বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

সুখ আৰু দুখৰ সংজ্ঞা

সুখ আৰু দুখৰ সংজ্ঞা
সকলোৰে বাবে একে নহয়...
যিদৰে তোমাৰ বাবে
দুখৰ সংজ্ঞা মই ....
মোৰ বাবে সুখৰ সংজ্ঞা তুমি ...

তোমাৰ সুখৰ পৃথিৱীখনত
মই ৰোপন কৰিব নোৱাৰিলো
আকাংক্ষাৰ খৰিকাজাঁই...
আচলতে তোমাৰ দৃষ্টিত
সুখৰ সংজ্ঞা  বেলেগ...

মোৰ দুখৰ পদুলিত
নুফুলে এতিয়া
হেঁপাহৰ গধুলিগোপাল..
তুমি বিহীন ৰাতি বোৰত
এতিয়া মই বাৰে বাৰে হত্যা কৰিব খোজো
মোৰ স্মৃতিক..

জুৰিমনি ৰাজখোৱা
       মৰান উষাপুৰ   
     Ph:-৯৬৭৮৪৩৫৫৪১

No comments:

Post a Comment