বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

অশ্ৰু


স্বপ্নহীন জীৱন
অপ্ৰাপ্তিৰ শূন্যতাত
শুকান পাতৰ দৰে
যাৰ যৌৱন সৰি পৰে
তেওঁৰ বাবে অশ্ৰু 
একমাত্ৰ সংগী,
ৰাতিৰ নিঃশব্দতাত
নিঃসংগতাক লগৰী কৰি
প্ৰেমে বিধ্বস্ত কৰা সেই ষোড়শীৰ সেমেকা শিতানৰ গাৰুত
দুচকুৰ তপত লুনীয়া,
সেয়া অশ্ৰু
জীৱনৰ তিক্ততাই কোঙা কৰা আপোনজনৰ ককৰ্থনাত ছেদেলি-ভেদেলি হোৱা সেই দুৰ্ভগীয়াৰ বুকুত
পাৰ ভাঙি বৈ যায় অশ্ৰু
গভীৰৰ পৰা গভীৰতালৈ
বানে বিধ্বস্ত কৰা নিঃকিনৰ বুকুত জোৱাৰ উঠে অশ্ৰুৰ
কিন্তু অশ্ৰু জানো কেৱল বেদনাৰ?
বছৰজোৰা খেতি কৰা সেই যে সুখী মানুহজন?
লহ্পহীয়া শইচৰ মাজত
আনন্দত চকুলো তিতে
সেয়া আনন্দাশ্ৰু
সন্তানৰ সফলতাত
মাতৃৰ দুচকুৰে নিগৰা
সেয়াও আনন্দাশ্ৰু
অশ্ৰু দুখৰ
অশ্ৰু সুখৰ
অশ্ৰু হৃদয়ৰ স্পন্দন ।

সুদৰ্শনা বৰদলৈ

No comments:

Post a Comment