বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

দৰিদ্ৰতা

ভেকুলীৰ টোৰ টোৰনিয়ে
বাৰিষা অহাৰ উমান দিলে,
চপচপীয়া পানীৰে খেতিৰ পথাৰখনো
উপচি পৰিছে।
খেতিয়কবোৰৰ মনবোৰো কিমান যে ফৰকাল।
মইয়ো এইবাৰ হাললৈ যাব লাগিব,
পিতাইৰ যে তাহানিৰে ককালৰ বিষটো
বৰকৈ উকাইছে বোলে।
আইৰ মুখখনো চিন্তাতে
শুকাই খিনাই গৈছে,
নহ'বনো কিয়……
মই যে এইবাৰ মেট্ৰিক পৰীক্ষাৰ্থী,
তাতে পুৱাই হাল আৰু আৱেলি
কঠীয়া তলিত ৰখীয়া,
নহ'লেযে গৰুৱে গোটেইখন
তহিলং কৰে।
কেতিয়াবা বহুত দুখ লাগে
হিংসা লাগে সেইসকললৈ
যি সকলে শোষন কৰিছে আমাৰ
চহা সমাজক।
হাড়ক পানী কৰি খেতি কৰো
দুবেলা দুসাঁজৰ বাবে।
আইৰ সপোন মোক ডাঙৰ মানুহ কৰাৰ,
ডাঙৰ হৈ মই গাওঁখনক সহায় কৰাৰ।
কিন্তু…… 
দৰিদ্ৰতাই আমাক যে বন্দী কৰি ৰাখিছে
একে ঠাইতে,
আগুৱাবলৈ যে বহুত কঠিন 
সংগ্ৰামী জীৱন বাটত।
সপোন আমিও দেখো সুখী হোৱাৰ
হাঁহি মাতি জীৱন কটোৱাৰ,
কিন্তু পূৰ্ণতা নাপায় আমাৰ সপোনে।।
 
                   যদুমণি বৰা
                     লালুক,
           উত্তৰ লক্ষীমপুৰ কলেজ

No comments:

Post a Comment