বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

ৰাসক্ৰীড়াঃ কাম জয় নামে ইটো কেশৱৰ কেলি

অষ্টাদশ পুৰাণৰ শ্ৰেষ্ঠ,পুৰাণৰ সূৰ্য শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ উণত্ৰিশ অধ্যায়ৰ পৰা তেত্ৰিশ অধ্যায়লৈ বৰ্ণনা কৰা হৈছে ৰাসক্ৰীড়া ৷ যাক ৰাস-পঞ্চাধ্যায় বোলা হয় ৷ মূলতঃ "ৰস" শব্দৰ পৰা উৎপত্তি হোৱা ৰাসৰ অভিধানিক অৰ্থ হ’ল শ্ৰীকৃষ্ণই ব্ৰজধামৰ ভক্তা গোপীসৱৰ সৈতে কৰা ৰসাত্মক নৃত্যক্ৰীড়া ৷ অৰ্থাৎ শ্ৰীকৃষ্ণৰ সৈতে গোপীসকলৰ অপূৰ্ব মিলনৰ ৰসোতীৰ্ণ কাহিনীয়ে হ’ল ৰাসক্ৰীড়া ৷ ৰাসক্ৰীড়াক সাধাৰণ দৃষ্টিত শৃংগাৰ বা আদিৰসে প্ৰাধান্য লাভ কৰিছে যেন লাগিলেও ইয়াত আত্মাৰ সৈতে পৰমাত্মাৰ মিলনৰ কথাখিনিহে নিহিত হৈ আছে ৷ সাংসাৰিক আসক্তিত পৰি ভগৱানৰ প্ৰতি আকৃষ্ট নোহোৱা সাধাৰণ লোকক বহু সময়ত লৌকিক ৰসৰ জড়িয়তে ভগৱৎ ভক্তিলৈ মন নিবৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ 


শৃংগাৰ ৰসে আছে যাৰ ৰতি ৷
আকে শুনি হৌক নিৰ্মল মতি ৷৷


মহাপুৰুষ শংকৰদেৱে সেয়ে ৰাসলীলাৰ বিষয়ে লিখিছে-

বৃন্দাৱনে আনন্দে কৰিলা ৰাসক্ৰীড়া ৷
গুছাইলা গোৱিন্দে গোপীকাৰ কাম পীড়া ৷৷
শুনিয়োক বুদ্ধজন জনম সাম্ফলি ৷
কামজয় নামে ইটো কেশৱৰ কেলি ৷৷


ৰাসক্ৰীড়া আৰম্ভ হৈছে বস্ত্ৰ হৰণৰে গোপীসকলৰ অদ্বৈতভাৱৰ পৰীক্ষণৰ যোগেদি ৷ যাক মহৰ্ষি ব্যাসদেৱে গোপীসকলৰ "আৰ্হতা" বুলি কৈছে ৷"আৰ্হতা" শব্দৰ অৰ্থ টীকাকাৰ শ্ৰীধৰ স্বামীৰ ভাষাত ঈষৎ অক্ষত যোনী " ৷ যোনী মানে মায়া ৷ প্ৰথম পৰীক্ষণত গোপীসকল উত্তীৰ্ণ হ’ব নোৱাৰিলে ৷ কিয়নো গোপীসকল তেতিয়ালৈকে মায়ামুক্ত হ’ব পৰা নাছিল আৰু পৰম ব্ৰহ্ম কৃষ্ণই তেওঁলোকক অযোগ্য বিবেচিত কৰি পুণৰ এবছৰ সময় দিলে । তেতিয়া গোপীসকলে হেমন্ত ঋতুত কৃষ্ণক পতিৰূপে পাবলৈ কাত্যায়নী পূজিবলৈ কালিন্দীৰ পাৰত বালিৰে দেৱীমূৰ্তি নিৰ্মাণ কৰি কৃষ্ণক স্মৰণ কৰিলে-


মহামায়া কাত্যায়নী দিয়ো এহি বৰ ৷
আমাৰ হোন্তোক স্বামী নন্দৰ কুমাৰ ৷৷
এহি মন্ত্ৰ মাত্ৰ পূজৈ প্ৰতিনিত ৷
কৃষ্ণেসে হৈৱন্ত পতি ৰাত্ৰি দিনে চিত্ত ৷৷ ( ভাগৱত )


এনেদৰে যমুনাৰ জলত নগ্ন হৈ জল কেলি কৰি আহি ধূপ দীপ নৈবদ্যসহ  দেৱীক পূজা কৰি গোপীসকলৰ অন্তৰত বিশুদ্ধ কৃষ্ণ প্ৰেমত প্ৰসন্নহৈ কৃষ্ণই সন্মতি দিয়াৰ সিদ্ধান্ত কৰে -

যোগেশ্বৰ কৃষ্ণে তাসম্বাৰ বুজি চিত্ত ৷
গোপগণ সমে আসি মিলিল তহিত ৷৷
গোপী সমস্তক দিবে লাগি কৰ্মফল ৷
চিন্তিবে লাগিলা পাচে ভকত বৎসল ৷৷

এই ভৱনাৰে কৃষ্ণই গোপীৰ বস্ত্ৰ হৰণ কৰি কদম গছত উঠিল , তলত যমুনাৰ পানীত বিবস্ত্ৰা গোপীগণ ৷ ইয়াৰ তাত্বিক বিশ্লেষণ - যমুনা এই ভৱসাগৰ , পানী মায়া, বস্ত্ৰ অহংকাৰ আৰু কৃষ্ণ পূৰ্ণকাম ভগৱন্ত ৷ এই ভৱসাগৰত কৃষ্ণৰ কৰুণা লভিবলৈ হ’লে মায়াক নিৰ্যণ কৰি , অহংকাৰ শূণ্য হৈ কৃষ্ণৰ চৰণত শৰণাগত হ’ব লাগিব ৷ গোপীসকলে এই কথা উপলব্ধি কৰিয়ে কৃষ্ণত শৰণাগত হ’ল -

দুয়ো হাতে যেবে         কৰিয়া প্ৰণাম 
             তেৱেসে ব্ৰত সুসাংগ ৷
শুনি দুয়ো কৰ         শিৰত তুলিলা 
               তেজিয়া গুপত অংগ ৷৷
ব্ৰত ভংগ ভয়ে         কৰিয়া কৃতাঞ্জলি 
                সিদ্ধি হৌক মনকাম ৷
সমস্ত ধৰ্মৰ         ফল মূৰ্তি কৃষ্ণ 
          কৰিলা তাকে প্ৰণাম ৷৷

গোপীসকলৰ প্ৰেমত সন্মতিজনাই তেতিয়াই তেওঁলোকৰ মনোৰথ পূৰণ কৰিৰ বাবে এবছৰৰ পিছত হ’ব লগা ৰাসক্ৰীড়াৰ কথা সোৱঁৰাই দিয়াত কৃষ্ণৰ পদধূলি শিৰে লৈ গোপীসৱ নিজ গৃহে উভতি যায় ৷

আসিবে শৰত      ৰাতি বিতোপন
              বিকশিত বৃন্দাৱন ৷
মঞি সমন্বিত       কৰিবাহা ক্ৰীড়া
                পৰম আনন্দ মন ৷৷

ইয়াৰ পাছত শৰতৰ চন্দ্ৰাৱলী ৰাতি পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি পূৰ্ণকাম ভগৱন্তই বৃন্দাৱনত গোপীৰ কামপীড়া গুচাবলৈ যোগমায়াৰ অচিন্ত্য শক্তিৰে বংশীত পঞ্চমনাদত ৰাগ দি গোপীসকলক ৰাসক্ৰীড়াৰ বাবে আহ্বন জনালে ৷ যমুনাৰ তীৰত কৃষ্ণৰ বংশীধ্বনীত গোপীসৱ কামে উত্ৰাৱল হৈ বংশীধ্বনী নিৰেখি গাই-দামুৰী, পতি-পুত্ৰ সকলো এৰি বস্ত্ৰ অলংকাৰে বিভূষিতা হৈ প্ৰাণধন কৃষ্ণৰ কাষলৈ ঢাপলি মেলিলে -

বনকো দেখিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত ৷
সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত ৷৷
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে ৷
দিলেকে লৱড় গীত ধ্বনী নিৰিক্ষণে ৷৷

ভগৱানৰ মায়াৰ বলত কামে বিমোহিত হৈ যেতিয়া গোপীগণ কৃষ্ণৰ সন্মূখ হ’ল তেতিয়া কৃষ্ণই গোপীসকলক ক’লে- তোমালোক ইমান জয়াল ৰাতি এই অৰণ্যলৈ কিয় আহিলা ৷ এই দুৰ্ঘোৰ বনত ৰাতি প্ৰেত-পিশাচ, বাঘ, ঘোং, বৰাহ, ভালুকে বিচৰণ কৰে ৷ যাৰ মাত শুনি পুৰুষেও ভয় কৰে ৷ তোমালোক তিৰোতা মানুহ ৷ তোমালোকক ঘৰত নেদেখি ল’ৰা-ছোৱালী , স্বামীয়ে বিচাৰে অসহায় হৈ পৰিছে ৷ তোমালোক এতিয়াই ওলটি যোৱা আৰু স্বামী, ল’ৰা-ছোৱালীৰ সেৱা কৰাগৈ ৷

দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি ৷
ঐত নাথাকিবা তোৰাসৱ স্ত্ৰীমতি ৷৷
তোমাসাক নেদেখিয়া পিতৃ- মাতৃচয় ৷
তাসম্বাক মনে মহা মিলিব সংশয় ৷৷
ওলটি ব্ৰজক যাহা কান্দে শিশুগণ ৷
তাসম্বাক প্ৰতিপালি পিয়ায়োক স্তন ৷৷

ইমানৰ পাছতো গোপীসৱৰ মনৰ পৰিৱৰ্তন নোহোৱাত কৃষ্ণই শেষবাৰৰ বাবে গোপীগণক পৰীক্ষা কৰি চাবলৈ ক’লে- সদাচাৰ আৰু গৃহস্থীধৰ্ম ৰক্ষা কৰাটো স্ত্ৰীৰ পবিত্ৰ  কৰ্ত্তব্য ৷ ইয়াৰ পৰা স্খলন ঘটিলে স্ত্ৰীৰ ধৰ্ম বিনষ্ট হ’ব ৷ উপপতি সমে ক্ৰীড়া কৰা বৰ গৰ্হিত কাম, পাপ কৰ্ম ৷ গতিকে তোমালোকে সকলো চিন্তা এৰি নিজ গৃহ লৈ গৈ পতি সেৱাত ব্ৰতি হোৱাগৈ ৷ জাগতিক ক্ষেত্ৰত মানুহে সাধাৰণতে প্ৰাণ ভয়, লোক ভয় আৰু ধৰ্ম ভয় এই তিনি ক্ৰিয়াৰ পৰা হাত সাৰি থাকিব বিচাৰে ৷ কিন্তু কৃষ্ণ প্ৰেমত উত্ৰাৱল গোপীসকলক ইমান বুজনি দিয়াৰ পাছতো এই তিনি ভয়েও টলাব নোৱাৰিলে তেতিয়াই ভগৱন্তই গোপীসকলক ৰাস ক্ৰীড়ালৈ আহ্বান জনালে আৰু গোপীসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে ৷

ৰাসক্ৰীড়াৰ তাত্ত্বিক দিশ অতি গভীৰ । শ্ৰীধৰ স্বামীয়ে ‘আত্মনি অৱৰুদ্ধ-সৌৰতঃ’ৰ টীকা কৰিছে – ‘এৱমপ্যাত্মনেৱস অৱৰুদ্ধঃ সৌৰতঃ চৰমাধাতুঃ নতু স্খলিতো যস্যোতি কামজয়োক্তিঃ।’ অৰ্থাৎ শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে শৃঙ্গাৰ ৰসৰ অভিনয় কৰিলেও তেওঁৰ ধাতুস্খলন হোৱা নাছিল; ইয়াতেই কামজয় প্ৰদৰ্শিত হ’ল। স্বামীজীয়ে ৰাসলীলা বৰ্ণনাৰ আদিতে কৈছে ‘তস্মাদ্ৰাসক্ৰীড়াৱিড়ম্বনং কামজয়াখ্যাপনায়েতি তত্ত্বম্।’ অৰ্থাৎ ৰাসক্ৰীড়া বিড়ম্বন মাথোন, ৰাসলীলাৰ অনুকৰণত কামজয় প্ৰদৰ্শন কৰাটোৱেই আচল তত্ত্ব।


ব্ৰজৰ গোপীসকলে মূৰ্ত্তিমান আনন্দ শ্ৰীকৃষ্ণক আলিঙ্গন কৰি গোটেই সংসাৰ পাহৰি গৈছিল। শ্ৰীকৃষ্ণৰ ৰাসলীলা জীৱ ব্ৰহ্মৰ পৰমব্ৰহ্মৰ সৈতে আলিঙ্গনৰ অভিনয়। সাংসাৰিক মায়া ত্যাগ কৰিব পাৰিলেই কামভাৱ নাথাকে আৰু কাম ত্যাগ কৰি আনন্দ মূৰ্ত্তিৰে সৈতে আলিঙ্গিত হ'বৰ একমাত্ৰ উপায় হ’ল প্ৰেম। প্ৰেমৰ ঘাই লক্ষণ প্ৰিয়তমৰ অপ্ৰাপ্তি দাৰুণ উৎকণ্ঠা। বিৰহিণী,ব্যভিচাৰিণী কামিনীয়েই সেই উৎকণ্ঠাৰ চূড়ান্ত দৃষ্টান্ত। এই বাবে গোপীসকলক ব্যভিচাৰিণী, পৰনাৰীৰূপে থিয় কৰি  ভগৱন্তক পাবৰ উৎকণ্ঠা দেখুৱা হৈছে অৰ্থাৎ জীৱৰ এনেকুৱা উৎকণ্ঠা হ'লেহে জীৱই ভগৱন্তক লাভ কৰিব ৷

( বিঃদ্ৰঃ প্ৰৱন্ধটি প্ৰস্তুত কৰোতে কেইবাখনো গ্ৰন্থ আৰু লেখকৰ লেখনিৰ সহায় লোৱা হৈছে ৷ সেইসকল নমস্য লেখকৰ ওচৰত কৃতজ্ঞতা জনালোঁ ৷ )

--পংকজ বৰা ( সন্দিকৈ )
মুদৈজান, টীয়ক, যোৰহাট

No comments:

Post a Comment