বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

পকা ধানৰ মাজে মাজে সৰু সৰু আলি

পশ্চিমৰ পৰা অহা বতাহজাকে
পথাৰখন তেনেই উদং কৰিলে,
গাৱৰ সপোনবোৰে এতিয়া
বাট পোনাইছে
চহৰমুখী হাইৱেৰ ৰাস্তাটোৰে
গাৱত থাকি
এতিয়া এটা পঙ্গু জঁকা

বৰ্ষাৰ সপোন,
শাওঁনৰ পথাৰৰ সেউজীয়া,
ভাদমহীয়া সোনগুটিবোৰ
কোনো কবিৰ শব্দৰ মেলাত
চকী পাৰি বহিল

এতিয়া গাৱৰ সপোনবোৰৰ
উদৰ পুৰাই
ৰেষ্টোৰা নাইবা কোনো ধাবাৰ অৰডাৰী ফুড্চবোৰে
ঢেকীয়া,কলদীল,কচু
গোটেই সোপাই চহৰমুখী বাছখনত উঠিল
বিহু উৰুকা ৰাতিৰ
পিঠাৰ মেলখন শেষ
চুঙা পিঠা,ঘিলা পিঠা,খোলাচাপৰি পিঠাই
কাহানিবাই সভা এৰিলে
মম,চিকেনৰোল,দোচাই
শুৱালে সভাৰ পুৰণি চকী

বিনাই বিনাই কান্দে এতিয়া
বৰনামঘৰৰ ডবাবোৰে নাটঘৰত
বৰঘৰত ককাই গুনগুনাই
"কিয় ৰৈ ৰৈ কেতেকী বিনাঅ অমাতৰ মাত’’
ভাওনাৰ আখৰাৰ বাকৰি
আংকলে ডিল কৰিলে 'ৰকআৰু 'ৰিমিক্সক
পিতাইৰ পুৰণি লগৰী গোপালহঁতে
কাহানিবাই এৰিলে গাঁও
নিসংগ আৰু নিশব্দ হৈ পৰিল পিতাই
স্বৰাজ আৰু মহিন্দ্ৰহঁতে
এতিয়া পথাৰৰ আলি কাটে
সৰু আলি,বৰ আলি

জয়ন্ত দাস

ফোনঃ8638399496

No comments:

Post a Comment