বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

এটি যাত্রাৰ অন্তত


নিৰুদ্দেশ আজি মোৰ জীৱন যাত্রা,
সন্ধানহীন আজি মই মোৰ মাজতেই,
উত্তৰবিহীন প্রশ্নবোৰে মাথো দৰিকনা খেলে ,
নিৰ্বাক স্পন্দনত আৱদ্ধ এজাক সোণাৰুৱে
এধানি হালধীয়াৰ সুখত হাহিব বিচাৰে..

তেনেতে এটি পংকিলময় বাটেৰে
খোজ দিও তেওঁ মই দুয়োৰে অজানিতে..
মই আৰু অধিক হেৰাই যাও তেওঁৰ মাজতেই
আৰু মোৰ সংগত তেওঁজন
অধিক সচেতন হৈ উঠে..
মোৰ আকাশে সংজ্ঞাহীনতাৰ উমান নাপায়
অথচ তেওঁ পৃথিৱীৰ - সংজ্ঞাৰ প্রাপ্তিত
উন্মাদ হয়...

মোৰ অস্তিত্ব ক্ৰমান্বয়ে ধূসৰ হয়,
ধূলিয়ৰী বাটটোত তেওঁ অবোধ গতিৰে
মোক পাছপেলাই যায়,
নৈপৰীয়া বালিত বহি মইহেন বালিমাহীজনীৰ
কলিজাত গাঢ় ৰঙাকৈ
তেওঁৰ নাম খোদিত হয়.....

স্বপ্নীলী শইকীয়া

যোৰহাট মেলেং

No comments:

Post a Comment