বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

হেৰুৱাম বুলি নভবাকৈয়ে হেৰুৱালো তোমাক

সেইদিনা স্কুল ছুটীৰ পাছত হঠাৎ তোমাক দেখিছিলো ৷ মই তেতিয়া স্কুলৰ চৌহদৰ কৃষ্ণচূড়া জোপাৰ তল পাইছিলোগৈ মাত্ৰ আৰু তুমি.....কলেজ ছুটীৰ পাছত লগৰ কেইটাৰ স’তে ধোদৰ  আলিয়েদি ঘৰলৈ গৈ আছিলা ৷ তোমাৰ লগৰ কেইটা কলেজৰ ইউনিৰ্ফমত আছিল কিন্তু তুমি সেই মটিয়া ৰঙৰ পেন্টটো আৰু ক’লা ছেকদিয়া চাৰ্টটো পৰিধান কৰিছিলা ৷ তুমি গোটেই মুকলি ৰাস্তাটোত বাৰে বাৰে উভটি স্কুলৰফালে চাই গৈছিলা ৷ ভাবিছিলো তুমি মোক চাই যোৱা বুলি আৰু তেতিয়া মই চিপচিপিয়া বৰষুণজাকত লাজত ছাতিটো মেলি আঁৰ লৈ গৈছিলো ৷ এইয়া মোৰ এক ভ্ৰান্ত ধাৰণা ৷ পাছদিনা স্কুললৈ গৈ সুব্ৰতৰ পৰা মই গম পালো সেইদিনা প্ৰকৃততে তুমি মোক চোৱা নাছিলা ৷ তোমাৰ নতুন প্ৰেয়সী সুপ্ৰিয়াকহে চাইছিলা ৷ পাছত তুমি মোক ত্যাগ কৰিলা বুলিহে সুব্ৰতক কৈছিলা ৷ মইয়ো শুনিবলৈ পাইছো, সুপ্ৰিয়া বোলে বৰ্তমান তোমাৰ প্ৰেয়সী ৷ তুমি তাইক ভালপোৱা যদি মোক কিয় এবাৰো নকলা, কেতিয়া হয়তো তোমালোকৰ মাজৰ পৰা মইয়ে আঁতৰি গ’লোহেতেন ৷ তুমিটো সদায় মোৰ লগত অভিনয়ে কৰি গ’লা, মই নিজ চকুৰে তোমালোকৰ প্ৰেম নেদেখা দিনলৈকে ৷ ইমান অভিনয় কিয় কৰিলা???

এইবাৰ তুমি স্কুলৰ পৰা যোৱাৰ পাছতেই কৃষ্ণচূড়া জোপাও ফুলি উঠিছে ৷ গছজোপাই চাৰিওফালে ৰঙা হৈ ভালপোৱা বিলাইছে ৷ মোৰ এদিনো ভাগ্যই নহ’ল জানা!!! সেই ভালপোৱা বিলোৱা কৃষ্ণচূড়া জোপাৰ তলত বহি তোমাৰ সতে স্কুলৰ দুপৰীয়া পাৰ পৰিবলৈ ৷ কাৰণ কৃষ্ণচূড়া জোপাও তুমি যোৱাৰ পাছতহে ফুলি উঠিছিল ৷

সেইদিনা স্কুলৰ পৰা আহি বহুত কান্দিলো ৷ ডায়েৰিৰ মাজত ভৰাই থোৱা তোমাৰ ফটো কপি দেখি অশ্ৰু বৈ আহিল ৷ মনতে ভাবিলো --- কি হৈছে কথাবোৰ? মই কিয় কান্দিছো? কাৰ বাবে? যাক মই আপোন বুলি ভাবিছিলো, তেঁৱে মোক..... দুচকুত ভাহি আহিছিল অতীতৰ বিষাদভৰা অভিমানৰ ছবি ৷ আজিও আচম্বিক!!! এদিন তুমি নিজৰ জীৱনতকৈও মোক বেছি ভাল পাইছিলা ৷ তোমাৰ সঁচা হৃদয়ত আছুতীয়াকৈ মোক ঠাই দিছিলা ৷ কিন্তু এতিয়া মোৰ সঁচা প্ৰেমক বিচ্ছেদ কৰি আঁতৰি গ’লা ৷ তুমি মোলে অকণো নাভাবিলা? সঁচা প্ৰেমক ইমান শুনকালে পাহৰি যাব পাৰিনে? তোমাৰ প্ৰেম মোৰ বাবে এক অবুজ সাঁথৰ ! নাজানো এতিয়া --- তোমাৰ মোলৈ মনত পৰেনে নপৰে ৷ 

তুমি যাকেই ভালপোৱা তাইৰ লগতেই সুখী হোৱা ৷ তাইৰ পৰাই যেন তুমি বিচৰা.....সকলো পোৱা --- এয়াই মোৰ কামনা ৷ কাৰণ মই কামনাৰ বাহিৰে কি কৰিব পাৰো কোৱা? মইতো তোমাক সঁচা প্ৰেম কৰিছিলো ৷ তোমাৰ হৃদয়ক আঘাত নিদিও বুলি মই বহুতো সুশ্ৰী চেহেৰাৰ প্ৰেমৰ প্ৰস্তাৱ পাইয়ো প্ৰত্যাসান কৰিছিলো, অথচ তুমি মোক প্ৰতাৰণা কৰিলা ৷ তুমিহীনতাই মোৰ হৃদয়ত ৰচি থৈ গ’ল বিষাদৰ “সুৰৰ জিঞ্জিৰি” ৷ মোৰ প্ৰতিশ্ৰুতি --- তোমাৰ দুচকুত এদিন থিয় দিম মই এগৰাকী আমন্ত্ৰিত শিল্পীৰূপে ৷ অৱশ্যে মই এতিয়াও অভ্যস্ত হৈ পৰা নাই ৷ তুমিহীনতাৰ যন্ত্ৰণা বিলাসত বিষাদৰ সুৰেৰে মই জীৱন জুৰাম ৷ আজিও আমনি কৰে তোমাৰ অভিমানৰ সোঁৱৰণীয়ে ৷ কাৰণ হেৰুৱাম বুলি নভবাকৈ হেৰুৱালো তোমাক ৷

~ ৰিম্পী গগৈ
    জগন্নাথ বৰুৱা মহাবিদ্যালয়

No comments:

Post a Comment