বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

মা! এটা বৰ মধুৰ শব্দ

জন্ম  হোৱাৰ পাছত প্রথম উচ্চাৰিত
যিটো শব্দৰ  পৰশত মোৰ দেহ-মন প্রফুল্লিত হৈ উঠে।।
মাৰ অবিশনে এই পৃথিবীত
মোৰ আন কোনো নাই।
তুমিয়েই মোৰ সকলো....
মা, তুমি সচাকৈয়ে বৰ মহান।।
তুমি দিয়া সান্তনাতে জীয়াই আছো
এই পৃথিবীত,
এখন ভগ্নতাৰে ভৰা হৃদয়  লৈ।
তুমি যিদৰে কষ্ট  কৰি মোক
ডাঙৰ কৰিছা, তাৰ ঋণ
মই কেতিয়াও পূৰাব নোৱাৰো।।
মা, তুমি সচাকৈয়ে অতুলনীয়....
তুমি দিয়া প্রতিটো উপদেশই 
পালন কৰিছো আৰু
আগলৈও কৰিম। 
তোমাৰ  প্রতিটো সপোন মই পূৰ কৰিম মা, 
তুমিয়েই মোৰ সকলো
তুমিয়েই মোৰ ভগৱান। 
মা, তুমি সচাই অনন্যা....।

লক্ষ্মীপ্ৰিয়া দত্ত
লখিমপুৰ
9577663235

No comments:

Post a Comment