বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

সাঁ‌চিপাত


সাঁচিপাতৰ দস্তাবেজত নিলিখা মোৰ কাহিনী
মনৰ মাজতে কোনোবা অচুকত সাচি থোৱা আছে
মোৰ মন মগচজুত চলা অন্তঃদন্দৰ ছবি
সি কিমান যুক্তিহীন তাক চালি জাৰি চোৱা নাই
কিমান সচাঁ, কিমান মিছা
আৰু কিমান মনে সজাঁ
ভিত্তি জানোঁ আছে তাৰ ?
নাই , অকনো ভিত্তি নাই
কিছু দেখা, কিছু নেদেখা
 আৰু কিছু মনে গঢ়া
গোটেইবোৰ যুগুতাই ৰচা এটি কাহিনী
কেতিয়াবা মিলে যদি মিলিব সময়ৰ সোঁতত
নিমিলিলে থাকি যাব এনেদৰে নীলৰঙী চিয়াঁহীৰ ৰূপত
সাঁচিপাতৰ দস্তাবেজত নিলিখা মোৰ কাহিনী
মোৰ মনত লিখা সেয়া সোণোৱালী আখৰৰ কাহিনী ¡

সুশ্মিতা কলিতা

শুৱালকুছি, কামৰূপ

No comments:

Post a Comment