বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

নৈৰ সিটো পাৰে

 দেওবাৰ আছিল সিদিনাখন । গৰমৰ লপ বেচি আছিল বাবে আমি সকলো চোতালত বহি আছিলো । সন্ধিয়াৰ সময় । আকাশত মেঘ আছিল যদিও বৰষুণৰ কোনো সম্ভাৱনা নাছিল । ৰাতি বৰষুণ হোৱা আশা আছিল । মৃদু বতাহ বলিছিল । দিনটোৰ প্ৰচন্দ গৰমৰ পিচত এই বতাহ জাকে দেহ মন জুৰ কৰি পেলাইছিল । চৰাইবোৰেও নিজ বাহলৈ বুলি বাট লৈছিল । এক ধুনীয়া পৰিবেশৰ সৃষ্টি হৈছিল সেইখিনি পৰত । নৈ পাৰলৈ যাব বৰ মন গৈছিল । কিন্তু কাৰ লগত যাও ? চাইকেল ঘৰত কব গলে দুখন । এখন দেউতাই লৈ গৈছিল আৰু এখন ভাইটিয়ে । নৈ খন ঘৰৰ পৰা ওলপ দূৰত । খোজ কাঢ়ি গলে বহুত সময় লাগিব । তাতকৈ ঘৰৰ পিচফালে থকা পথাৰৰ ওলপ দূৰত এটা পুখুৰিতিলৈ যোৱা এ ভাল । ধ্ৰুৱক লগ ধৰিলো যাবৰ কাৰণে । দহ মিনিট মান পিচত যাম বুলি কলে । মই তালৈ ৰৈ আছিলো । ওলপ পিচত সি আহি ওলাল । দুয়ো পথাৰলৈ খোজ ললো । সি মোবাইলত ব্যস্ত । প্ৰেমিকাৰ লগত মেচেজ কৰি আছে ।
: বৰ্ণালী? (মই সুধিলো তাক )
: ওহ । কি কৰিবি আৰু এইখিনি সময় এ পাও তাইৰ লগত মেচেজ কৰিব । এনেই পাও যদিও সিমান নহয় মানে চুপকে চুপকে । মা দেখিলে গালি দিয়ে। ( সি মোবাইলত টাইপ কৰি কৰি এ কৈ আছিল ।)
: ওহ ।  
কথা পাতি পাতি আমি পুখুৰিৰ পাৰ পালো । তাতেই ওলপ বহিলো । বহুত মনতো এ শান্তি পোৱা যেন লাগিল । সচাকৈও পাইছিলো । সন্ধিয়া হোৱাৰ আগত আহি গলো । দ্বিতীয় দিনা নৈ পাৰলৈ যাব লগ ধৰিলো । এটি কাৰণ আছে সেই নৈ খনলৈ যোৱাৰ। দুদিন মান আগত  গৈছিলো তালৈ । এজনী ছোৱালী দেখিছিলো । নৈ সিটো পাৰত ঘৰ আছিল তাইৰ । ভালকৈ দেখা নাছিলো । কিন্তু অনুমান হৈছিল যে মৰম লগা ছোৱালী আছিল ।  

     দ্বিতীয় দিনা ধ্ৰুবৰ লগত ওলালো । বাইকত । 
: পিচে নামতো গম পালি নে নাই তাইৰ? (ধ্ৰুবই বাইক চলাই থাকিয়ে সুধিলে ।)
: নাই । কত আৰু গম পাম । সেই দুদিন মান আগতে যে দেখিছো । তাৰ পিচত চোন যোৱাই হোৱা নাই পাৰলৈ । 
: ওহ ,, সেইতো নহোৱা নহয় । আজি দেখিলে মাতিবি কিন্তু ।
: চাও দে চোন ।
        কথা পাতি পাতি আমি নৈ পাৰ পালোগৈ । সুন্দৰ পৰিবেশ আছিল । বতাহ বলি আছিল । গাতো বৰ ভাল লাগিছিল । নৈৰ পানীত খোজ কাঢ়ি বৰ শান্তি পাইছিলো । ওলপ পানী ভাঙি আমি দুয়ো শিল এটাৰ ওপৰত বহিলো । বাৰে বাৰে চকু নৈৰ সিটো পাৰলৈ গৈছে । নাও নাছিল কাষত । ওলপ সময় ৰোৱাৰ পিছত এখন আহিল । 
: সিটো পাৰলৈ যাও ব’ল । (মই ধ্ৰুৱক ক’লো)
: থিক আছে ।
     দুয়ো নাওত বহিত সিটো পাৰলৈ বুলি গ’লো । মনতো যে কেনেকুৱা লাগি আছিল বুজিব পৰা নাছিলো । ভগাৱানলৈ এটাই প্ৰাৰ্থণা যাতে সেই ছোৱালী জনীক দেখা পাও । ওলপ সময়তে আমি পাৰ পালোগৈ । নাওৰ পৰা নামি এনেই ওলপ খোজ কাঢ়িব ধৰিলো । ওলপ দুৰ যোৱাৰ পিছতে এজনী ছোৱালী চকুত পৰিল । নৈ পাৰৰ শিল এটাত বহি আছিল । মৃদু বতাহে তাইৰ চুলিটাৰিক চুই গৈছিল । মনতে প্ৰশ্ণ হল যে মই দেখা ছোৱালী জনীয়ে আছিল নে?? এ যি হক,, আজি তাইক মাতিম । ভাবি ভাবি তাইৰ কাষ পালো । 
: ওলপ শুনিবা চোন ।(মই ওলপ ভয়ে ভয়ে কলো,, কাষত ধ্ৰুব আছিল যদিও কিবা এটা ভয় লাগিছিল । নাজানো কিয়)
: ওহ । (তাই আচৰিত হৈ মোৰ পিনে চালে ।)
: তুমি এইখিনি ঠাইত প্ৰায় আহা নেকি? আৰু ইয়াতে বহা নে? (মোৰ মাততো কপি আছিল )
: অ হয় । পিচে আপুনি কিয় সুধিছে ?
    মনতো ওলপ ভাল লাগিল । মই ভবা মতেই আছিল ছোৱালী জনী দেখাত । তাইৰ চকুজুৰিয়ে মোক বৰকৈ আকৰ্ষিত কৰিছিল । 
: নাই এনেই আৰু । মানে আমি সেইতো পাৰলৈ আহো মাজে মাজে । ইয়াত এজনী ছোৱালী দেখো । সেইকাৰণেই সুধিলো তুমি বুলি ।( মই একে উশাহতে কৈ দিলো । তাই আৰু কিবা আচৰিত ভাবে চোৱা যেন লাগিল । ধ্ৰুবই ও চাই আছিল ।)
: cool bro… লাহে ।(ধ্ৰুবই এটি দুষ্ট হাহি মাৰি কলে)
: অহ হয় নেকি?(ছোৱালী জনীয়ে কলে । ধ্ৰুবই যেনেকেহে কৈছিল কথাষাৰ , তাইৰ হাহি উঠিছিল ।)
   তাই কথাষাৰৰ উত্তৰত মই মাথো মুৰতো দোৱাই দিছিলো ।
: তোমাৰ নামতো কি?(মই সুধিলো)
: পাহি 
   তাই মোৰ কথা একো নুশুধাত মই নিজেই মোৰ পৰিচয়তো দিলো । ওলপ কথা পাতি আমি দুয়ো আহি গলো । 

       দুদিন মান পিচে পিচে মোৰ যেন নিত্য কৰ্ম হৈ পৰিছিল নৈ পাৰলৈ যোৱা আৰু তাইৰ সতে লগ কৰা । প্ৰেমত পৰিছিলো তাইৰ । এক নুবুজা অনুভুতিয়ে মোক তাইৰ কাষলৈ টানি লৈ গৈছিল । তাইৰ কথাত বুজিছিলো যে তাইও হয়তো মোক ভাল পোৱা হৈছিল । দুদিনমান যোৱাৰ পিছত মই এদিন তাইৰ হাতত ধৰি মোৰ মনৰ কথা কৈ দিলো । কিন্তু তাই কিয়বা একো নোকোৱাকৈ গুচি গল । মইও আৰু একো নকৈ আহি গলো । কিন্তু মনতো কিবা ভাল লগা নাছিল । কিয়বা তেনেকৈ গুচি গল বুজি নাপালো । পিচদিনা আকৌ গলো । তাই নাছিল । ওলপ পিচত আহিল । 
:কি হ’ল? কালি একো নকোৱাকৈ তেনেকে গুচি গলা যে ?
: নাজানো কি হৈছিল মোৰ সেইখিনি সময়ত । বেয়া নাপাবা ।
:নাই নাপাও । বেয়া পাবলৈ ভাল নাই পোৱা নহয় ।(মই কলো)
: মইও তোমাক ভাল পাও ।
   তাইৰ এই কথাষাৰে যেন মনতোক বৰ সকাহ দিছিল । আবেগতে মই হাতত খামুছি ধৰিছিলো আৰু হাতত এটি চুমা খাইছিলো । তাই যেনত লাজতে ৰঙা পৰি গৈছিল । তাই তাইৰ মুৰতো মোৰ কান্ধত থৈ দিলে ।
: এৰি নাজাবা দেই । (তাই কৈছিল)
: এৰি যোৱাতকৈ মৰি যোৱাই ভাল হ’ব ও । তোমাক এৰি মই থাকিব নোৱাৰিম ও পাহি ।
:মৰাৰ কথা নকবা ।(তাইৰ দুচকু যেন সেমেকি উঠিচিল)
: নকও দিয়া ।

চাৰি বছৰ পিচৰ কথা । 
:ঐ ,,,, তই ইয়াত কি কৰিচ হা???আৰু এনেকৈ????কি এইবিলাক????(মোৰ হাতত মদৰ বটল দেখি ধ্ৰুবই আচৰিত হৈ সুধিছিল )
:মোৰ জীৱন ধ্বংস হৈ গল ও ধ্ৰুব । মোৰ সকলো সপোন যেন এই নৈ খনিতে উটি গল । পাহিক বেলেগলৈ বিয়া দি দিলে ও । কাকোই একো মনাব নোৱাৰিলো ,মাছুৱৈৰ ছোৱালী বুলি তাইক মোৰ ঘৰত আকোৱালি লব নুখুজিলে । এই উচ্ছ নিচ্ছ কুল কি হয় ?মানুহতো মানুহেই ও। তাইক বৰ ভাল পাও জানো তই ।কিন্তু এই সমাজে আমাৰ ভাল পোৱা নুবুজিলে ধ্ৰুব । মই কি কৰো ক’ । তাই নহলে যেন মোৰ জীৱন,,,,,,,,,,,,

✍🏻 গোকুল লহকৰ 
বিদ্যাপুৰ , বৰপেটা ৰোড

No comments:

Post a Comment