বেটুপাত

বেটুপাত

Sunday, 15 October 2017

মই জানো তুমি নাহা

মই জানো তুমি কেতিয়াও নাহা
তুমি নোৱৰা আহিব
সেই কথাও মই বুজো
তথাপি মানি ' নোৱাৰো
তুমি নোহোৱাৰ সত্য


শিৰৰ ৰঙা ফোট মচি পেলালো
বৈধব্যৰ বগা সাজ কৰিলো বৰন
তথাপি মানি ' নোৱাৰো
তুমি নোহোৱাৰ সত্য


মোৰ আজিও মনত আছে
আমাৰ ঘৰৰ পদূলিত
তুমি দিয়া সেই প্ৰথম খোজটো
সিদিনা আছিল ২২ডিচেম্বৰ

পূবেদি উদিত কিৰণ
লাহে লাহে পশ্চিমৰ আকাশত মাৰ গৈছিল
হালধীয়া সোনাৰু জোপাৰ তলেদি
দীঘলকৈ পদূলিটোৱেদি তুমি সোমাই আহিছিলা
আৰু যাবৰ পৰত,
এটা মিচিকিয়া হাঁহিটোৰে
মোলৈ এবাৰ ঘূৰি চাইছিলা


সেই সোনাৰু জোপা
আজিও একেই আছে জানা
প্ৰতি পূৱা,প্ৰতি গধুলী,
সেই নীল বৰণৰ পখীহাল আহি
আজিও একেটা ডালতে পৰেহি.
খন্তেক বিশ্ৰাম কৰি উৰি যায় পুনৰ দূৰ দিগন্তলৈ...



সেই যে তুমি মোক এৰি যোৱা,
মই আজিও একেই স্থানতেই আছো,
যি স্থানত তুমি মোক এৰি গৈছিলা


মই জানো তুমি নাহা
মই জানো তুমি কেতিয়াও নাহা
তুমি নোৱাৰা আহিব
সেই কথাও মই বুজো
তথাপি মানি ' নোৱাৰো
তুমি নোহোৱাৰ সত্য


 জাহ্নৱী বৰা


1 comment: