বেটুপাত

বেটুপাত

Sunday, 15 October 2017

হেৰুৱা দিনৰ গান


ভবা নাছিলো বাইশ বছৰৰ পিছত তাইক পুনৰ আজি এনেকৈ লগ পাম বুলি বয়স চল্লিছ ' মোৰ আৰু তাইহীন ভাবে পাৰ হল বাইশটা বসন্ত......উফ বৰ কষ্টকৰ আছিল ওঠৰ বছৰীয়া চঞ্চলা জনীৰ বাইশ বছৰ পুৰণি চেহেৰাটো আৰু বৰ্তমানৰটোৰ মাজত বিশেষ পাৰ্থক্য মই নেদেখিলো...মাথোঁ অলপ চুটি হল মই ভালপোৱা তাইৰ মেঘালী চুলিটাৰী সলনি মইহে হলো অনবৰত মুখৰ আগত নৃত্য কৰি থাকে চিগাৰেটৰ ধোঁৱা অথবা গোলাপী নিচাৰ সুগন্ধই বুকুৰ কোঠাত তলা লগাই দিলোঁ , "privecy only me" .. ক্ৰমশঃ আতৰি আহিলো সকলোৰে পৰা , আতৰি আহিছিলোঁ তাইৰ পৰা ওচৰত থাকিবলৈও কষ্ট হৈছিল আচলতে যাক ভালপোৱা যায় তাৰ ওচৰত বন্ধুত্বৰ অভিনয় কৰি থাকিবলৈ কষ্ট হয় দুবছৰ কৰিলো আৰু বন্ধুত্বৰ অভিনয়... আৰু নোৱাৰিলো কিমান দিন নিজৰ বুকুত নিজেই চুৰি মাৰি নিজেই মলম লগাম ভাবিছিলো দুবছৰ পাৰিলো যেতিয়া পাৰিম বন্ধু ভাবে থাকিব পৰীক্ষাৰ পাছৰ দিনকেইটা আৰু কষ্টকৰ হৈ গল তাইৰ পৰা আতৰি অহাৰ সিদ্ধান্ত ললো ক্ৰমশঃ প্ৰেমত পৰিলো আন্ধাৰ আৰু নিসংতাৰ

তাই ' দিল্লীলৈ পঢ়িবলৈ আৰু মই... মই আতৰি আহিলো তাইৰ পৰা গোপনে সলনি কৰিলো ফোন নম্বৰ, সলনি হল মোৰ ঠিকনা কোনো সংযোগ নোহোৱা হল তাইৰ লগত কব নোৱাৰিলো তাইক ভালপাওঁ বুলি, বুকুৰ ভিতৰতেই মৰহি গল ভালপোৱাৰ বীজ আতৰি আহিলো তাইৰ পৰা , বহু দূৰলৈ যত কেৱল আন্ধাৰ আৰু নিসংগতা এটা গ্লাছ আৰু এটা বটলৰ মাজতেই চলি আছিল মোৰ নিজা পৃথিৱীখন। চাকৰিৰ টকা আৰু এটা মানুহ, কিমান খাম! না ভৱিষ্যতৰ চিন্তা না বৰ্তমানৰ ৰাতিৰ নিচাত তাই ওলাই আহে বুকুৰ পৰা, নীৰৱে মোৰ কাষত বহে আৰু হঠাতেই নাইকিয়া হৈ যায় মাতাল দুচকুৰে চকুলো নিগৰে আন্ধাৰে আন্ধাৰে

আজি এবছৰ আগতে বুকুৰ বাওঁ ফালে বিষএটা আৰম্ভ হল দেখিও নেদেখা  কৰিছিলো প্ৰথমে ,, মাজ নিশা উজাই আহে বুকুৰ পৰা চকুলৈ ডাক্তৰৰ ওচৰলৈ গলো.. লেবৰটৰীৰ ৰিপোৰ্ট, মোৰ হাৰ্টত ঘাঁ হৈছে এটা অপাৰেচন আৰু মোৰ বুকুত এটা পেচমেকাৰ হস্পিতালৰ এটা কোঠাৰ অকলশৰীয়া আলহী হৈ থাকিলো অলপ দিন কোনো নাছিল কাষত মোৰ খবৰ লবলৈ, আছিল মাত্ৰ নিসংগতা

মদ খাব এৰি দিলো চিগাৰেটো বাদ দিলোঁ।  ঘাঁ টুকুৰা কিহৰ দ্বাৰা সৃষ্ট মই এতিয়াও গম নাপালো , অত্যাধিক মদ্যপান নে তাইৰ ৰোমন্থন।

আজি হঠাৎ তাইক লগ পালো নাহ হিন্দী চিনেমাৰ কায়দাত নহয় হাঃ হাঃ এইখন অসম , প্ৰথমেই খুন্দা খাম আৰু তাৰ পিছত গাল ৰঙা হব, দৰ্শক  টো আছেই ছবি আৰু বাস্তৱ বহুত পাৰ্থক্য আৰু তাতোকৈ বেছি পাৰ্থক্য আছে কল্পনা আৰু বাস্তৱত 

হয়তো বহুদিনৰ মূৰত আহিছে তাই অসমলৈ বোধহয় অকলে আহিছে মোৰ লগৰ এজন অহাৰ কথা আছিল চেন্নাইৰ পৰা....তাক আগবঢ়াই আনিব গৈছিলো বিমান বন্দৰলৈ   তাৰ বিমানৰ  সময় আছিল পিছবেলা 6.30 ভাবিছিলোঁ কাম নাই যেতিয়া বিমান বন্দৰতে সময়পাৰ কৰিম ওলাই গলো চুইফট খন লৈ বিমান বন্দৰলৈ বুলি 4.15 ক্ষন্তেক সময়ৰ পাছত দিল্লীৰ পৰা অহা বিমান  খন অৱৰোহণ কৰিলেহি এনেই বাহিৰলৈ আহি দেখিলো "ৰীতিক্ষা বৰুৱা" নেম প্লেট লৈ গাড়ীচালক এজন ৰৈ আছে নামটো দেখিয়ে তাইৰ চেহেৰাটোৱে মনৰ আগত আগা দেৱা কৰিব ধৰিলেহি কোন ৰীতিক্ষা বৰুৱা চোৱাৰ হেঁপাহ জাগি উঠিল। উত্তেজিত হৈ পৰিলোঁ মোৰ সকলো উৎকণ্ঠা  যতি পেলাই চকুত চানগ্লাছ লগাই উৰি ফুৰা  অশান্ত চুলি কেইডালক হাতেৰে পিছলৈ ঠেলি লাস্যময় খোজেৰে গাড়ীচালক জনৰ ওচৰ পালেহি তাই। হয় তাইয়ে, বাইশ বছৰৰ পিছত পুনঃ দেখিলো তাইক। অকণো সময় ব্যয় নকৰি তাইৰ ওচৰলৈ গলো। প্ৰথমেই তাইৰ কপাল খনলৈ চালোঁ সূৰ্যোদয়ৰ চিন স্পষ্ট এটা মিচিকিয়া হাঁহিৰে হাত খন আগবঢ়াই দিলোঁ কৰ্মৰদনৰ ভঙ্গীমাত। এজন অচিনাকীৰ লগত কৰ্মৰদন কৰিবলৈ তাই ইতস্তত বোধ কৰিছিল।  বাইশ বছৰে তাই সলনি হোৱা নাছিল ঠিকেই কিন্তু মই সলনি হৈছিলোঁ,,,,, কেনেকৈনো চিনিব তাই এমুখ দাড়িৰে সৈতে কলা ছছমা আৰু টুপী পৰিহিত মইটোক
: হেই চিনি পোৱা নাই নিকি মোক !
: নাই মই ঠিক ধৰিব পৰা নাই, আপুনি ...
: ভাৰ্ণিল আৰু ভাৰ্লিনাৰ মাক নহয় জানো আপুনি

তাই অলপ সময় মনে মনে ৰল আৰু চিঞৰি উঠিল--
: আৰে তই, ইমান বছৰৰ মূৰত, কি খবৰ ?
: ভালেই,, তোৰ ? অকলে যে ? স্বামী আৰু ভাৰ্ণিল আৰু ভাৰ্লিনা কত ?
: নাই ' , তুষাৰ এতিয়া ব্যস্ত ভাৰ্ণিল আৰু ভাৰ্লিনা তোৰ সপোন হৈয়ে ৰল। বাস্তৱত মোৰ কোলা শূণ্য
: মানে..
: একো নাই বল সৌ ৰেষ্টুৰেণ্ট খনত বহি কথা পাতো

তাই গাড়ীচালকক গাড়ীলৈ যাবলৈ ইঙ্গিতেৰে নিৰ্দেশ দিলে দুয়ো লাহে লাহে ৰেষ্টুৰেণ্ট অভিমুখে খোজ ললো শব্দহীন ভাবে

ভাৰ্ণিল আৰু ভাৰ্লিনা মোৰ সপোনৰ নাম আছিল ধেমালিতে তাইৰ লগত ভৱিষ্যতৰ সপোন দেখিছিলো। বিয়া পাতিম আৰু লৰা ছোৱালী হলে নাম ৰাখিম ভাৰ্ণিল-ভাৰ্লিনা
নিজেই নজনাকৈ ধেমালিবোৰৰ প্ৰতি মই লাহে লাহে গম্ভীৰ  হৈ গলো সপোনবোৰক লৈ সুখ লভিবলৈ ধৰিলো। কিন্তু বাস্তৱত......

দুয়ো আহি ৰেষ্টুৰা খনত বহিলোহি তাইয়ে আৰম্ভ কৰিলে -
[15/10, 1:11 PM] Kajol Priya: : এতিয়া তোৰ খবৰ ফেমিলিৰ ?
: হাঃ হাঃ ফেমিলি বুলিবলৈ কোনো নাই, অকলেই আছো
: কিয় বিয়া বাৰু ?
: ধুইট নাই কৰোৱা, ভাবিছো আৰু বিয়া নকৰাও
: কিয় ?

ৱেইটাৰ জনে দি যোৱা মেনু খন চাই দুকাপ গ্ৰীণ টি অৰ্ডাৰ কৰিলো আৰু কলো -

: চিগাৰেট আৰু সুৰাৰ লগত প্ৰেম হৈ গৈছিল সিও কলিজাটো খাই থৈ গুচি গল
: মানে ?
: পিছত কম, তোৰ ফেমিলি
: আছো আৰু মই তুষাৰ ব্যস্ত, মোৰ বাবে অলপো সময় নাই তাৰ ভাৰ্ণিল আৰু ভাৰ্লিনাৰ মাক হোৱাৰ সৌভাগ্য নহল
: আজি কলৈ ঘৰলৈ আহিছ নে ? - প্ৰসংগ সলাই মই সুধিলো।
: ঘৰলৈকে আহিছো
: মা দেউতাৰ খবৰ কি ?
: ভালেই, তোৰ
: কৈছোয়ে চোন মোৰ কোনো ফেমিলি নাই বুলি
: তই মোক ভালপাইছিলি - মোক আচৰিত কৰি তাই সুধিলে
: আজি কিয় সুধিলি হঠাতে
: মোৰ প্ৰশ্নৰ উত্তৰ দে
: পাইছিলো
: এতিয়া পাৱ
: ওহোঁ নাপাওঁ ,ভালপোৱা বোৰ দিবলৈ আৰু লবলৈ মোৰ জেগা নাই
: কি আঁকোৱা পকোঁৱা কথা কৈছ।
: কলিজা নাই, পেচমেকাৰেৰে কাম চলাই আছোঁ
: কি ? কি হৈছিল তোৰ
: প্ৰেম হৈছিল, সুৰা আৰু চিগাৰেটৰ লগত সিও আঁতৰি গল আজি এবছৰে মুখত দিয়া নাই
তাইৰ চকুযুৰি তিতি উঠিছিল হয়তো মোৰো
: কিয় নিজক শেষ কৰি পেলালি তই ? চিঞৰিছিল তাই 
: নাজানো কি হৈ গল - অনুচ্চ কণ্ঠেৰে ওলাই গল

তাই উচুপি উঠিছিল মোৰ বুকুত মূৰ থৈছিল সাৱটি ধৰিছিলো,,,অলপ সময়ৰ পিছত কৈছিলো-
: যা ঘৰলৈ ড্ৰাইভাৰজন আৰু ঘৰৰ মানুহ ৰৈ আছে
মোৰ বাহু বন্ধনৰ পৰা মুক্ত হৈ তাই গুচি গৈছিল এবাৰো উভটি চোৱা নাছিল। আন্ধাৰৰ বুকু ফালি চেন্নাইৰ পৰা অহা বিমান খনে ইতিমধ্যেই বৰঝাৰত অৱৰোহণ কৰিছিলহি


শ্ৰী হেমন্ত হাজৰিকা
লখিমপুৰ

8486320095

No comments:

Post a Comment