বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

তুমি যদি আহিলাহেঁতেন

হৃদয়ৰ প্ৰতিটো কোঠালি খুলি দিছোঁ 
অপেক্ষা মাথো তোমাৰেই ....
তুমি আহিবা ,মোৰ হৃদয়লৈ
সংগোপনে আহি তাত 
তুমি বিচৰণ কৰিবা ।
প্ৰেমৰ বৃষ্টিৰে বুৰাই ৰাখিম 
ভালপোৱাৰ তেজেৰে 
ৰাঙলী কৰি তুলিম তোমাক।
সাৰ পাই উঠিছো আকৌ এবাৰ 
তোমাৰ প্ৰেমৰ মায়াবী স্পৰ্শত ।
প্ৰাণ পাই উঠিছে মোৰ 
আৱেগ অনুভূতিবোৰ 
উপশম হ'ব ধৰিছে মোৰ 
বুকুত খোপনি পোতা
বিষাদৰ কালিকা লগা বিষটো।
তুমি আহিবা মোৰ হৃদয়লৈ ।
সংগোপনে ...............।

✍ নিখিল বৰ্মন ।
গাওঁ - বনগাওঁ (কলবাৰী)
জিলা - নলবাৰী (অসম)

No comments:

Post a Comment