বেটুপাত

বেটুপাত

Sunday, 15 October 2017

আকৌ অনামিকা

কিয়নো জানো মন যায় লিখিবলৈ.......

           আকৌ এটি ভঙা কবিতা |

মাথো মনটোৱে কয়

          'লিখছোন এটি ৰসাল প্রেমৰ কবিতা ||

নহয় মই কবি....

নাই দেখোন মোৰ কোনো  কাব্যিক মন...

তথাপিও অবিৰত প্রচেষ্টা

উকা কাগজত ,

          MAXWRITER  চিয়াহী অপচয় কৰি

লিখিবলৈ এটি ছন্দ বিহীন  নিভাজ কবিতা ||

ইয়াত প্রশ্নবোধক দি সোধচোন.....

কিয় শব্দবোৰে অলংকাৰ পিন্ধিব খোজিছে???

'বাচোন....!!!

তুমি অনামিকা নহয়তো???

    তুমিয়েই দেখোন.....

মোৰ উন্মাদ মনটিৰ চাবিকাঠি

তোমাৰ বাবেই মোৰ তলা লগাই থোৱা উকা আবেগখিনি

   কবিতা নামৰ নৈ খনিত ...

             শব্দ হৈ গা ধুইছেহি....||

অনামিকা...

এইযে,

আমনিদায়ক শব্দেৰে কবিতাৰ মালাডাল গাঁঠিছো..

অৱহেলা নকৰিবা আকৌ....

ইয়াকেই বৰমালা কৰি

      তোমাৰ ডিঙিত অলংকৃত কৰিম...

মাথো এবাৰ কৈ দিয়া

      " মই তোমাৰ কবিতাৰ প্রেমত পৰিছো"



পিংকু ৰাজখোৱা

গহপুৰ,বিশ্বনাথ

No comments:

Post a Comment