বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

বিষাক্ত শিকলি

নিবিচাৰোঁ কোনো শিকলিৰ বান্ধোন । 
নিবিচাৰোঁ বন্দিত্বৰ জীৱন 
উৰিব বিচাৰো মাথোঁ তৰা ভৰা আকাশত 
একান্ত মানুহ হোৱাৰ সাধনাত
নিবিচাৰোঁ এই যন্ত্ৰণাময়ী জীৱনৰ উশৃংখলাবোৰ 
বিচাৰো দুটি লাজুক চকুৰ এটি মিচিকিয়া হাঁহি 
নালাগে দিব কোনো আকাশৰ তৰা 
নালাগে বিলাসীতাৰ ৰহস্যময়ী জীৱনে দিয়া উপহাৰ 
নিবিচাৰোঁ কবিতা লিখি কোনো কবি হ'ব
নিবিচাৰোঁ গান লিখি হ'ব কোনো গীতিকাৰ 
নিজক জানিব বিচাৰো 
সমাজক আগুৱাব বিচাৰো যাত্ৰাৰ পথত 
বিচাৰিব খোজোঁ অন্ধকাৰৰ মাজত 
পোহৰৰ ৰেঙনি 
হৈ ৰ'ব বিচাৰো আত্মজয়ী...
 স্বপ্নস্ৰষ্টা হৃদয়ত মোৰ 
আশাৰ অসীম ৰেঙনি 

 
                      লিম্পী পাঠক   
                         কাজিৰঙা

No comments:

Post a Comment