বেটুপাত

বেটুপাত

Thursday, 14 December 2017

কলংকিত কোন

কলংকিত কোন...???
মই নে সেই ভদ্ৰতাৰ মুখা পিন্ধা মানুহবোৰ
যি বোৰে অসহায় অৱস্থাত মোক
ফাকুৰ ৰঙৰ দৰে সানি দিছিল
কলংকৰ কালিমাবোৰ....
আচলতে দুখী কোন বাৰু..??
ময়ে নেকি মোৰ অপৰাধী ..!!!
যে মই সেই নৰ পিশাচ কেইটাৰ হাতত
নিজক ৰক্ষা কৰিব নোৱাৰিলো নে
সেই কেইজন অপৰাধী যিয়ে মোৰ
সৰলতাৰ সুযোগ লয়
 আহ!!
আৰু ' নোৱাৰি
গাৰ নোম হিয়ৰি উঠা এক নিৰ্লজ্জ কৰ্ম....
বাৰু কলংকৰ কালিমা সানি
মই মোৰ অস্তিত্বক হেৰুৱাই পেলাইছো...
কিন্তু ; সেইকেইজনে  কিয় আজিও
অপৰাধ স্বীকাৰ কৰা নাই
কিয় আজিও সিহঁতৰ স্থান
উচ্চ সভাৰ উচ্চ পদ
তহঁতৰ লজ্জাবোধ হোৱা নাই
অহ !
মইতো পাহৰিয়েই গৈছিলো
তহঁত তো এজাক ভদ্ৰমুখা পিন্ধা মানুহৰ এজাক নৰাধম হে ....
আৰু সমাজখন
বৰ্তমান নৰাধম জাকৰ লগতে
সমাজখনো মোৰ বাবে
হৈ পৰিছে স্বাৰ্থপৰ ...

     
      
লিম্পী পাঠক 
কাজিৰঙা মহাবিদ্যালয় 
     

No comments:

Post a Comment