বেটুপাত

বেটুপাত

Tuesday, 21 November 2017

শীত


 কুঁৱলি  চাদৰ আৰি
এখুজি দুখুজিকৈ
আকৌ  আহিলি তই  শীত।
এদেও দুদেও কৈ
দেও দি দি
পথাৰৰ বুকুত মেৰাই ধৰিলা
শুভ্ৰতা চাদৰ।
পিকৰঙা দুটি ওঁঠে
জুহালৰ কাষত 
কৈ যায় ' সাধু কথা !
উৰুৱাই  নিয়ে মোক স্মৃতিৰ বোকোচাত
সেইদিন পামনে ঘূৰাই ??
শীতৰো যে আছে এক
অবুজ মাদকতা
নিয়ৰৰ টোপালে পুৱাৰ দুৱৰিত
সিঁচি দিয়ে মুকুতাৰ মালা
ক্ৰমশঃ লঠঙা হোৱা গছৰ ডালে
দি যায় শীতৰ বতৰা



মানসী সিংহ

No comments:

Post a Comment