বেটুপাত

বেটুপাত

Sunday, 15 October 2017

পাৰ হৈ অহা ধুমুহা এজাক


সুখী হব পৰা নাই মই
মইতো জনা নাছিলোঁ
      তোমাৰ প্ৰেমৰ সংজ্ঞা কিমান
       বুজিব নোৱাৰিলো মই তোমাৰ
                 প্ৰেমৰ পৰিভাষা......।।
সুখে নাজানে মোৰ
অসুখৰ ঠিকনা
চকুলো নদীত বাও জীৱনৰ পানচৈ........।।
  
 নিৰ্জনতাৰ শুকুলা নদীত
    মই কেনেকৈ ঠেলি দিওঁ
            প্ৰেমৰ পানচৈ....
পাৰ হৈ অহা ধুমুহা এজাক
     এদিন তুমি হাঁহি পোহৰাইছিলা
              মোৰ বিষন্নতাৰ দুচকুত।

নিঠৰ হৈ আকাশলৈ চাওঁ
 শূন্যতাৰ বুকুত ফুলি উঠে
     এবুকু নীলা বৰণীয়া  হুমুনিয়াহ
টুপ টুপ কৈ সৰি পৰে তোমাৰ
            প্ৰেমৰ অনুৰাগ,
                       আকুলতা।।

অনুভৱে কঢ়িয়াই আনিছে ...........
 
  তুমি সুধিছিলা,
         প্ৰেম যদি কিনিব পৰা হলে
    মই কৈছিলো,
          তোমাৰ ওচৰত 
                 বিক্ৰী হৈ গলো হেতেন।।
দুখবোৰ যদি বিক্ৰী হল হেতেন??
 মই কৈছিলো,
      তোমাৰ পৰা 
                        কিনি ললো হেতেন।
        কেনেকৈ ????
          জীৱনতো মৃত্যুৰ ওচৰত
       বন্ধকত থৈ।।।।

     আহ................................
হহোঁ নহাহোঁ কৈ,,     
ভাৱনাত কথা কৈ,,
আমনি নকৰিবানা মোক।।।
      দৰিদ্ৰ কবি মই...........
দুখৰ এন্ধাৰত বিপথে যোৱা
       বদনামী কবি মই.......
    সুখী হব পৰা নাই মই..........
        তথাপিও
 মোৰ প্ৰেমৰ কোঠালীত
        তোমাক সজাই ৰাখিম
           মধুস্মিতা।।।
তুমিয়েই মোৰ শূন্যতাৰ ৰঙেৰে
       অঁকা  এখন মনোৰম ছবি ।।
     মোৰ ভালপোৱা এলবামত
                 গোপনে ৰখা,
                         শকুন্তলাৰ ছবি।।
 
  
   মধুস্মিতা বড়া

   ডিব্ৰুগড়

No comments:

Post a Comment