বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

পেঞ্চন

"আপুনি বহুত পৰতে আহিল নেকি বাৰু?”-প্ৰায় দুইঘণ্টামান একেলগে কাঠৰ বেঞ্চখনত বহি থকাৰ পাছত ডেকা ল’ৰাজনে শুধিছিল৷ সদায় অফিচটোলৈ গৈছিলো যদিও সেইজন  ডেকাক আগতে লগ পোৱা মনত নাই৷ হয়তো বয়সৰ প্ৰভাৱতো চাগৈ তেখেতক পাহৰিছিলো৷ কিন্তু তেওঁ যেনেকৈ সুধিছিল, মোৰ এনে লাগিছিল যে তেওঁ মোক চিনিব পাৰিছিল৷

    "হ’ল অলপ পৰ৷ তোমাৰ ?"

    "অথনিতে যে আহি আপোনাৰ ওচৰত বহি আছোহি, তেতিয়াৰে পৰা তেনেকৈয়ে আছো৷ এতিয়াতো এক বাজিল৷ মই ঘৰৰ পৰা দহ মান বজাতে ওলাইছিলো৷ তেতিয়াৰে পৰা একোকে খোৱা নাই৷"-ল’ৰাজনৰ অকতা সুৰৰ কথাষাৰৰ পাছত মই একো নক’লো৷ কি নো ক’ম৷ মই ৰাতিপুৱা ন বজাতে আহি বেঞ্চখনত বহি আছিলোগৈ৷ তেতিয়াৰে পৰা মোৰ পেটতো খুদকনো পৰা নাছিল৷ ৰাতিপুৱা যাঁওতেও কেৱল দুখন ব্ৰেডৰ লগ এগিলাছ গৰম পানী খাই গৈছিলো৷ অভ্যাস হৈ পৰিছিল মোৰ প্ৰতিটো দিন তেনেদৰে পাৰ কৰাতো৷ কিয়নো এই ছমাহে মোৰ ডায়েৰীত একেকেইটা বাক্যই সোমাই আছিল৷ 

    অলপ সময়ৰ পাছত ল’ৰাতো ভিতৰলৈ সোমাই গ’ল৷ বহুত পৰলৈ সিও নাই৷ প্ৰায় পঞ্চলিছ মিনিটমানৰ পাছত ল’ৰাজন ওলাই আহিল৷ লগে লগে মই সোমাই গৈছিলো৷ অফিচাৰ জনে কি ক’ব মোৰ জ্ঞাত আছিল যদিও সোমাই গৈছিলো৷ আজিও কিন্তু সেই একেকেইটা কথাই শুনিছিলো৷ মোৰো মুখস্থ আছিল তেওঁ কোৱা কথাখিনি৷ বগা মূখৰ মানুহজনৰ ওঠদুটা সদায় তামোলেৰে ৰঙা হৈ থাকিছিল৷ মই সোমাই যোৱাৰ লগে লগে ৰঙা হৈ থকা দাঁতকেইতা উলিয়াই মানুহজনে হাঁহি দিছিল৷ সেই দিনাই যে হাঁহে তেনে নহয়৷ তেওঁৰ সেই হাঁহি ইতিকিঙৰ নে সঁহাৰিৰ আজিও নুবুজিলো৷ সেই হাঁহিৰ অৰ্থ জানিও নজনাৰ ভেশ ধৰি তেওঁৰ ওচৰলৈ সদায় অহা-যোৱা কৰিছিলো৷

 মানুহজনে বহিবলৈ ইংগিত দি মোক কৈছিল,"আপোনাৰ ফাইলটোৰ কাৰণে আমি খবৰ  পঠালো, কিন্তু তাৰ পৰা খবৰ একো অহা নাই৷ মই কালি আকৌ খবৰ লৈছিলো৷ কিন্তু দুদিন মান দেৰি হ’ব বুলি কৈছে৷ আপুনি তথাপিও আহি থাকিব৷ ইয়ালৈ বহুত মানুহ আহি থাকে যে, যি সকল সঘনাই আহি থাকে তেওঁলোকৰ চেহেৰাতো যেনিবা মনত থাকে৷ তেতিয়া আমাৰো সুবিধা হয় কামসমূহ সোনকালে আগবঢ়াই নিবলৈ৷"

"মই দেখোন এই ছমাহেই আহি আছো৷ সদায় একেখিনিকে শুনি আছো৷ "

    "গম পাইছো৷ কিন্তু আমি কি কৰিম কওক৷ আপুনি দৰকাৰ হ’লে আৰু ছমাহো আহিব লগা হ’ব পাৰে৷ চৰকাৰী কাম৷ কেৱল আপোনাৰ কামটোকেতো আমি চাই থকা নাই৷"- মানুহজনে তেনেকৈ কোৱাৰ পাছত মই মুখেৰে আৰু একো মতা নাছিলো৷ মাতিবলৈ বহুত মন যায়৷ নিজৰ প্ৰাপ্যৰ হঁকে যুঁজিবলৈ মন যোৱাৰ স্বত্বেও পেঞ্চন নোপোৱাৰ ভয়ত একো কোৱা নাছিলো৷ "ঠিক আছে” বুলি কৈ বহি থকা চকীখনৰ পৰা উঠিলো৷ বাহিৰলৈ ওলাই আহিবলৈ লওঁতেই অফিচাৰজনে ক’লে,"কিবা এটা দি থৈ যাওক৷ তেতিয়া আপোনাৰ কথা কৈ প্ৰেছাৰ দিব পাৰিম৷"

    মূখেৰে কিবা এটা ক’বলৈ লওঁতেই জানিছিলো যে টোপ বিচাৰিবৰ  হ’ল৷ তথাপি তেওঁৰ মূখেৰে শুনিব বিচাৰিলো৷ কথাষাৰ শুনাৰ পাছত যেনিবা দিনটোৰ কামখিনি সম্পুৰ্ণ হোৱাৰ দৰে  হ’ল৷ লগে লগে জেপলৈ তেওঁলোকলৈ বুলি লৈ থোৱা টকা পঞ্চাছটা উলিয়াই দিলো৷ মই জানিছিলো সেই পঞ্চাছ টকাতোৰে তেওঁ কোনো ওপৰৰ বিষয়াৰ জেপ পূৰাব নোৱাৰে৷ পঞ্চাছ টকাৰে কাকনো প্ৰেছাৰ দিব তেওঁ৷ তথাপি মনটো মোৰ প্ৰতি সন্তুষ্ট হৈ থাকক বুলিয়ে দিওঁ৷ অফিচটোলৈ অহাৰ আৰম্ভণি দিনবোৰত পাঁছশ টকাৰ পৰাই আৰম্ভ কৰিছিলো৷ দিওঁতে দিওঁতে মোৰ অৱস্থা এতিয়া বুঢ়ী গাইজনীৰ দৰে  হ’ল৷ তথাপি তেওঁলোকে খিৰাবলৈ এৰা নাই৷ মইও আশাৰ অধীন৷ জমা পইচাইয়ো শেষৰ হাঁহি মাৰিব খুজিছে৷ 

    কথাবোৰ ভাবি গুনি অফিচটোৰ পৰা ওলাই আহিলো৷ ওলাই আহোঁতেই অফিচাৰজনে চিয়ঁৰা শুনিছিলো৷

    "অ'ই পোৱালি---"

    "ছাৰ---"

    "এইটো ল, আৰু মিঠাই চাৰিটা, চাহ চাৰিকাপ আৰু মোৰ কাৰণে এশ বিছ পান এটা--"- কথাষাৰ মোৰ কাণত থলৰকৈ পৰিছিল যদিও নুশুনাৰ ভাও ধৰি কোবাকোবিকৈ ঘৰমুৱা হৈ উভতিছিলো৷ জানিছিলো মোৰ পৰা খিৰোৱা পইচাটোৰেই জিভাৰ স্বাদ লক্সব৷ আৰু মই দিনৰ দিনটো একো নোখোৱাকৈ থাকিও এতিয়া খালী পেটেৰে ঘৰলৈ উভতিব লগা হৈছে৷ খাম কিহেৰে পইচা৷

    ঘৰলৈ অফিচটোৰ পৰা প্ৰায় তিনি কিলোমিটাৰ মান হ’ব৷ গাড়ীৰে দহ টকা ভাড়া লয়৷ কিন্তু এই ছমাহে খোজকাঢ়ি অহা-যোৱা কৰি কৰি মোৰ অ’টো ৰিক্সাত অহাটো বহুত অসাধ্য যেন অনুভৱ হয়৷ অহা যোৱা বিছ টকাতোৰে বহুত কিবা কিবি কৰিব পাৰিম যেন লাগে৷ প্ৰথম এমাহমান কষ্ট অনুভৱ কৰিছিলো, কিন্তু এতিয়া মোৰ নিজৰ পৃথিৱীখনৰ কথা চিন্তা কৰি কৰি আহোঁতে আহোঁতে এই তিনি কিলোমিটাৰটো বহুত কম হয়৷ নহ'বনো কিয়· চাকৰি কৰিছিলো যদিও আজি পৰ্যন্ত চাকৰি কৰিছো বুলি ফিতাহি এধোক মাৰিবলৈ সাহস অকণ গোটাব নোৱাৰিলো কথাষাৰ ভাবোতেই খোজকঢ়াৰ বাটতোত হুমুনিয়াহ কাঢ়িছিলো৷

ল'ৰা দুইটাকে টাউনৰ স্কুললৈ চাইকেলত তুলি নিয়া কথাবোৰ আজিও মনত পৰে৷ ডাঙৰ পোনাটি কেৰিয়াৰত আৰু সৰু সোণক আগৰ সৰু চিটতোত বহুৱাই সাধু কৈ কৈ নিয়াৰ সেই হেৰাই যোৱা দিনবোৰ আজিও চকুৰ আগত ভাহি থাকে৷ নাথাকিবনো কিয়·?এটাকো চাইকেলখন চলাই যোৱাৰ কষ্টখিনি দিয়া নাছিলো৷ দশম শ্ৰেণীলৈকে মইয়ে তাহাঁতৰ ড্ৰাইভাৰ হ'লো৷ উপাইয়ো নাছিল৷ মোৰ শক্তিয়ো ইমান নাছিল যে মটৰচাইকেল এখন কিনি দুইটাকে বেগী বতাহ খুৱাম৷ ল'ৰাইয়ো সৰুতে ঠিকেই বুজিছিল৷ জানিছিল চকীদাৰ বাপেকটোৱে" বাইছ ইঞ্চি চাইকেল খনৰ বাহিৰে বেলেগ বাহন এখন গোটাব নোৱাৰে৷ দুইটাই কোনোদিন যোৰও কৰা নাছিল৷ মাকে দিয়া ভাতকেইটাতেই চাগে সিমানকন শক্তি আছিল যে তাহাঁতি মোৰ দক্ষতাৰ পৰিমাণৰ ভিত্তিতেই নিজকে বাধ্য কৰি ৰাখিছিল৷ 

    দুখতো আজিকালি সেইখিনিতে লাগে----

মাক ঢুকুৱাৰ পাছৰে পৰা মইয়েই তাহাঁতৰ কাৰণে সকলো আছিলো৷ দেউতা অমূকতো, দেউতা তমুকতো৷ চকুৰ আগতেই কেনেকৈ যে দিনবোৰে মোৰ মূৰৰ ওপৰত গছক দি পাৰ হৈ গৈছিল তলকিব পৰা নাছিলো৷ মলয়া জনীয়েও ল'ৰা দুটাৰ নামতেই জীৱনটো শেষ কৰি পৃথিৱীখনৰ পৰা গুছি গল৷ বেচেৰীজনী, জীৱনৰ সুখনো কি, কোনোদিন অনুভৱ" কৰাৰ সুযোগেই নাপালে৷ চাকৰি কৰা ল’ৰা বুলি যোৰ জবৰদস্তি ঘৰৰ মানুহৰ হেঁচাত মোৰ লগত বিয়াত বহিল৷ মইয়ো নুসুধিলো বিয়া হ’বলৈ মন আছিল নে নাছিল৷আৱেগৰ প্ৰশ্ৰয়ত একৈশ বছৰ নৌ হওঁতেই দুটা কেঁচুৱা ডিঙিত ওলমাই দিছিলো৷ হয়তো নিজ জীৱনৰ প্ৰতি থকা আশাবোৰ মোৰ কাষলৈ অহাৰ পাছতে এৰি পেলাইছিল৷ তেনেকৈ পাৰ কৰা জীৱনটোকে তেওঁৰ সংগী বুলি ভাবি লৈছিল৷

ঘৰলৈ অহা বাটতোৰে প্ৰায় এক কিলোমিটাৰ মান আহিলো৷ ঘৰ মানে নিজৰ ঘৰ নহয়৷ সেইবোৰো বহুত কাহিনী৷ আৰু দুইকিলোমিটাৰ আছে যেতিয়া ভাবিবলৈ সময় পাম৷

    ডাঙৰপোনাই মেত্ৰিকৰ ৰিজাল্ট ভাল কৰি আহি মাকক আচম্বিতে নৰিয়া পাটীতে দেখিছিল৷  মাকক যে ভিতৰি ভিতৰি সেই কেঞ্চাৰ বেমাৰটোৱে ডিঙি চেপি আছিল মইয়ো সেইদিনাহে গম পাইছিলো৷ ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিলো৷ ল’ৰাৰ ৰিজাল্টৰ সুখও ল’বলৈ নাপালো৷ মাকক এখন ব্যক্তিগত হস্পাতালত চিকিৎসালয়ত ভৰ্তি কৰাৰ সামৰ্থ মোৰ নাছিল৷ কেঁকাই থাকিয়ে মোৰ চকুৰ আগৰ পৰা মোৰ মলয়াজনী গুছি গৈছিল৷ চেষ্টাও বহুত কৰিছিলো৷ তাইৰ সেই নিঃস্বাৰ্থ হাঁহিতো আজিও মনত পৰে৷ কোনোদিন কোনো বস্তুৰ প্ৰতি হেঁপাহ দেখুওৱা নাছিল মোৰ মলয়া জনীয়ে৷ সৰুপোনাৰ মেত্ৰিক পৰীক্ষাৰ সময়তে ঢুকাইছিল মলয়াজনী৷ ঢুকুৱাৰ কেইদিন মানৰ আগতে মোক চকুপানী তুকি তুকি কোৱা কথা কেইটা-----"সৰুপোনাৰ পৰীক্ষাৰ ৰিজাল্টতো চাই যাব পৰা হ’লে----"

    "চিন্তা নকৰিবি অ' ৷ তোক ভগৱানে এতিয়াই নিনিয়ে নহয়৷"- কথাষাৰ তাইক সাহস দিবলৈ কৈছিলো যদিও মোৰ বুকুত জ্বলি থকা জুইকুৰাৰ উত্তাপ তাইক অনুভৱ কৰিবলৈ দিয়া নাছিলো৷ পানী এঢোক খাঁও বুলি কোৱাত ভিতৰলৈ পানী আনিবলৈ গৈ পাকঘৰটোত বহুত সময় কান্দিছিলো৷ কিন্তু কোনে শুনিব মোৰ হিয়াভঙা কান্দোন৷ মোৰ এই অনুভৱ"? টকা নথকা মানুহ যে৷ চিঁয়ৰিলেও মাত দিওঁতা এজন নাই৷

ঘৰ মাতি গোটেইকেইটা বেচি মলয়াক লৈ যাব পাৰিলোহেতেন অসমৰ বাহিৰৰ এখন নামি হস্পাতাললৈ৷ কিন্তু তাৰ পাছত মোৰ ঘৰখনৰ অৱস্থা কি  হ’ল হয়?পোনাহঁতৰ জীৱনকেইটাক লৈ খেলা কৰা নহ’ব জানো৷ তথাপি এদিন তাইক শুনাইছিলো বোলো মাতিডোখৰ আৰু ঘৰটো বন্ধকত দি তোক বাহিৰলৈকে লৈ যাঁও ব'ল৷ কিন্তু তাই মান্তি নহ’ল৷ 

    হাতখনত খামুচি ধৰি তাই কৈছিল,"মোৰ বেমাৰতো যে ভাল হ'ব তাৰ জানো সম্পূৰ্ণ সঠিকতা আছে? আৰু যেনিবা ভাল হ'লেই, তাৰ পাছত পোনাহঁতৰ পঢ়া-শুনা· তাহাঁতৰ জীৱনকেইটা----·"- কথাষাৰ কৈ মোৰলৈ এনেদৰে চাই আছিল যে মই একো মূখেৰে ক’ব পৰা নাছিলো৷ বুকুত জুই থৈ চকুত জোৰেৰে হাঁহিটো এনেদৰে বিৰিঙাইছিল যেন তাই পৃথিৱীৰ সকলোতকৈ সুখী৷ কিন্তু ভঙা পঁজাৰ খুটাৰ জোৰ মইহে জানো¯!

লাহে লাহে মোৰ জীৱনৰ পৰা মলয়া জনী গলগৈ৷ মোৰ কাষত থৈ গল মাথো আমাৰ মৰমৰ চানেকি, আমাৰ পোনাদুটি৷

পোনাহঁতো লাহে লাহে ডাঙৰ হক্সবলৈ ধৰিছিল৷ লাহে লাহে পৃথিৱীখনক বুজিব পৰা হৈছিল, চিনিব পৰা হৈছিল৷ মোৰ চকুৰ আগতে দুইটা তজবজকৈ ডেকা হৈ পৰিল৷ তলকিবই নোৱাৰিলো কেতিয়ানো চকুৰ আগতে কুৰিটা বছৰ পাৰ হৈ গক্সল৷ বয়সো হৈ আহিছিল মোৰ৷ 

কিয় জানো, লাহে লাহে দেখোন পোনাহঁত মোৰ হাতৰ মূঠিৰ পৰা এৰাই গৈছিল৷ এম এ' পঢ়া শেষ কৰি কলেজ এখনত প্ৰফেছৰ হ'ল৷ এদিন ক'লে বোলে কলেজ ঘৰৰ পৰা দুৰৈত বাবে সি হেনো ঘৰৰ পৰা অহা যোৱা কৰিব নোৱাৰে৷ তেতিয়াৰে পৰা সি ঘৰৰ পৰা আঁতৰিয়েই আছে৷ এমাহ দুমাহ কৰি আজি দুটা বছৰেই গ'ল৷ আগতে বিহুৰ সময়চোৱাতে মাত দেখা দি থৈ যায়হি৷ আজিকালি তাৰ চেহেৰাতোকো দেখিবলৈ নাইকিয়া হ’ল৷ সেইদিনা শুনিলো বোলে সি বিয়া পাতিলে৷ মোক দেখান নামাতিলেই তাৰ বিয়াখন খাবলৈ৷ তাৰ দৰে মই জ্ঞানী মানুহ নহওঁ বাৰু, সেইবুলিনো মোৰ বাপেক হিচাপে আশীৰ্বাদ এটা দিয়াৰ অধিকাৰকনো নাইনে? কথাষাৰ ভাবিলতে দেখোন মোৰ মূখখন চকুৰ পানীৰে তিতি পৰিল৷ 

"এহ নাই নাই, মই আকৌ কিয় কান্দিছো৷ সি আজি সফলতাৰ শিখৰত আছে, সেইটো দেখোন মোৰেই গৌৰৱ৷ কিন্তু সেইবুলিনো তাৰ মাকৰ মৃত আত্মাৰ শান্তিৰ বাবে শ্ৰাদ্ধটোৰ কথা শুধিবলৈনো তাৰ ওচৰত সময় নাইকিয়া হ’লনে·"-- কথাষাৰ ভাবি ভাবি ৰাষ্টাতোতে মই আকৌ আৱেগিক হৈ পৰিছিলো৷ বুকুখন শোকটোৱে" খুন্দা মাৰি ধৰাত ওচৰতে ৰাষ্টাৰ দাঁতিতে থকা গছ এজোপাতে ভৰ দি কেইমূহুৰ্তমান ৰ’লো৷ দিনটো একো খোৱাও নাছিলো যে, শৰীৰটো একেবাৰে দুৰ্বল হৈ পৰিছিল৷ বৰ বেছিকৈ দোষও দিব নোৱাৰি৷ সংসাৰ এখন পাতিলে যেতিয়া মোৰ দৰে গঞাঁ বাপেক এটাৰ কথানো কেনেকৈ চিন্তা কৰি থাকিব৷ এক মূহুৰ্তৰ পাছতে আকৌ ঘৰলৈ বুলি বাট লৈছিলো৷

কথাবোৰ ভাবি ভাবি কেতিয়ানো ঘৰৰ পদুলিটো পালোহি গমকে নাপালো৷ বাৰাণ্ডাখনত ভৰি দিয়েই ওচৰতে থকা পুৰণি আৰ্মি চকীখনত গাটো এৰি দিলো৷ 

আস...... একদম সৰগৰ সুখযেন অনুভৱ হ’ল৷ মূৰটো লাহেকৈ চকীখনৰ ওপৰৰ অংশত এৰি দিছিলো৷ মূৰটো থওঁতেই দেখোন দুইটা চকুৰ ফাঁক দুটাই তপত পানীৰ কেইটামান টোপাল নিগৰি গক্সল৷ এই ঘৰটোতো এতিয়া মই অকলেই৷ কেতিয়াবা ৰাতি খবৰ কৰিবলৈ বুলি কাষৰ ঘৰৰ বৰুৱা আহি ওলাইহি৷ সংগী বুলিবলৈ সেইকনেই আৰু৷

ঘৰ বুলি কবলেও এইটো মোৰ নিজৰ নহয়৷ পোনাহঁতৰ পঢ়া খৰচ আৰু হ’ষ্টেলৰ খৰচৰ বোজা উঠাবলৈ নিজৰ ঘৰ মাতি বন্ধকত দিছিলো৷ টকা ঘুৰাই দিবলৈ মোৰ আজিও সামৰ্থ নহ’ল৷ সুতে মূলে সেই পৰিমাণ বহুত বেছি হৈছিলগৈ৷ চাকৰি শেষ হ’বলৈ এমাহমান থাকোতে মোক টকা দিয়াজনে ঘৰৰ পৰা মোক বাহিৰ কৰি দিলেহি৷ সেই ঘৰ মাতি তেনেকৈয়ে এৰি যেনিবা ৰাতিটো কতাবলৈ বুলি বৰুৱাৰ ঘৰ ওলালোহি৷ বৰুৱাই মোৰ অৱস্থা দেখি ভিক্ষাৰীক সোণ দিয়াৰ দৰে তেওঁৰ এই কোঠাদুটি মোক থাকিবলৈ দিলে৷ মানুহজনে মোৰ দুর্দশাৰ কথা নিশ্চয় অনুমান কৰিব পাৰিলে৷ নহ’লেনো মোৰ পৰা এটকাও নোলোৱাকৈ মোক থাকিবলৈ দিয়েনে? পোনাহঁতেতো এইবোৰ কথা গমকে নাপায়৷ 

ইফালে আজিকালি সৰুপোনাও মোৰ লগত নাথাকে৷ ইঞ্জনিয়াৰিং পঢ়া শেষ হোৱাৰ লগে লগে তাক কোম্পানীয়ে মাতি নিলে৷ আগতে হ’ষ্টেলত থাকোতে বছৰেকত এবাৰ চেহেৰাতো দেখিবলৈ পাইছিলো৷ কিন্তু এতিয়া সেইকনো নাইকিয়া হ'ল৷ বেচেৰাটোৰ গাতো দোষ নাই৷ কোম্পানীৰ চাকৰি৷ উশাহ ল’বলেও সময় নাপায় চাগৈ৷

দুদিন মানৰ আগত ডাঙৰ হক্সটেল এখনৰ পৰা ধুনীয়া ছোৱালী এজনীক মটৰ চাইকেল এখনৰ পাছতে বহুৱাই লৈ ওলাই যোৱা দেখিছিলো৷ দাড়ি অলপমান ৰাখি বৰ ধুনীয়াতো  হ’ল৷ মোৰ দেখি বিশ্বাসেই হোৱা নাছিলে সেইটো যে মোৰ ল’ৰা৷ মটৰ চাইকেলখন দামী যেনেই লাগিল৷ মই বেগাবেগিকৈ দৈ মাতিছিলো যদিও সি নুশুনিলে৷ শুনিছিল যদিও মাতিবলৈ ইচ্ছা নকৰিলে৷ মাতেনো কেনেকৈ? সেই ধুনীয়া ছোৱালীজনীৰ আগত যদি এই ফটা চুৰীয়া পিন্ধা বুঢ়া মানুহটো মাতে, তাৰ সন্মানখিনি ক’ত থাকিব? কিন্তু দেখি মই বেছ আমোদ পালো৷ মই যিবোৰ সুখ দিব পৰা নাছিলো, সেইবোৰ সুখ আজি তাহাঁতি নিজৰ বলত আহৰণ কৰিছে৷ তথাপিও মাত এষাৰ দি যোৱা হ’লে আৰু অলপ ভাল লাগিল হয় যেনিবা৷ "চেঃ, ল’ৰাদুটা যে কেতিয়া আকৌ মোক দেখা কৰিবলৈ আহিব· চাকৰিৰ শেষ কৰাৰ বাবে পাব লগীয়া টকাখিনি পোৱাৰ সময়তেই লগ পাম আৰু চাগৈ৷ হ’ব, ভগৱানে সেইদিনটোলৈকে জীয়াই ৰাখক মোক৷"

কথাখিনি ভাবি ভাবি দীঘল হুমুনিয়াহ এটা মাৰিলো৷ ঘপককৈ মন কৰিলো পিন্ধি থকা চোলাটোৰ ডিঙিৰ ওচৰৰ অংশ চকু পানীৰে তিতি আছিল৷ "ধেৎ্ মইও যে নহয়৷ কি যে অলাগতিয়াল কথাবোৰ চিন্তা কৰি থাকো---"- নিজকে নিজে ক’লো৷

কথাষাৰ কৈ হাঁহি এটা মাৰি ভাত বনাবলৈ বুলি ভিতৰলৈ সোমাই গ’লো৷ নতুবা বহুত পৰ হৈছিল ৷ আকৌ পাছ দিনাও পেঞ্চনৰ কামটোৰ বাবে যাব লাগিব নহয়৷ শৰীৰটো বেয়া হ’লে যাম কেনেকৈ ---" 



                                

   কৌস্তুভ প্ৰতীম কাশ্যপ
   ফোন- 7035337834
   ঠিকনা-   কলিয়নী গাঁও
   বালিগাঁও
   যোৰহাট।

No comments:

Post a Comment