বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

সন্ধিয়া সাগৰ পাৰলৈ

সন্ধিয়া সাগৰৰ পাৰলে অকলে নাযাবা
বৰ নিসংগ হৈ পৰিবা,
জীয়া শিলছটাত নবহিবা
সি তোমাক অতীতৰ 
ষ্মৃতি শুনাব,
সজল চুলিকোছা নেমেলিবা
সাগৰীয় মলয়াত 
বাউলি হৈ পৰিবা,
সাগৰৰ শব্দ শুনিবলে 
অপেহ্মা নকৰিবা
শব্দৰ উন্মাদনাত 
কালভূজংগিনী হৈ থিয় দিব,
অচিনাকি চৰাইদুটি তোমাৰ 
তোমাৰ আগেদি উৰা মাৰিব
হঠাৎ তোমাৰ হৃদয়ত 
হেপাহ জাগিব,
সাগৰৰ সিপাৰলৈ 
যোৱাৰ হেপাহ
সিপাৰৰ সোলেং পালেংত
নিদ্ৰাত বিলীন হোৱাৰ হেপাহ,
তেতিয়াই জলকেলি কৰা
চিনাকি ধুমুহাছাটি আহিব
আৰু তুমি ভয়ত স্পিৰিত
হৈ মোক বিচাৰি 
হাহাকাৰ কৰিবা,
সেইবাবে কৈছো
সাগৰৰ পাৰলৈ 
অকলে নাযাবা
বৰ নিসংগ হৈ পৰিবা।।
                                
                     -কিংকৰ অৰ্চনা।

No comments:

Post a Comment