বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

নিসংগী


অকলশৰীয়া এটি পখী
নিসংগতাই যাৰ সংগী
বিষাদৰ জালত বন্দী হৈ
যেতিয়া চটফটাই ৰয়,
তাইৰ কামনাত আছিল কেৱল
এখনি মুকলি আকাশ
বিলাই দিব খুজিছিল
মেঘচ্ছন্নতাৰ পাৰ  ভাঙি
সাতৰঙী ৰামধেনুৰ ৰঙ।
কিন্তু কিয় কলা ডাৱৰবোৰে বাৰে বাৰে
আৱৰি ধৰে আকাশৰ বহলতাক
কিয় আহে বিষণ্নতাৰ বৰষুণজাক
ধুমুহাই চিঙি নিয়ে
সযতনৰ পঁজাটিত
সাঁচি ৰখা সপোনৰ এটি এটি কূটা
পখীটি যে হৈ ৰয় অকলশৰীয়া,
বিচূৰ্ণী ধুমুহাজাক আহে তাকে কবলৈ
নিসংগতাই তাইৰ সংগী

                                        
কৰবী সিংহ
 বঙাইগাঁও

No comments:

Post a Comment