বেটুপাত

বেটুপাত

Sunday, 15 October 2017

বিশ্বাস

আইতাৰ থাপনাৰ এগচি চাকি
আমাৰ চিয়ঁৰি চিয়ঁৰি গোৱা প্ৰাৰ্থনা,
আৰু নিৰাকাৰজনৰ প্ৰতি থকা আস্থাই,
বিশ্বাস।
আমাৰ আই-পিতাইৰ
মনত গোঁজ পুতি থকা,
বুকুত বাঁহ পাতি থকা,
চকুত পৰিচ্ছন্ন হৈ থকা,
মোৰ ক্ৰুটিবিহীন চৰিত্ৰই
বিশ্বাস।
অথবা হঠাতে নিৰুদ্দিষ্ট হোৱা পুত্ৰ
"এদিন সোঁশৰীৰে ঘৰলৈ উলটিব"
বুলি মাকজনীৰ অন্তৰত শিপাই থকা আশাই
বিশ্বাস।
দুখন প্ৰেমিক হৃদয়ৰ
পৰস্পৰৰ বাবে
দুচকুত গাঢ় হৈ থকা যি ৰং
সেয়াই বিশ্বাস।
এবাৰ হেৰাই 'লে পুনৰাই ওভটাই আনিব নোৱাৰা যি টান
সেয়েই বিশ্বাস।


পৰিস্মিতা বৰদলৈ

No comments:

Post a Comment