বেটুপাত

বেটুপাত

Sunday, 15 October 2017

ক্ৰন্দসী হৃদয়


কাৰ হাতত ভৰ দি মই নীলা আকাশৰ তলত খোজ কাঢ়িব শিকিলো..! দেউতাৰ জপৰা কেঁকোৰা চুলিবোৰ ময়েই খামুচি সৰাই দিয়া মনত পৰে..! লাহে লাহে দৌৰিব পৰা হলো..! বাইদেউৰ দীঘল ফ্ৰকটো পিন্ধি কিমান বাৰ যে উজুতি খালো হিচাব নাই..! হাঁহিত উত্ৰাৱল হৈ পৰা দেউতাৰ মুখত আঙুলি সুমুৱাই দি ফেঁকুৰি কান্দো..!  পখিলা দেখুৱাই আৰু দেখুৱাই ডুবু ডুবু বেলিৰ ৰং ..!   কঁপি কঁপি থকা তামোল গছৰ  পাতলৈ এটি পাতল চৰাই উৰি যায়..! মই তেতিয়া নিশ্চুপ ..! হাত দুখনেৰে সাবটি ধৰো দেউতাক..! বুকুৰ মাজত সোমাই পৰো ..! মই হেৰাই যাওঁ অন্যতম ভাল লগাৰ সুখত..! বন্ধ চকু দুটা মোৰ দেউতাই আলফুলে লাৰি থাকে..! মই টোপনি যাওঁ পৃথিৱীৰ প্ৰথম সুখত..!
        শ্ৰদ্ধাৰ মা' ,
আপুনি হেৰাই যোৱাৰ পৰাই মোক দেউতাই অকলশৰীয়া কৰা নাই..! আপোনাৰ পৰা যিখিনি পালো হয় অন্তহীন মৰম ভালপোৱাৰ স্পৰ্শ সেই আটাইখিনি মই দেউতাৰ বুকুত মুখ গুজি গোটেই পৃথিৱীখনকে পাইছো..! আপুনি দুখঃ নকৰিব মা' মই ভালেই আছো..! মাত্ৰ কেতিয়াবা মনত পৰিলে অলপ চকু পানী বোৱাই দিও আপোনাৰ নামত..! দেউতাই তেতিয়া কি কৰে জানা মা'_
মোক বলিয়াৰ দৰে চুমা খাই ..! অহ্ দেউতাই মোক বলিয়াৰ দৰে চুমা খাই..! নেজানো আপোনাৰ সলনি মোক পোৱাৰ আনন্দ কিজানি   সেয়া..! আপোনাৰ আশাবোৰ আত্মাৰ লগত উৰি গৈছে নহ্ মা'..! আশাবোৰ জানো দেউতাৰ লগতেই আলোচনা কৰা নাছিলা..! দেউতা আছে নহয় চিন্তাৰ কাৰণ নাই..! মোৰ মুখখন দেখি দেউতাই জগত পাহৰে..! দেউতাৰ লগতে শোঁ মই..! তেওঁৰ উজাগৰী নিশাত মোক বুকুত সুমুৱাই লয়..! সুখত ডুবাই ৰাখে কষ্ট নিদিয়াকৈ ..!দেউতাই পুনৰ বিয়া 'হল এদিন কাৰোবাক কৈ আছিল অকৃত্ৰিম মৰম ভালপোৱা ওৰেটো জীৱন মোৰ ঋষভৰ মাতৃৰ লগত..! নতুনকৈ কোনোবা আহিলে তাইক মই পাহৰিব লাগিব..! মই পুনৰ বিয়া নহও..! চা' মা দেউতাই আজিও তোমাক ভাল পাই..! দেউতাৰ ভৰসা আজিকালি মই..! মোৰ লগৰবোৰে চিগাৰেট খোৱা আৰম্ভ কৰিছে..! ছোৱালী দেখিলে সুঁহুৰি বজাই..! মই হে নেজানো সেইবোৰ কৰিব একো..! মোক বেঙা বুলি জোকাই..! কিন্তু মা' মই দুৰ্দান্ত খেলুৱৈ  আজিকালি আহিবাচোন কেতিয়াবা পুৱতি নিশা সপোনত মই তোমাক ইচ্ছাৰ কথাবোৰ কম..!
চকু কপালত উঠাই সুধিবাচোন আৰু কি কি জান্
 সকলোবোৰ কম শপত ..! দেউতাৰ বয়স হৈছে আজিকালি নিৰ্জনতা বিচাৰি ফুৰে..! নিৰ্জনতা বিচাৰিলে কি হব..! আমাৰ যে জিমি, মনত আছে নে তোমাৰ তাই গৈ দেউতাৰ পিচফালে বহি লয় কু-কুঁৱাই..! দেউতাৰ সংগী বৰ্তমান জিমি আৰু মই ..! কেতিয়াবা দেউতাই গভীৰ চিন্তাত মগ্ন হৈ চিগাৰেট হুপি থাকে..!
        এদিন দেউতাৰ ডায়েৰীখন মেলি চোৱাত পাইছিলো ক্লিনিক আৰু চৰকাৰী হাস্পতাল..! মাক ভৰ্তি কৰিছিল চৰকাৰী হাস্পতালত ..! সেইদিনা বোলে ডাক্টৰ জন অহা নাছিল ..!
        দেউতাই এইটো কথা ভাবিব পাৰে মা'
ক্লিনিকত যদি তোমাক ভৰ্তি কৰিলে হয়
মই কিজানি আজিও তোমাক আমনি কৰিব পাৰিলো হয়
       মা' মা' বুলি ....


            
ইশান্ত প্ৰিয়ম গোস্বামী

No comments:

Post a Comment