বেটুপাত

বেটুপাত

Saturday, 14 October 2017

কোলাহলৰ এনিশা

আজি ৰাতি ৰাতি হৈ নাথাকিব

পৃথিৱীক আজি জোনৰ

প্ৰয়োজনেই বা ' !!

পোহৰৰ বাবে চিৰ লগৰী

জোনক এদিনৰ বাবে 'লেও

পাহৰি থাকিব আজি পৃথিৱীয়ে

ভয় লগা শব্দৰে আকাশ বতাহ

কপি উঠিছে

একে সময়তে কপি উঠিছে

বহুজনৰ বুকু যিজনে

এনে কাণতাল  মৰা শব্দত

হেৰুৱাইছে আপোনজনক

এনে কেইটামান শব্দতে

কৰোবাৰ দেহৰ মঙহ

কঠিয়া সিঁচাৰ দৰে

ছেদেলি ভেদেলি পৰি ৰৈছিল

পংগু হৈ পৰি থকাজনে

হয়তো অনুভৱ কৰিব সেই

কলাদিনৰ মুহূৰ্তবোৰ ৷৷

টকা আজি শব্দ হৈ আকাশত

উৰিছে

সেই মানৱ ,

এনে শব্দলৈ আমাৰ ভয় নাই ,

টকাৰ আমাৰ অভাৱ নাই,

কিন্তু ৰাস্তাত নিভয়ে পৰি থকা জনে

এসাঁজ যদি আমাৰ বাবে ভুকাতুৰে

থাকিব লগা নহয়,

তেতিয়া আমি সঁচাকৈ

ভাবিব পাৰিম,

আমি মানৱ ৷৷৷



নিৰঞ্জন চেতিয়া

No comments:

Post a Comment