বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

অন্তিম পথত মই



ভাষাৰে কি বুজাম
জীৱনৰ কথা
আশা ভৰসাত জীয়াই থকা
জীৱন এটি মাথোঁ ছাঁ !

শেষ হৈ হৈ
জীৱনৰ পল
এতিয়া মই অন্তিম পথত
লৈছোঁ খোজ
কি ' মোৰ জীৱনৰ শেষত ?

আজন্মৰ পৰা জীৱনৰ মৃত্যুলৈ
মাজত শূণ্যতা
সেই শূণ্যতাতে থাকে
আশা ভৰসা কল্পনা আদি !

এতিয়া মই গৈ গৈ
অন্তিম পথৰ যাত্রী
মোৰ জীৱনৰ আশা আকাংশা
কোনোবা এঠাইত
' সেমেকি !

কোনোৱে কোনোৱে কৰিব
মোক লৈ সমালোচনাঃ
কোনোবাই কব ভাল কোনোবাই কব বেয়া !

মোৰ নিথৰ দেহটো
কোনোৱে কোনোৱে
লৈ যাব শ্মশানলৈ
এতিয়া যে অন্তিম পথৰ যাত্রী মই !


ধৰ্মেন্দ্ৰ নাথ
৭০৩৫০৮১৬৮৬

বৰপেটা (বাক্সা মানাহ)

No comments:

Post a Comment