এহাতত
এখন মোনাৰ বোজা
এহাতত
এডাল লাঠি আৰু..
মুখত
অলপ শেতাপৰা হাঁহিৰে
মানুহজনে
ভৰি থৈছেহি
আপোনাৰ
মোৰ চহৰত
পিন্ধনত
এটা ফটা ৰঙা চোলা
এজোৰ
জোতা,এটা পেন্ট
আৰু
মাজে মাজে এটা বিকট
হুমুনিয়াহ
যেন
সংগ্ৰামী এটা জীৱন
দুখৰ
মাজতো
সহজ
যাৰ প্ৰেম
দুখৰ
মাজতো
সহজ
যাৰ জীৱন
মন্দিৰৰ
ঘন্টাত চিপজৰি লোৱা
ভোকাতুৰ
আত্মা
মৃত্যু
এটা শ্লোগান
অথবা
এটি শিল্প
কিন্তু
এওঁলোকে বুজি নাপায়
অপমৃত্যুৰ
ভাষা
ইতিহাসে
কয় মানুহেই ঈশ্বৰ
পৰিস্থিতিয়ে
কয় মানুহ যাযাবৰ ।
নিবিড়
অবিনাশ
তামুলপুৰ,বাক্সা
No comments:
Post a Comment