইকেল জেকচন হেলিকপ্টাৰৰ পৰা ষ্টেজত নামে ইত্যাদি কাৰুকাৰ্য দেখি মইয়ো ঠিৰাঙ কৰিলো মইও এজন সংগীত শিল্পী 'ম। সেই তেনেকৈয়ে মোৰ সংগীত জগতৰ মাজত সোমাই পৰিলো।
প্ৰশ্ন:- প্ৰথম গানটো বাণীবদ্ধ কৰাৰে পৰাই গানৰ পথাৰত আপোনাৰ কিমান বছৰ ' বাৰু?
উত্তৰ:হয় প্ৰায় ওঠৰ বছৰ 'ল।

প্ৰশ্ন:সংগীত জগতত আপোনাৰ সফলতাৰ টাৰ্ণিঙ পইন্ট বুলি কোনটোক ভাবে?
উত্তৰ:আচলতে মেট্ৰিকত মোৰ এটা খুবেই ভাল ৰিজাল্ট হোৱাৰ পাছত মই কটন কলেজলৈ আহিলো পঢ়িবৰ বাবে। তেতিয়াই মই আন্তঃ মহাবিদ্যালয় সংগীত প্ৰতিযোগিতা বোৰত যোগদান কৰো। তেনেকৈয়ে বিশ্ববিদ্যালয়তো শ্ৰেষ্ঠা গায়িকা হও। তেতিয়াই মই সেই সময়ত সোমনাথ বৰা,মৃণালকান্তি মেধি, গৌতম শৰ্মা,কাজল শৰ্মা আদিৰ লগতে মিউজিক মেকাৰ্ছৰ বীৰেণ দাৰ চকুত পৰিলো। সেইদৰেই সংগীতৰ জগতত ক্ৰমশঃ এটা চিনাকী নাম 'লো। তদুপৰি বিশ্ববিদ্যালয়ত আমাৰ দিনত পশ্চিমীয়া সংগীত প্ৰতিযোগিতাত অকল 'ৰাইহে ভাগ লৈছিল। কিন্তু মই  সেইবাৰ সেইপ্ৰতিযোগিতাত সোণৰ পদক পাইছিলো। তাত বাহিৰৰ পৰাও বিচাৰক আহিছল ।আমাৰ জে পি দাস  দাও আছিল।  তেনেকৈয়ে মোৰ জীৱনলৈ টাৰ্ণিঙ পইন্ট আহিছিল।
প্ৰশ্ন: এজন শিল্পী হিচাপে সমাজৰ প্ৰতি আপোনাৰ দায়বদ্ধতা কেনে বুলি ভাবে?
উত্তৰ:হয় ।এতিয়াতো আমাৰ দায়বদ্ধতা বেছি বুলিয়েই ভাবো।যিহেতু শিল্পী সকলে ৰাইজৰ হৃদয়ত বাস কৰে সেয়েহে তেওঁলোকৰ প্ৰতি ৰাইজৰ আশাও বহুত থাকে।আমাৰ শিল্পী সকলে অসমৰ বৰ্ণাঢ্য লোকগীত,বিহুগীত ,জিকিৰ বৰগীত,ৰাসৰ গীত ইত্যাদিৰ উত্তৰণৰ বাবে প্ৰচেষ্টা চলোৱাতো খুবেই প্ৰয়োজনীয় বুলি মই ভাবো।তদুপৰি বান সাহায্য ইত্যাদিৰ ক্ষেত্ৰত শিল্পী সকলে যোৱা বহু বছৰৰ পৰাই কাম কৰি আহিছে।মই নিজেও এজনী ছোৱালী(সুষ্মিতা ৰায়) শিক্ষাৰ ভাৰ বহন কৰিছো।তাই আৰ্থিক ভাবে দুৰ্বল হোৱাৰ পাছতো মেট্ৰিকত সকলো বিষয়তে লেটাৰ লৈ উত্তীৰ্ণ হৈছিল। তাইৰ খবৰটো যেতিয়া মই সংবাদ মাধ্যম যোগেদি জানিব পাৰিলো তেতিয়া মই তাইৰ সকলো খৰচ পাতিকে ধৰি সকলোৰে দায়িত্ব 'লো। তদুপৰি এজন অন্ধ 'ৰা খুব ভাল গীত গায়। বাটে পথে গান গোৱাৰ বাহিৰেও গানো শিকাইকিন্তু তেওঁৰ হাৰমণিয়াম এখনো নাই ।সেয়েহে তেওঁক হাৰমণিয়াম এখনো দিছো কিছু দিনৰ আগতে যাতে তেওঁৰ সংগীতৰ যাত্ৰা আৰু সেন্দুৰীয়া হয়।তেনেকৈয়ে সাধ্য অনুসৰি ভই কাম কৰি আহিছো আৰু শিল্পীসকলৰ বাবে এইবোৰ কৰণীয়   বুলিয়ে মই ভাবো।
প্ৰশ্ন: আপোনাৰ মতে সফলতা লাভৰ ক্ষেত্ৰত বিতৰ্ক প্ৰয়োজনীয় নেকি?
উত্তৰ:বিতৰ্ক কেতিয়াবা পৰিকল্পিত হয় যদিও বেছিভাগেই পৰিকল্পিত নহয়। কিন্তু মোৰ মতে বিতৰ্কৰ লগত সফলতাৰ কোনো সম্পৰ্ক নাই। বিতৰ্কৰ যোগেদি কোনেও এজন মানুহক মনত নাৰাখে ।মনত ৰাখে তেওঁৰ কৰ্মৰাজি অথবা প্ৰতিভা খিনিক হে।গতিকে বিতৰ্ক এক অপ্ৰয়োজনীয় বস্তু সফলতাৰ ক্ষেত্ৰত।
প্ৰশ্ন:এটা কথা প্ৰায়ে দেখা যায় যে মৃত্যুৰ পাছতহে অসমত শিল্পীক আদৰ
কৰা হয়। আমি ভূপেন দাৰ কথাকে চালে দেখিম যে তেখেতৰ মৃত্যুৰ পাছতহে তেওঁক বেছি সন্মান দিয়া হৈছিল।কিন্তু জীৱিত কালত চিকিৎসা খৰচৰ বাবেও তেওঁ চাঙীত উঠি ষ্টাৰ চিমেন্টৰ বিজ্ঞাপনত অংশ ' লগীয়া হৈছিল। এই ক্ষেত্ৰত আপোনাৰ মতামত?
উত্তৰ:সেই ক্ষেত্ৰত আমাৰ সমাজ ব্যৱস্হা জগৰীয়া।আমাৰ মানুহৰ এটা স্বভাব যে আনৰ পতন চাই ভাল পায়।তদুপৰি শিল্পীসকলোৰো অন্যসকলৰ প্ৰতি সহায়ৰ ভাব থাকিব লাগে।আনহাতে শিল্পী সকলে সঞ্চয়তো গুৰুত্ব দি' লাগে বুলি মই ভাবো।
প্ৰশ্ন:আজিৰ পৰা পাঁচ বছৰৰ পাছত আপুনি নিজকে কেনে অবস্হাত চাব বিছাৰে?
উত্তৰ: বলিউডত প্ৰতিষ্ঠিত হিচাপে চাব বিছাৰো।
আপোনাৰ সফলতাৰ আঁৰত কোন আছে বুলি ভাবে?
উত্তৰ: সফলতাৰ আঁৰত আচলতে এজন মানুহ নাথাকে। বহুতো লোকৰ আৰ্শীবাদ মৰম ইত্যাদি জড়িত থাকে। তদুপৰি মোৰ পৰিয়াল, স্বামীৰ পৰিয়াল, স্বামী যি ইমান ব্যস্ততাৰ মাজতো মোক সময় দিয়ে, প্ৰেৰণা দিয়ে আৰু শুভাকাংখী সকলোৱে মোৰ সফলতাৰ লগত জড়িত।
প্ৰশ্ন: আপোনাৰ প্ৰথম বাণীবদ্ধহোৱা গীতটো কি ?
উত্তৰ: দিপেন বৰুৱাৰ লগত আছিল মোৰ প্ৰথম গীত টো। "সুধিছা তোমালৈ কিমানো মৰম "শীৰ্ষক 
প্ৰশ্ন: বৰ্তমান আপুনি কেনে প্ৰকল্প হাতত লৈ আছে?
উত্তৰ: মোৰ নিজৰ প্ৰকল্প বুলি মই নিজৰ এটা ইংৰাজী এলবাম মুকলি কৰিম। লেট ইট ' বুলি। খ্ৰীষ্টমাচ উপলক্ষে।ইয়াত এগৰাকী নতুন ছোৱালীক সুবিধা দিছো ভাবনা নামৰ ।বহুত ভাল গায়। তদুপৰি আৰু এটা অসমীয়া ডান্সিঙ নাম্বাৰ ওলাব তাতো মোৰ লগত এজন নতুন 'ৰাই গান গাইছে ।ৰুবুল কলিতা বুলি। আৰু "হিৰাদৈ" আহি আছে।তদুপৰি ফেব্ৰুৱাৰী মাহত মোৰ দ্বিতীয়টো হিন্দী গান ৰিলিজ 'ব।লগতে জুবিন দাৰ লগত এটা নতুন বিহুগীতৰো কাম চলি আছে।
প্ৰশ্ন: সংগীত জগতৰ নতুন শিকাৰু সকলৰ প্ৰতি কি ' আপুনি?
উত্তৰ: তেওঁলোকে ভালদৰে শিকক। এনেই গান গোৱা আৰু শিকাৰ মাজত পাৰ্থক্য আছে। বিৰক্তি কৰ বুলি ধ্ৰুপদী সংগীতক অবহেলা কৰিলে নহ'ব। ভালদৰে চেষ্টা চলিলে নিশ্চয় ভাল ' তেওঁলোকৰ।তদুপৰি এটা উদ্যম লাগিব। আৰু প্ৰত্যেক গানতে সমানে গুৰুত্ব দিয়ক। ভাল ' তেওঁলোকৰ।
প্ৰশ্ন: আপোনাৰ নিজৰ গীতৰ বাহিৰেও আন কাৰ গীত ভাল লাগে? বলিউড আৰু অসমৰ?
উত্তৰ:মই নিজে প্ৰায় ছয়হাজাৰ গীত গালো।আচলতে মই সকলোৰে গান শুনো। কিন্তু হিয়া শাত পৰা গান হিচাপে কিশোৰ কুমাৰ , মহম্মদ ৰফি , লতাজী, আশা ভোচলে, জগজিত সিং, ব্ৰায়ান আডামছ আদিৰ গান ভাল লাগে।অসমৰ ক্ষেত্ৰত ভূপেন দা , জয়ন্ত হাজৰিকাৰ গানজ্যোতি সংগীত, ৰাভা সংগীত ভাল লাগে, জুবিন দাৰ গান মোৰ প্ৰাণত সোমাই আছে।তদুপৰি মই জুনিয়ৰ সকলোৰো গীত শুনো বহুত।

প্ৰশ্ন:-গান গোৱাৰ বাদেও আন ভাল পোৱা কাম?
উত্তৰ:হয়।মই চিনেমা চাই, পঢ়ি আৰু ফুৰি ভাল পাঁও। মই বিশ্বৰ প্ৰায় বহুত ঠাই ফুৰিছো। তদুপৰি খায় আৰু খুৱাই ভাল লাগে।

প্ৰশ্ন: সংগীত জগতৰ বাহিৰৰ আদৰ্শ ব্যক্তি কোন?
উত্তৰ:শচীন টেণ্ডুলকাৰ মোৰ প্ৰিয়।তেওঁ কোনো কোনো খেলত প্ৰদৰ্শন বেয়া হোৱাৰ পাছত বহু লোকে সমালোচনা কৰে। কিন্তু নিজৰ বেট খনৰে বাইচ গজৰ ভিতৰত তেওঁ খেলৰ শৈলীৰে জোকৰ মুখত চূণ দিয়াৰ কাৰ্যটো মোৰ ভাল লাগে।তেওঁ সমালোচকক ব্যক্তিগত ভাবে একো নকয় কিন্তু খেলৰ দ্বাৰাই সমালোচকৰ মুখ বন্ধ কৰে
প্ৰশ্ন: সুবাসৰ বিষয়ে আপোনাৰ মতামত কেনেধৰণৰ?
উত্তৰ: প্ৰথমেই তোমালোকৰ মাজত মই অধ্যয়নশীলতা দেখা পাইছো। আজিকালি দোকানৰ পৰা কিনি আনি এখন আলোচনী নপঢ়িব পাৰে কিন্তু তেওঁলোকে এখন অনলাইন মেগাজিন পঢ়িব পাৰে ফোনৰ যোগেৰেই। বৰ্তমান যুব উশৃংখলতাৰ যুগত তোমালকৰ আলোচনী খনৰ কৰণীয় আছে।ভাল ভাল লেখা প্ৰকাশ কৰি সমাজৰ প্ৰতি বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰা ভাল 'ব। অনাগত দিনৰ বাবে শুভ কামন থাকিল।


ধন্যবাদ বাইদেউ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

সাক্ষাৎকাৰ গ্ৰহণ :- কৌস্তুভ বৰা

No comments:

Post a Comment