বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

।।। চাকি গচি জ্বলাই দিয়া ।।।

পাপ পঙ্কিলতাৰে ভৰা 
বিষাক্ত পৃথিৱীত
অকনমান পোহৰ বিচাৰি 
হাবাথুৰি খাই উঠে
মনৰ আন্ধাৰ খিনি ।

মাটিৰ চাকি গচি জ্বলাই দিয়া 
আন্ধাৰ ফালি পোহৰ 
সোমাই আহক কিঞ্চিত ।

নালাগে এসোপা পোহৰ
আন্ধাৰ কোঠাৰ ,আন্ধাৰ মনৰ
দৰিদ্ৰতাই ভৰা দুঃসময়ত
কিঞ্চিত পোহৰেই আনিব
শান্তিৰ বতৰা ।

জীৱনৰ অত্যাচাৰৰ ৰাতি 
ভোকৰ তাড়নাত 
ঢিমিক ঢামাক জ্বলা 
চাকিৰ পোহৰত 
আন্ধাৰ নুগুচে
নুগুচে পেটৰ পোৰণি 
নহয় যৌৱনৰ দীপ্তি  জ্যোতিষ্মান ।

আন্ধাৰ ৰাতিৰ যন্ত্ৰণা 
দুৰ কৰিবলৈ 
আজি সন্ধিয়াৰ আকাশত 
জোন তৰা নোলাব 
কেৱল পোহৰে নাচিব
তুমিও এগচি চাকি জ্বলাই দিয়া 
আন্ধাৰ বিনাশ কৰি 
অকণমান পোহৰ আহক
শলিতা ডাল বঢ়াই দিয়া 
চাকি গচি জ্বলি উঠক ।

      দুলুমনি শইকীয়া 
            নগাঁও

No comments:

Post a Comment