বেটুপাত

বেটুপাত

Wednesday, 13 December 2017

কৃষ্ণ গহ্বৰ

বৰণহীন বনৰীয়া বতাহজাকে কঢ়িয়াই আনিছে
'লা বিন্যাসী অশৰীৰিৰ মোক্ষ পথ ,
আঁহতজোপাত ওলমি বাদুলিয়ে চিঞৰিছে
কাষৰ পুখুৰী পাৰত শিয়ালৰ কৰুণ বিননি

পশ্চিম আকাশত শ্মশানৰ ভষ্ম সনা
জোনাকৰ উত্তপ্ত পোহৰ ,
যান্ত্ৰিক সময়ত উৰুলি নিদিয়াকৈয়ে
কাণ তাল মৰা ওঙ্কাৰ ধ্বনিৰ শীতল বিস্ফোৰণ

চৌদিশে বৰণহীন বৰণ  বিৰাজমান '
প্ৰিয় পখিলাজনীৰ চিতা জ্বলিল সেউজীয়া যন্ত্ৰৰ গৰ্ভত

দীপজ্যোতি সিং
নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়


1 comment: