বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

কালসন্ধ্যা

বতৰটো বেয়া কৰি আহিছে...অনন্যাই যিমান পাৰে সোনকালে ঘৰত যাবলে ট্ৰেভেলাৰ খনত উঠিল|ছিট খালি দেখি বহিব পালে তাই| পমহঁতে কিমান বেয়া পাইছে ঠিক নাই তাইক!!!কিন্তু উপায় নাই..একমাত্ৰ ভায়েক আৰু মাকৰ মুখলে মনত পৰি গুচি আহিবলগা হ'ল|
গাড়ীখন চলিবলৈ ধৰিলে....তাইৰ কাষৰ খালী চিটটোতে এজন বয়সস্হ লোক বহিল|তাই মনতে নিজক অলপ সুৰক্ষিত অনুভৱ কৰিলে...কাৰন সন্ধ্যা নামি আহিছে| তাইক ভদ্ৰলোক জনে ঘৰ ক'ত,কি কথা আদি সুধিলে আৰু ক'লে,"মাজনী তুমি মোৰ ছোৱালীৰ বয়সৰ..ভালকে থাকিবা..দিন-কাল বৰ এটা ভাল নহয় আজি-কালি"| এনেদৰেই দুই/এটা কথা পাতি গৈ আছিল তাই|হঠাতে তাই অনুভৱ কৰিলে কোনোবাই তাইৰ শৰীৰত স্পৰ্শ কৰিছে!! তাই গাৰ মাজেদি এক বিদ্যুত শিহৰণ পাৰ হৈ গ'ল| স্পৰ্শটো লাহে লাহে খৰকাতৰ হ'ব ধৰিলে| তাই অলপো পলম নকৰি বেগৰ ভিতৰৰ পৰা এটা পিন উলিয়াই সৰ্বশক্তি প্ৰয়োগ কৰি ব্যক্তিজনৰ শৰীৰত আঘাত কৰিলে|লগে লগে তাইৰ কাষত বহি থকা মুখা পিন্ধা ভদ্ৰলোক জন গাড়ী ৰখাই নামি যাবলৈ উদ্যত হ'ল|

পৰিশমিতা শইকীয়া
 লখিমপুৰ

No comments:

Post a Comment